ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ই-কমিটিয়ে ইয়াৰ বিনামূলীয়া নাগৰিককেন্দ্ৰিক সেৱাৰ বাবে ১৪ টা ভাষাত (ইংৰাজী, হিন্দী, অসমী, বাংলা, গুজৰাটী, কানাড়া, খাচী, মালায়ালম, মাৰাঠী, নেপালী, ওড়িয়া, পাঞ্জাৱী, তামিল, তামিল, তেলেগু)‘ই-আদালত পৰিসেৱা ম’বাইল এপ’ সেৱাৰ বাবে মেনুৱেল মুকলি কৰিছে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ই-কমিটিয়ে ইতিমধ্যে মোকৰ্দমাকাৰী, নাগৰিক, উকীল, আইন প্ৰতিষ্ঠান, আৰক্ষী, চৰকাৰী সংস্থা আৰু অন্যান্য প্ৰতিষ্ঠানসমূহৰ গোচৰ/মোকৰ্দমাসমূহৰ সুবিধাৰ্থে ‘ই-আদালত পৰিসেৱা ম’বাইল এপ’ আৰম্ভ কৰিছে। ই-কমিটিৰ দ্বাৰা মুকলি কৰা ‘ই-ক’ৰ্টছ চাৰ্ভিচেছ ম’বাইল এপ’-ৰ ডাউনলোডৰ সংখ্যা এতিয়ালৈকে ৫৭ লাখ অতিক্ৰম কৰিছে।

উচ্চতম ন্যায়ালয়ৰ ই-কমিটিৰ চৰকাৰী ৱেবছাইট https://ecommitteesci.gov.in/service/ecourts-services-mobile-application/ৰ পৰা এই ম’বাইল এপ তথা ইংৰাজী আৰু অন্যান্য আঞ্চলিক ভাষাত মেনুৱেল ডাউনলোড কৰিব পৰা যাব।

উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ডঃ ধনঞ্জয় ৱাই চন্দ্রচূড়ে মেনুৱেলটিৰ বিষয়ে দাঙি ধৰি এই নাগৰিককেন্দ্রিক ম’বাইল এপ্লিকেশ্যনটোৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। তেওঁ কয়, উচ্চতম ন্যায়ালয়ৰ ই-কমিটিয়ে আইনৰ ক্ষেত্ৰত ডিজিটেল সংস্কাৰ অনাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে। বিগত এবছৰৰ অতিমাৰী সৃষ্ট লকডাউন আৰু জনস্বাস্থ্য ক্ষেত্ৰত উদ্বেগজনক পৰিস্থিতিত অফিচ, আদালত বন্ধ থকাৰ বাবে বিচাৰক আৰু আইনজীৱীসকলে এই উচ্চ প্রযুক্তিৰ জৰিয়তে সমস্যা সমাধানৰ পথ গ্রহণ কৰিবলৈ বাধ্য হৈ পৰিছে। দূৰৱর্তী স্থানৰ পৰা কাম কৰা, ভার্চুৱেল আদালত, ডিজিটেল কর্মস্থলী আৰু বৈদ্যুতিন মাধ্যমত গোচৰ পৰিচালনা আইনী পেছাত অবিচ্ছেদ্য অংগ হৈ পৰিছে। ই কেবল মাত্র এক অন্তৱর্তীকালীন ব্যৱস্থা হিচাপেই নহয়, বৰং আইনী ব্যৱস্থাক আৰু দক্ষ, অন্তর্ভুক্ত, গ্রহণযোগ্য আৰু পৰিৱেশগতভাবে সুস্থায়ী কৰাৰ বাবে প্রযুক্তি ক্ষেত্রত ৰূপান্তৰৰ এক অনন্য সুযোগ কঢিয়াই আনিছে।

বিচাৰ বিভাগৰ সচিব শ্রী বৰুণ মিত্রই এই মেনুৱেল সন্দৰ্ভত দাঙি ধৰাৰ লগতে আইনজীৱীসকলৰ বাবে এই এপৰ গুৰুত্বৰ কথা দোহাৰে। তেওঁ কয়, বিশ্বব্যাপী আইন ক্ষেত্রখন ডিজিটেললৈ ৰূপান্তৰ হৈছে। এইক্ষেত্রত ভাৰতে উল্লেখযোগ্য সাফল্য লাভ কৰিছে। বহুমাত্ৰিক প্ৰচেষ্টাৰ এক অবিচ্ছেদ্য অংগ হিচাপে কার্যকৰীভাৱে ই-আদালত পৰিসেৱা ম’বাইল এপৰ জৰিয়তে বৈদ্যুতিন মাধ্যমেৰে গোচৰ পৰিচালনা ব্যৱস্থাপনা ব্যাপকভাৱে প্ৰশংসিত হৈছে।

শ্রী মিত্রই উল্লেখ কৰে যে, এজন আইনজীৱীয়ে এই ব্যৱস্থাপনাৰ জৰিয়তে গোচৰৰ তথ্য জমা কৰা, গোচৰৰ অৱস্থান, শুনানিৰ সময়, বিচাৰকৰ সিদ্ধান্ত ইত্যাদি নানা বিষয় সম্পর্কে গুৰত্বপূর্ণ তথ্য জানিব পাৰিব । কোনোধৰণৰ ভৌগোলিক সীমা নোহোৱাকৈ ২৪ ঘণ্টাই বিনামূলীয়াকৈ ইয়াক ব্যবহাৰ কৰিব পৰা যাব। ই-আদালত পৰিসেৱা ম’বাইল এপটিত ডিজিটেল ডায়েৰীৰ বৈশিষ্ট্য আছে। ইয়াত আইনজীৱীসকলৰ পেছাদাৰী দক্ষতাৰ বিকাশ ঘটিব। বৈদ্যুতিন গোচৰ পৰিচালনা সঁজুলি(ইচিএমটি) সন্দৰ্ভত ব্যাপক সচেতনতা সৃষ্টি কৰা আৰু আইনজীৱীসকলক দুৱাৰদলিত সুবিধা উপলব্ধ কৰি দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ৰ ই-কমিটিৰ ই-আদালত পৰিসেৱা ম’বাইল এপৰ মেনুৱেল প্ৰকাশ কৰা কাৰ্যক এক প্ৰশংসনীয় পদক্ষেপ বুলি অভিহিত কৰে শ্ৰী মিত্ৰই।

আইনজীৱী, মামলা মোকৰ্দমাকাৰী, আইনী সংস্থা আদিয়ে ‘মাই কেচেছ’-ৰ অধীনত সকলো গোচৰৰ এক ডিজিটেল ডায়েৰী বজাই ৰাখিব পাৰিব। কোনো আইনজীৱীয়ে মামলা মোকৰ্দমাৰ বাবে এই ডিজিটেল ডায়েৰী ব্যৱহাৰ কৰিব পাৰিব। ‘মাই কেচেছ’ত, এজন লোকে তেওঁৰ ব্যক্তিগত গোচৰৰ তালিকা যোগ দিব পাৰে আৰু ই-আদালত পৰিসেৱা ম’বাইল এপ্লিকেচনৰ জৰিয়তে সকলো আপডেট লাভ কৰিব পাৰে।

সকলো ই-আদালত পৰিসেৱাসমূহ ই-আদালত ম’বাইল এপৰ সৈতেও আন্তঃসংযোগিত হৈছে।

বিভিন্ন স্থানত বিভিন্ন আদালতত একাধিক গোচৰ থকা মোকৰ্দমাকাৰী, ফাৰ্ম, কোম্পানী বা সংগঠনৰ বাবেও ই উপযোগী।

ই-আদালত ম’বাইল এপটো ভাৰতীয় আঞ্চলিক ভাষাতো উপলব্ধ।

অতিমাৰী পৰিস্থিতিত লোকসকলে প্ৰত্যক্ষভাৱে আদালতলৈ নগৈয়ো এই ই-আদালত ছাৰ্ভিচেছ ম’বাইল এপৰ জৰিয়তে গোচৰৰ তেওঁলোকৰ ম’বাইল ফোনৰ জৰিয়তে গোচৰৰ স্থিতি, আদালতৰ আদেশ, কাৰণ তালিকা ২৪ ঘণ্টাই বিনামূলীয়াকৈ সংগ্ৰহ কৰিব পাৰিব।

Source: PIB