কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি ক’ভিড-১৯ৰ বিৰুদ্ধে মোকাবিলা কৰাৰ বাবে আৰু নিয়ন্ত্ৰিত এলেকাৰ বাহিৰৰ অঞ্চলসমূহত পৰ্যায়ক্ৰমে গতিবিধিসমূহৰ পুনৰ মুকলি কৰাৰ বাবে নতুন নিৰ্দেশনাৱলী জাৰি কৰিছে৷ এই নিৰ্দেশনাৱলী ১ জুন ২০২০ তাৰিখৰ পৰা ৩০ জুন ২০২০ তাৰিখলৈ কাৰ্যকৰী হ’ব৷ পুনৰ মুকলিৰ এই পৰ্যায়ক আনলক ১ বুলি কোৱা হৈছে আৰু ইয়াত অৰ্থনৈতিক গুৰুত্ব প্ৰদান কৰা হ’ব৷ এই নিৰ্দেশনাৱলী ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ লগত আলোচনামৰ্মে প্ৰস্তুত কৰা হৈছেl নতুন নিৰ্দেশনাৱলীৰ মুখ্য বৈশিষ্টসমূহ লকডাউন নিয়ন্ত্ৰিত এলেকাসমূহৰ বাবে সম্পূৰ্ণভাৱে বলৱৎ থাকিব৷ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে ইয়াক স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি পালন কৰিব লাগিব৷ নিয়ন্ত্ৰিত এলেকাৰ বাহিৰৰ স্থানসমূহত থকা পূৰ্বৰ নিষেধাজ্ঞা বাতিল কৰা হ’ব৷ এই সংক্ৰান্তত স্বাস্থ্য মন্ত্ৰালয়ে এক মানসম্পন্ন কাৰ্যকৰী প্ৰক্ৰিয়া (এছঅ’পি) মুকলি কৰিছে৷ পৰ্যায় ১ (৮ জুন ২০২০ৰ পৰা মুকলি কৰাৰ অনুমতি দিয়া হৈছে) ধৰ্মীয় প্ৰতিষ্ঠান আৰু ৰাজহুৱা উপাসনাস্থল; হোটেল, ৰেষ্টুৰেণ্ট আৰু অন্যান্য আতিথ্য সেৱা শ্ব’পিং ম’ল স্বাস্থ্য মন্ত্ৰালয়ে ওপৰোক্ত কাৰ্যকলাপসমূহৰ বাবে কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগসমূহৰ সৈতে আলোচনাৰ ভিত্তিত এছঅ’পি জাৰি কৰিব৷ পৰ্যায় ২ বিদ্যালয়, মহাবিদ্যালয়, শৈক্ষিক প্ৰতিষ্ঠানসমূহ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ সৈতে হোৱা আলোচনাৰ ভিত্তিত মুকলি কৰা হ’ব৷ ষ্টেকহ’ল্ডাৰসকলৰ পৰা গ্ৰহণ কৰা প্ৰতিক্ৰিয়াসমূহৰ ভিত্তিত এই প্ৰতিষ্ঠানসমূহ জুলাই, ২০২০ত পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷ এই প্ৰতিষ্ঠানসমূহৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ে এছঅ’পি প্ৰস্তুত কৰিব৷ সমগ্ৰ দেশতে কিছুমান সীমিত সংখ্যক গতিবিধিত নিষেধাজ্ঞা বাহাল থাকিব আন্তৰ্জাতিক বিমান যাত্ৰা মেট্ৰ’ ৰেল চিনেমা হ’ল, জিমনেছিয়াম, ছুইমিং পুল, মনোৰঞ্জন উদ্যান, থিয়েটাৰ, বাৰ আৰু প্ৰেক্ষাগৃহ, সন্মিলন কক্ষ সামাজিক/ৰাজনৈতিক/ক্ৰীড়া/মনোৰঞ্জন/শৈক্ষিক/সাংস্কৃতিক/ধৰ্মীয় কাৰ্যসূচী ওপৰোক্ত গতিবিধিসমূহৰ মুকলিৰ তাৰিখ পৰ্যায় ৩ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷ ব্যক্তি আৰু সামগ্ৰীৰ নিষেধাজ্ঞাবিহীন চলাচল আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ বাহিৰত ব্যক্তি আৰু সামগ্ৰীৰ চলাচল৷ এনে চলাচলৰ বাবে কোনো পৃথক অনুমতিৰ প্ৰয়োজন নাই৷ কিন্তু কোনো ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশে যদি পৰিস্থিতি সাপেক্ষে চলাচল নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰে তেন্তে এই জাননী আগতীয়াকৈ প্ৰকাশ কৰা হ’ব৷ নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বাহাল থাকিব৷ ক’ভিড-১৯ ব্যৱস্থাপনাৰ বাবে ৰাষ্ট্ৰীয় নিৰ্দেশাৱলী বাহাল থাকিব৷ নিয়ন্ত্ৰিত এলেকাৰ বাহিৰৰ গতিবিধিসমূহ ৰাজ্যই পৰিস্থিতি সাপেক্ষে সিদ্ধান্ত গ্ৰহণ কৰিব৷ ৬৫ বছৰ বয়সৰ ঊৰ্ধৰ ব্যক্তি, গৰ্ভৱতী মহিলা আৰু ১০ বছৰৰ তলৰ শিশুসকলক ঘৰতে থকাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে৷ ভাৰত চৰকাৰে মুকলি কৰা আৰোগ্য সেতু এপ ব্যৱহাৰৰ বাবে বিভিন্ন প্ৰাধিকৰণক উৎসাহিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে৷ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা চাবলৈ ইয়াত ক্লিক কৰক