ভাৰত চৰকাৰে মণিপুৰৰ ৰাজ্যপালৰ অধ্যক্ষতাত মণিপুৰত শান্তি সমিতি গঠন কৰিছে। সমিতিৰ সদস্যসকলৰ ভিতৰত আছে মুখ্যমন্ত্ৰী, ৰাজ্য চৰকাৰৰ কিছুসংখ্যক মন্ত্ৰী, সাংসদ, বিধায়ক আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতা। সমিতিত প্ৰাক্তন অসামৰিক সেৱক, শিক্ষাবিদ, সাহিত্যিক, শিল্পী, সমাজকৰ্মী আৰু বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধিও অন্তৰ্ভুক্ত আছে। সমিতিৰ অধিকাৰ ক্ষেত্ৰ (mandate) ৰাজ্যৰ বিভিন্ন জাতীয় সংগঠনৰ মাজত শান্তি প্ৰক্ৰিয়াক সুগম কৰাটো হ'ব, য'ত শান্তিপূৰ্ণ বাৰ্তা আৰু পৰস্পৰ বিৰোধী পক্ষসমূহ/সংগঠনৰ মাজত বাৰ্তালাপ অন্তৰ্ভুক্ত। সমিতিয়ে সামাজিক সমন্বয় আৰু পাৰস্পৰিক বুজাবুজি মজবুত কৰা আৰু বিভিন্ন জাতীয় সমুদায়ৰ মাজত সৌহাৰ্দ্যপূৰ্ণ মনোভাব সুগম কৰিব লাগিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে ২৯ মে' ২০২৩ৰ পৰা ১ জুন ২০২৩ৰ সময়ছোৱাত মণিপুৰ ৰাজ্য ভ্ৰমণ কৰিছিল আৰু পৰিস্থিতিৰ বুজ লোৱাৰ পাছত শান্তি সমিতি গঠনৰ কথা ঘোষণা কৰিছিল। Source: PIB