প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ প্ৰাকৃতিক সম্পদসমূহৰ সুপৰিকল্পিত, বিজ্ঞানভিত্তিক ব্যৱহাৰৰ দ্বাৰা ইয়াৰ সুৰক্ষা নিশ্চিত কৰা আৰু ধ্বংসপ্ৰাপ্ত সম্পদসমূহৰ পুনৰুদ্ধাৰৰ ব্যৱস্থা কৰাকে প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ বোলে। ১৯৪৮ চনত প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে আন্তৰ্জাতিক সংস্থা গঠন হয়। সংৰক্ষণৰ লক্ষ্য আৰু উদ্দেশ্য প্ৰাকৃতিক সম্পদৰ যোগ্য আৰু বিজ্ঞানসন্মত সদ্-ব্যৱহাৰৰ যোগেদি পৰিৱেশক সুস্থ আৰু স্বাৱলম্বী কৰা। সুপৰিকল্পিত ব্যৱহাৰ তথা সংৰক্ষণৰ যোগেদি প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখা। প্ৰকৃতিৰ বুকুত থকা বিৰল প্ৰজাতিৰ প্ৰাণী তথা উদ্ভিদসমূহৰ অস্তিত্ব ৰক্ষা কৰা। প্ৰাকৃতিক সম্পদৰ সুস্থ ব্যৱহাৰৰ মানৱ সমাজৰ কল্যাণ আৰু দেশৰ অৰ্থনৈতিক বুনিয়াদ সুদৃঢ় কৰা। উত্পাদন আৰু ব্যৱহাৰ সামঞ্জস্য বজাই ৰখা। বন্যপ্ৰাণীৰ স্বভাৱ, বাসস্থান, খাদ্যাভ্যাস ইত্যাদি সম্পৰ্কে জ্ঞান লাভ কৰা। বায়ু, পানী আৰু মাটিৰ সংৰক্ষণৰ জৰিয়তে পৃথিৱীক সংৰক্ষিত কৰা। শক্তিৰ বৈকল্পিক উৎসৰ অনুধাৱন কৰি খনিজ শক্তিৰ সংৰক্ষণ কৰা। যান-বাহন, ৰন্ধন তথা আনক্ষেত্ৰত সৌৰশক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা। কৃষি কাৰ্যত জৈৱিক সাৰ ব্যৱহাৰ কৰা। বহল ভিত্তিত বৃক্ষৰোপণৰ জৰিয়তে গোলকীয় উষ্ণতা কমোৱা। পানীৰ অপব্যৱহাৰ ৰোধ কৰা। বনানীকৰণৰ জৰিয়তে উদ্ভিদ আৰু প্ৰাণীকুল ৰক্ষা কৰা। বিপন্ন প্ৰজাতিসমূহক ৰক্ষণা-বেক্ষণ দিয়া। ভূমিস্খলন ৰোধ কৰা। অপ্ৰয়োজনীয়ভাৱে গছ কটা আৰু চিকাৰ কৰা নিবাৰণ কৰা। উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ উদ্ভিদ আৰু প্ৰাণীকুল আৰু সিহঁতৰ আৱাসস্থল ৰক্ষা কৰিবৰ বাবে সংৰক্ষিত অঞ্চলক অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, জীৱমণ্ডল সংৰক্ষিত অঞ্চল হিচাপে আছুতীয়াকৈ ৰখা হৈছে। গছ-ৰোপণ, কৃষিকৰ্ম, গৰু-ম’হ চৰোৱা, গছ কটা, চিকাৰ কৰা আৰু চোৰাং চিকাৰ আদি তাত নিষিদ্ধ। অভয়াৰণ্য প্ৰাণীসমূহক আৰু সিহঁতৰ আৱাসস্থলীৰ কোনো ধৰণৰ ক্ষতি সাধন নকৰাকৈ সুৰক্ষা প্ৰদান কৰা অঞ্চল। ৰাষ্ট্ৰীয় উদ্যান ই বন্যপ্ৰাণীৰ এনে এডোখৰ সুৰক্ষিত অঞ্চল, য’ত প্ৰাণীসমূহে স্বাধীনভাৱে বাস কৰি অঞ্চলটোৰ প্ৰাকৃতিক সমলবোৰ ব্যৱহাৰ কৰিব পাৰে। জীৱমণ্ডল সংৰক্ষিত অঞ্চল বন্যপ্ৰাণী, উদ্ভিদ আৰু প্ৰাণীজাত সম্পদসমূহৰ লগতে সেইবোৰ অঞ্চলত বাস কৰা জনজাতিসকলৰ পৰম্পৰাগত জীৱন শৈলী সংৰক্ষণ কৰিবলৈ সুৰক্ষা প্ৰদান কৰা ভূ-অঞ্চল। বিপন্ন প্ৰজাতি আৰু সিহঁতৰ সংৰক্ষণ যিবোৰ প্ৰাণী আৰু উদ্ভিদৰ প্ৰজাতি একেবাৰে বিলুপ্তিৰ সীমাত বা বিলুপ্তিৰ একেবাৰে কাষ পাইছেগৈ তেনেকুৱা জীৱৰ প্ৰজাতিকে বিপন্ন প্ৰজাতি বোলে। প্ৰাণীৰ বিলুপ্তি সংঘটিত হয় বহুতো কাৰণৰ বাবে, তেনেকুৱাবিলাক হ’ল- অৰ্থনৈতিক লাভৰ বাবে প্ৰাকৃতিক বাসস্থানৰ ধ্বংস কৰা। বিচাৰ-বিবেচনা নকৰাকৈ বন্যপ্ৰাণী ধ্বংস কৰা। কৃষি, উদ্যোগ, ৰাস্তা, ৰেলগাড়ী ইত্যাদি বঢ়োৱাৰ বাবে। বন্যপ্ৰাণী বাস কৰা বাসস্থানত অবৈধভাৱে মানুহে বসবাস কৰা। প্ৰদূষণেও বন্যজীৱৰ বিপদৰ সৃষ্টি কৰে। সংৰক্ষণৰ পদ্ধতি সংৰক্ষণৰ দৃঢ় নীতি প্ৰৱৰ্তন কৰি। জনসাধাৰণৰ মাজত বন্যজীৱৰ আৱশ্যকীয়তাৰ ওপৰত সজাগতা সৃষ্টি কৰি। প্ৰাণীৰ বিপন্ন প্ৰজাতিক চিনাক্তকৰণ কৰা উচিত আৰু সিহঁতৰ প্ৰাকৃতিক বাসস্থান সংৰক্ষণ কৰা উচিত। বিমোহিত প্ৰজননৰ জৰিয়তে জীৱৰ সংখ্যা বৃদ্ধি কৰি। বায়’স্ফিয়াৰ ৰিজাৰ্ভ বা গেম চেংচুৱেৰী সৃষ্টি কৰি। চিকাৰ কৰাটো দৃঢ়ভাৱে বন্ধ কৰি, চিকাৰীক অতি কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰি। কিছুমান ভাবুকিগ্ৰস্ত বন্যপ্ৰাণী: যেনে কৃষ্ণ মৃগ, বগা চকুৱা-ছাগলী, হৰিণ, হাতী, সোণালী মেকুৰী, গোলাপী মূৰীয়া হাঁহ, ঘঁৰিয়াল, জলাহৰ ঘঁৰিয়াল, অজগৰ, গঁড় ইত্যাদিবাৰক আমাৰ অভয়াৰণ্যবোৰত ৰক্ষণা-বেক্ষণ দিয়াৰ লগতে সংৰক্ষণ কৰা হৈছে। পৰ্ণপাতী অৰণ্য, পৰ্বতীয়া অৰণ্য, ঘাঁহনি আৰু ডাঙৰ নদী ব-দ্বীপৰে সৈতে ভাৰতীয় অভয়াৰণ্যসমূহৰ দৃশ্য মনোৰম। অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান নাম এলেকা বৰ্গ কিঃমিঃ মুখ্য আকৰ্ষণ জিলা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৮৫৮.৯৮ গঁড়, বাঘ, হাতী, হলৌবান্দৰ, ভালুক, বনৰীয়া ম’হ, দল হৰিণ, বনৰীয়া গৰু, শিহু, উদ গোলাঘাট, নগাঁও মানাহ ৰাষ্ট্ৰীয় উদ্যান ৫০০.০০ বাঘ, বনৰীয়া ম’হ, হাতী, সোণালী বান্দৰ, উলুমৰা, খাগৰি কটা শহা, বনৰীয়া গৰু, ৰাং কুকুৰ বাগছা আৰু চিৰাং ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৩৪০.০০ বন ঘৰচীয়া ঘোঁৰা, দেওহাঁহ, বনৰীয়া ম’হ, ভেৰ পিতনি তিনিচুকীয়া নামেৰী ৰাষ্ট্ৰীয় উদ্যান ২০০.০০ বাঘ, দেওহাঁহ, চাৰি প্ৰজাতিৰ ধনেশ, পিঠিয়া মাছ শোণিতপুৰ ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান ৭৮.৯৫ গঁড়, বাঘ, উলুমৰা, উদ, মালজুৰীয়া হাতী দৰং বন্যপ্ৰাণী অভয়াৰণ্য গৰম পানী ৬.০৫ হাতী, গৰম পানীৰ উহ কাৰ্বি আংলং লাওখোৱা ৭০.১৩ হাতী, বাঘ, উলুমৰা, বনৰীয়া ম’হ, নগাঁও বৰনদী ২৬.২২ খাগৰি কটা শহা, নলগাহৰি, হাতী, বাঘ ৰাজ ধনেশ, ৰাং কুকুৰ, ম’ৰা চৰাই দৰং চক্ৰশিলা ৪৫.৫০ সোণালী বান্দৰ, বনৰীয়া গৰু, সুগৰি পহু, শৰ পহু কোকৰাঝাৰ বুঢ়া চাপৰি ৪৪.০৬ হাতী, জলচৰ পক্ষী, বাঘ, উলুমৰা, বনৰীয়া ম’হ, শোণিতপুৰ পানী দিহিং ৩৩.৯৩ পৰিভ্ৰমী চৰাই, সাময়িক ভ্ৰমৰত হাতী, জলাহ শিৱসাগৰ হোলোংপাৰ গিবন ২০.৯৮ সাত প্ৰজাতিৰ বান্দৰ (হলৌ বান্দৰ, নেজহীন সেন্দুৰীয়া বান্দৰ, টুপিমূৰীয়া বান্দৰ, গাহৰি নেজীয়া বান্দৰ, মলুৱা বান্দৰ, লাজুকি বান্দৰ, সাধাৰণ বান্দৰ), হাতী, নাহৰফুটুকী বাঘ যোৰহাট পবিতৰা ৩৮.৮০ গঁড়, পৰিভ্ৰমী চৰাই, নাহৰফুটুকী বাঘ, সুগৰি পহু কামৰূপ সোণাই-ৰূপাই ২২০.০০ দেওহাঁহ, হাতী, বাঘ, বনগৰু, ৰাং কুকুৰ, শৰ পহু শোণিতপুৰ ভেৰজান-বৰজান পদুমণি ৭.২২ হলৌ বান্দৰ, টুপিমূৰীয়া বান্দৰ, গাহৰি নেজীয়া বান্দৰ, লাজুকি বান্দৰ, সাধাৰণ বান্দৰ, নাহৰফুটুকী বাঘ তিনিচুকীয়া পূৱ কাৰ্বি আংলং ২২২.০০ বনগৰু, হাতী, বাঘ, হলৌবান্দৰ, টুপিমূৰীয়া বান্দৰ, ধনেশ, শৰ পহু, সুগৰি পহু, বন মেকুৰী কাৰ্বি আংলং নামবৰ ৩৭.০০ বনগৰু, হাতী, বাঘ, হলৌবান্দৰ, টুপিমূৰীয়া বান্দৰ, ধনেশ, শৰ পহু, সুগৰি পহু, বন মেকুৰী কাৰ্বি আংলং মৰত লংৰী ৪৫১.০০ বাঘ, নাহৰফুটুকী বাঘ, বনগৰু, হাতী, হলৌবান্দৰ কাৰ্বি আংলং নামবৰ দৈগুৰুং ৯৭.১৫ বনগৰু, হাতী, বাঘ, হলৌবান্দৰ, টুপিমূৰীয়া বান্দৰ, ধনেশ, শৰ পহু, সুগৰি পহু, বন মেকুৰী গোলাঘাট আমচাং ৭৮.৬৪ হাতী, বনগৰু, নাহৰফুটুকী বাঘ, টুপিমূৰীয়া বান্দৰ, বন মেকুৰী, লাজুকী বান্দৰ, হলৌ বান্দৰ কামৰূপ দিহিং পাটকাই ১১১.১৯ বৰ্ষাৰণ্য, হলৌ বান্দৰ, হাতী, দেওহাঁহ, বাঘ, ধনেশ পক্ষী তিনিচুকীয়া বৰাইল ৩২৬.২৫ পাহাৰীয়া ছাগলী, হিমালয়ৰ ক’লা ভালুক, হলৌ বান্দৰ, চছমা পিন্ধা বান্দৰ কাছাৰ বৰদৈবাম বিলমুখ ১১.২৪ পৰিভ্ৰমী চৰাই, পানী কাউৰী কাৰ্বি আংলং দিপৰবিল ৪.১৪ মাছৰোকা, পৰিভ্ৰমী চৰাই কামৰূপ ৰেড ডেটা বুক ৰেড ডেটা বুক হৈছে সকলো বিপন্ন প্ৰায় প্ৰাণী উদ্ভিদৰ তথ্য থকা এখন সমল পুথি। উদ্ভিদ, প্ৰাণী আৰু আন প্ৰজাতিৰ বাবে বেলেগ বেলেগ ৰেড ডেটা বুক আছে। ১৯৪৮ চনত গঠিত প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ আন্তৰ্জাতিক সংস্থায়ে যাৰ মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডত আছে এই ৰেড ডেটা বুকখন প্ৰকাশিত কৰি আহিছে। বন্যপ্ৰাণীৰ অবলুপ্তিৰ কাৰণ উদ্যোগ-কাৰখানা আৰু মানুহৰ বসতি স্থাপনে বনাঞ্চলৰ পৰিমাণ হ্ৰাস কৰিছে। বায়ু, মাটি আৰু পানী প্ৰদূষণৰ ফলত বহুতো আপুৰুগীয়া প্ৰাণী আৰু উদ্ভিদ বিলুপ্ত হৈছে। কাঠ সংগ্ৰহ আৰু জুম খেতিৰ বাবে বনাঞ্চল ধ্বংস। বাঘ, সিংহ, হাতী, গঁড় আৰু বিভিন্ন প্ৰজাতিৰ চৰাই আদিৰ চিকাৰে প্ৰজাতিসমূহৰ বিলুপ্তিৰ পথত আগবাঢ়িছে। প্ৰাকৃতিক সম্পদৰ অতি বেছি ব্যৱহাৰ। বন্যপ্ৰাণীৰ ছাল, নোম, দাঁত, খৰ্গ আদিৰ চোৰাং ব্যৱসায়। মানুহৰ অন্ধবিশ্বাস আৰু প্ৰকৃত জ্ঞানৰ অভাৱ। কেইটামান বিপদাপন্ন প্ৰজাতি (১) সিংহ নেলীয়া বান্দৰ। (২) নীলগিৰি লেংগুৰ। (৩) ক্লাইডেড নাহৰফুটুকী বাঘ। (৪) বৰফত থকা নাহৰফুটুকী বাঘ। (৫) হিমালয়ৰ ভালুক। (৬) ৰেড পাণ্ডা। (৭) মাস্ক হৰিণ। (৮) ভাৰতীয় ৰক পাইথন। (৯) এছিয় বনৰীয়া গাধ। (১০) সিংহ। (১১) ঘঁৰিয়াল। অসমৰ কেইটামান বিপদাপন্ন প্ৰজাতি (১) এশিঙীয়া গঁড়। (২) সোণালী বান্দৰ। (৩) নলগাহৰি। (৪) হেছপিড হেয়াৰ। (৫) হলক গিবন। (৬) এছিয় হাতী। (৭) ঢেকীয়াপতীয়া বাঘ। (৮) পেংগ’লিন। (৯) বনৰীয়া ম’হ। (১০) ম’ৰা চৰাই। (১১) ধনেশ পক্ষী। (১২) অজগৰ সাপ। ব্যাঘ্ৰ প্ৰকল্প (টাইগাৰ প্ৰজেক্ট) ১৯৫২ চনত ভাৰতত প্ৰথমতে ব্যাঘ্ৰ সংৰক্ষণ পৰিষদ গঠিত হয় যদিও এই পৰিষদে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত আশানুৰূপ ফল প্ৰদৰ্শন কৰিব নোৱাৰাৰ ফলত কেন্দ্ৰীয় আৰু ৱৰ্ল্ড ৱাইড ফাণ্ডৰ অৰ্থ সাহায্যত ১৯৭৩ চনত ভাৰতত ‘ব্যাঘ্ৰ প্ৰকল্প’ প্ৰৱৰ্তন কৰা হয়। গোটেই ভাৰতৰ ৯ টা অঞ্চল ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্ভুক্ত কৰা হয়। এইবোৰ হ’ল- পশ্চিমবংগৰ সুন্দৰবন, অসমৰ মানস, কৰ্ণাটকৰ বন্দীপুৰ, মধ্যপ্ৰদেশৰ খানা, মহাৰাষ্ট্ৰৰ মেলঘাট, ৰাজস্থানৰ ৰনথমভোৰ, বিহাৰৰ পালমৌ, উৰিষ্যাৰ ছিমলিপাল আৰু পশ্চিমবংগৰ নামখানা ৰেঞ্জ। অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ ২৮৩.৭ বৰ্গ কিলোমিটাৰ অঞ্চল অন্তৰ্ভুক্ত কৰি ১৯৭৩ চনৰ ১ এপ্ৰিলৰ পৰা ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰি বাঘৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। ২০১০ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছে। খাদ্য জীৱৰ বৃদ্ধি আৰু শক্তি উত্পাদনৰ বাবে যিবোৰ পদাৰ্থৰ প্ৰয়োজন হয় তাকে খাদ্য বোলে। খাদ্যৰ পাচন হয়। সকলো খাদ্যই হ’ল পৰিপুষ্টি দ্ৰব্য। প্ৰাণীয়ে সিহঁতৰ প্ৰয়োজনীয় খাদ্য পৰিৱেশৰ পৰা পায়। দেহৰ বৃদ্ধি আৰু বিকাশ তথা শক্তি যোগান আৰু বিপাকীয় কাৰ্য নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰয়োজনীয় খাদ্যৰ উপাদানকেইটা হ’ল- কাৰ্ব’হাইড্ৰেট, প্ৰ’টিন, স্নেহ পদাৰ্থ, খনিজ লৱণ, ভিটামিন আৰু পানী। এটা মাত্ৰ শৰ্কৰাৰে গঠিত সৰলতম কাৰ্ব’হাইড্ৰেট হ’ল এক শৰ্কৰা। যেনে- গ্লুক’জ, ফ্ৰুক্ট’জ। দুটাৰ পৰা দহটা এক শৰ্কৰাৰ গোটেৰে গঠিত হ’ল স্বল্প শৰ্কৰা। যেনে- চুক্ৰ’জ, মাল্ট’জ। বহু শৰ্কৰা হ’ল অসংখ্য এক শৰ্কৰাৰ দ্বাৰা গঠিত কাৰ্ব’হাইড্ৰেট। যেনে- শ্বেতসাৰ, চেলুল’জ, গ্লাইক’জেন। প্ৰাণীৰ পৰিপুষ্টিৰ স্তৰকেইটা হ’ল- খাদ্য গ্ৰহণ, পাচন, শোষণ, আত্মীয়কৰণ আৰু বৰ্জন বা নিষ্কাশন। প্ৰটিনবোৰ অসংখ্য এমিন এচিডৰ অণুৰে গঠিত। ই হ’ল দেহৰ কলা গঠনকাৰী প্ৰধান উপাদান। স্নেহ পদাৰ্থই শৰীৰত সঞ্চিত খাদ্য হিচাপে জমা হৈ থকাৰ উপৰি দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে। খনিজ লৱণ দেহত অতি প্ৰয়োজনীয় জৈৱ উপাদান। খনিজ লৱণে দেহৰ বিপাকীয় কাৰ্যত অংশগ্ৰহণ কৰে। ভিটামিনবোৰ জীৱদেহত অতি প্ৰয়োজনীয় জৈৱ যৌগ। ছয় প্ৰকাৰৰ ভিটামিন হল- এ, বি, চি, ডি, ই আৰু কে। ভিটামিনৰ অভাৱত শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি হয়। ভিটামিন এ-ৰ অভাৱত কুকুৰীকণা, জেৰপথেলমিয়া ৰোগ, বি-ৰ অভাৱত বেৰি বেৰিক পেলেগ্ৰা ৰোগ, চি-ৰ অভাৱত স্কাৰ্ভি আৰু ডি-ৰ অভাৱত পয়ালগা ৰোগ হয়। উৎস: টেট গাইড বুক, অসম, ২০১১।