স্থান : ঘৰ, বাহিৰ গোটৰ আকাৰ : ২ বা ৩ যোগাৰ : মিচিৰিৰ গুৰি বা চেনি উদ্দেশ্য কিহত পৰুৱা বেছিকৈ আহে চাবলৈ ভিন ভিন ঠাইত খোৱা বস্তু দি পৰীক্ষা চলোৱা। কি কৰিব ছাত্ৰ ছাত্ৰী সকলক পৰুৱা থকা এটুকুৰা ঠাই চাই ল’ব দিয়ক। তাতে বেলিৰ ভাল পোহৰ পৰা ঠাই এটুকুৰা আৰু ছাঁ পৰা ঠাই এটুকুৰা নিৰ্বাচন কৰক। দুয়ো ঠাইতে অলপ অলপ গুৰি মিচিৰি বা চেনি দি থওক। চাব যাতে দুয়ো টুকুৰা ঠাই পৰুৱাৰ গাঁতৰ পৰা সমদুৰত হয়। অলপ ৰওক আৰু পৰুৱাবোৰ ক’ত জমা বান্ধে চাওক। কি দেখে তেওঁলোকে টুকি থ’ব। যেতিয়া পৰুৱাবোৰ জাক পাতি আহিব ধৰে, তেতিয়া মিচিৰি/চেনি খিনিৰ চাৰিওফালে এটা লোৰ কাটি দিব দিয়ক। কি হয় মন কৰক। ইয়াৰ পিচত ভিন ভিন ঠাইত মিচিৰি/চেনি ৰাখক – মাটিৰ পৰা ওপৰত, গছৰ পৰা পাতেৰে মেৰিয়াই ওলোমাই আদি। তেনে ঠাইবোৰলৈ পৰুৱা যায় নে নেযায় চাওক। দুটা পিয়লাত কিছু চেনি লওক আৰু দুখন থালত থওক। তাৰে এখন পানীৰে ভৰাই লাওক। এতিয়া কি হয় চাওক। পৰিৱৰ্তন/পৰিবৰ্ধন পোক পৰুৱাৰ পৰা খোৱা বস্তু কেনেকৈ বচাই ৰাখিব? উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।