স্থান : শ্ৰেণিই, ঘৰ, বাহিৰ গোটৰ আকাৰ : গাইগুটীয়া সময় : ৩০ মিনিট যোগাৰ : ৫০-৬- টা মান খালি জুইবাহ পূৰ্ৱাৱশ্যকতা : গণনাৰ সাকৰ্থ্য, সৰুসুৰা হাতৰ কামৰ যোগ্যতা, ফাক দিয়াৰ অৰ্থৰ জ্ঞান উদ্দেশ্য ক্ৰমোৰ্ধ বিন্যাসৰ বিষয়ে জ্ঞান। কি কৰিব ছাত্ৰ ছাত্ৰী সকলক তলত কোৱাৰ দৰে কৰিব কওক : খালি জুই বাহবোৰ লোৱা আৰু তাৰে এটা দৌল সাজা। দৌল কেবা ধৰণে সাজিব পাৰিবা (তোমালোকে নিজে নিএ সাজি চোৱা)। দৌল সজা হ’লে তেওঁলোকক মন কৰিব কওক : কেইশাৰী জুইবাহ লাগিছে? প্ৰতিশাৰীত কিমানটীকৈ জুইবাহ আছে? প্ৰতিশাৰী এটা এটা স্তৰ আৰু প্ৰতিটো জুইবাহে তাৰ একো একোটা ‘একক’ বা ‘উপাদান’। তুম ই সজা এই ‘পিধান’ (structure)টোত একেবাৰে ওপৰৰ স্তৰত এটা মাত্ৰ উপাদান আছে আৰু যিমান তললৈ নামা সিমানে উপাদানৰ সংখ্যা বাঢ়ি যাব। একেবাৰে উচ্চ আৰু নিম্ন স্তৰ দুটাৰ বাহিৰে প্ৰতিটো স্তৰৰ উপাদানেৰে তাৰ ওপৰৰ আৰু তলৰটো স্তৰৰ সৈতে সংযোগ আছে। এনে লক্ষণ ৱিশিষ্ট ‘পিধান’কে ক্ৰমোৰ্ধ ক্ৰমোন্নত বিন্যাস বোলো। তোমাৰ পিধান্টোৰ পৰা অতি সাৱধানে এটা জুইবাহ গুচাই দিয়া, চাবা যাতে ইয়াৰ চাৰিও ফালৰ কোনোটো জুইবাহ লৰচৰ নহয়। সেই স্তৰৰ ওপৰৰ পিধানত কি ঘটিব? পিধানটো পুনৰ সাজা আৰু আন এটা জুইবাহ গুচোৱা। এনেকৈ কেবাবৰো কৰা। প্ৰতিবাৰতে কি হয় চোৱা। মন কৰা যে পিধানটোৰ ভূমিৰ দৈৰ্ঘ্যই বাহঁ এটা গুচালে কিমান হানি হ’ব তাক নিৰ্ণয় কৰে। পৰিৱৰ্তন/পৰিবৰ্ধন তোমালোকৰ শৰীৰ চৰ্চ্চাৰ শ্ৰেণীত দহজনীয়া দল এটা হোৱা আৰু তাৰে পৰা এটা মানৱ দৌল সাজা। কোনোবা এজন আঁতৰিব খুজিলে কি হয়? এই পৰীক্ষা দুটাৰ পৰা তোমালোকে ক’ব পাৰিবানে ক্ৰমোৰ্ধ নামত কোনটো উপাদান সবাতোকৈ গুৰুত্ব পূৰ্ণ আৰু কিয়? মূল্যায়ন দৌলৰ বাহিৰে আন কিবা ক্ৰমোৰ্ধ ন্যস্ত পিধানৰ কথা জানানে? প্ৰকৃতিত ইয়াৰ কোনো উদাহৰণ জানানে? উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।