স্থান : শ্ৰেণী গোটৰ আকাৰ : পূৰা শ্ৰেণী সময় : ৩০ মিনিট উপযুক্ত সময় : বছৰৰ সকলো যোগাৰ : ভাল জলখানা(aquqrium) এটাত এইবোৰ উদ্ভিদ থাকিব : পানীৰ ওপৰত থকা উদ্ভিদ যেনে শিঙৰি, পুনী বা মেটেকা, পদুম আদি। পানীৰ তলত থকা উদ্ভিদ যেনে পানীঘাঁহ(hydrilla)আদি। উভৱাসী(amphibious) উদ্ভিদ যেনে ভেঁট আদি। উদ্দেশ্য পানীত হোৱা ভিন ভিন উদ্ভিদ পৰ্যবেক্ষণ আৰু তুলনা কৰা। কি কৰিব ছাত্ৰ ছাত্ৰী সকলে পৰ্যৱেক্ষণ কৰিবলৈ এটা জলখানা আনক। তেওঁলোকক তাত থকা উদ্ভিদবোৰ দেখুৱাওক আৰু সেইবোৰৰ নাম কোৱাত সহায় কৰক। এই উদ্ভিদ্বোৰ হ’ল- পানীত ওপঙি থকা পানীৰ ওপৰলৈ বাঢ়ি অহা জলখানাৰ মাটিত শিপা ধৰা শিপা নথকা পানীৰ কোন স্তৰত থাকে তাৰ ওপৰত নিৰ্ভৰ কৰি উধিদবোৰৰ পাতৰ আকৃতিৰ পাৰ্থক্য লক্ষ্য কৰিব- পানীৰ তলত ডুব গৈ থকা উদ্ভিদ, পানীত ওপঙি থকা পাতৰ উদ্ভিদ, উভৱাসী অৰ্থাৎ পানীৰ পৃষ্ঠৰ তলে ওপৰে থকা উদ্ভিদ আদি। উভবাসী উদ্ভিদৰ ক্ষেত্ৰত একেবিধ উদ্ভিদৰ পাতৰ আকৃতিৰ প্ৰভেদ লক্ষ্য কৰিব। পৰিৱৰ্তন’পৰিবৰ্ধন ছাত্ৰ ছাত্ৰী সকলে স্থলজ আৰু জলজ উদ্ভিদৰ গা গছ ৰিজাই চাব। তেওঁলোকক স্থল উদ্ভিদ এজোপাৰ শিপাও দেখুৱাব। ম্য্যল্যায়ন এই পৰ্যৱেক্ষণৰ ওপৰত ছাত্ৰ ছাত্ৰী সকলক নানা প্ৰশ্ন কৰক। শিপা নোহোৱাকৈ কিছুমান উদ্ভিদ কেনেকৈ জীয়াই থাকে? জল উদ্ভিদৰ গা গছ কোমল আৰু সোপোকা কিয়? স্থল উদ্ভিদৰ গাগছ টান আৰু ঠৰঙা কিয়? উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।