স্থান : শ্ৰেণী, ঘৰ গোটৰ আকাৰ : গাই গুটীয়া বা ২/৩ জনীয়া সময় : প্ৰায় দুসপ্তাহ যোগাৰ : এটা পিঁয়াজ, ৩ ডাল শলা বা জুইকাঠি, এগিলাচ পানী উদ্দেশ্য পিঁয়াজৰ গজালি মেলা নিৰীক্ষণ। কি কৰিব এটা পিঁয়াজৰ তলফালে তিনিডাল শলা মাৰক আৰু পিঁয়াজটো এগিলাচ পানীত এনেকৈ ৰাখক যেন তাৰ মাত্ৰ একেবাৰে তলৰ অলপ অংশহে পানীত সোমাই থাকে। এখন ৰ’দ পৰা খিৰিকিৰ কাঠত গিলাচটো থৈ দিয়ক। লাগিলে মাজে মাজে অলপ অলপ পানী দিব। অলপ দিনতে পিঁয়াজটোৱে গজালি মেলিব আৰু সেউজীয়া পাতো ধৰিব। পৰিৱৰ্তন/পৰিবৰ্ধন এই পৰীক্ষা আলু, মিঠা আলু, গাজৰ আদি লৈও কৰক। পানী অৱিহনে গজালি মেলিব নে নেমেলে, সেই কথা ছাত্ৰ ছাত্ৰী সকলক সোধক। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।