সৌৰ ৰন্ধন পাত্ৰসমূহ হ’ল এনে সামগ্ৰী য’ত খাদ্য দ্ৰব্য ৰন্ধনৰ বাবে সৌৰশক্তি ব্যৱহাৰ কৰা হয় সুবিধাসমূহ ৰন্ধনৰ বাবে গেছ অথবা কেৰাচিন, বিদ্যুত, কয়লা অথবা কাঠৰ প্ৰয়োজন নাই৷ ইন্ধনত ব্যয় কৰাৰ প্ৰয়োজন নাই, য’ত সৌৰশক্তি বিনামূলীয়াভাবে উপলব্ধ৷ সৌৰ ৰন্ধন পাত্ৰত ৰন্ধা খাদ্যসামগ্ৰী পুষ্টিকৰ৷ সাধাৰণ ৰন্ধনৰ তুলনাত প্ৰায় ১০-২০ শতাংশ মাংসসাৰৰ পৰিমান অধিক৷ সৌৰ ৰন্ধন পাত্ৰত ৰান্ধিলে খাদ্যপ্ৰান থায়ামিনৰ নিহিত পৰিমাণ প্ৰায় ২০-৩০ শতাংশ অধিক য’ত খাদ্যপ্ৰান এ ৰ নিহিত পৰিমাণ ৫ ৰ পৰা ১০ শতাংশলৈ থাকে৷ সৌৰ ৰন্ধন প্ৰদূষণমুক্ত আৰু নিৰাপদ৷ সৌৰ ৰন্ধন পাত্ৰসমূহ বিভিন্ন আকাৰত পোৱা যায়৷ পৰিয়ালৰ সদস্যৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি ৰন্ধন পাত্ৰৰ আকাৰ বাচনি কৰিব পাৰি৷ সকলো ৰন্ধন কাৰ্য্য (সিজোৱা, সেঁকা আদি) সৌৰ ৰন্ধন পাত্ৰ ব্যৱহাৰ কৰি সমাধা কৰিব পাৰি৷ সৌৰ ৰন্ধন পাত্ৰ ক্ৰয়ত ভাট্টা লাভৰ চৰকাৰী আচঁনি আছে৷ অসুবিধাসমূহ ৰন্ধনৰ কাৰণে যথেষ্ট সংখ্যক সৌৰশক্তিৰ প্ৰয়োজন হয়৷ ৰন্ধনৰ বাবে সাধাৰণ প্ৰণালীতকৈ দীঘলীয়া সময়ৰ আৱশ্যক হয়৷ সৌৰ ৰন্ধন পাত্ৰৰ প্ৰকাৰ ঘৰুৱা ৰন্ধনৰ বাবে : বাকচৰ আকৃতিৰ সৌৰ ৰন্ধন পাত্ৰ সমজুৱাভাৱে ৰন্ধনৰ বাবে : কেন্দ্ৰীভূত আকাৰৰ সৌৰ ৰন্ধন পাত্ৰ( শ্বেফলাৰৰ মডেল) উৎস: আইএনডিজি দল।