চৰকাৰে 'প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনা' নামৰ দুৰ্গত লোকক সহায় কৰিবৰ বাবে এখন আঁচনি ঘোষণা কৰিছে যাৰ লক্ষ্য হল দৰিদ্ৰ আৰু আৰু দুৰ্বললোকক সুৰক্ষা প্ৰদান কৰা যিসকল কভিডৰ সময়ত বেছি ক্ষতিগ্ৰস্ত হৈছিল।আঁচনিখনত যিসকল দুখীয়া লোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ (PMUY) অধীনত LPG সংযোগ পাইছিল সেইসকলকো অন্তৰ্ভূক্ত কৰা হৈছে। সুবিধা PMGKY আঁচনিৰ অধীনত, PMUY গ্ৰাহকসকলে 14.2 কেজিৰ 3 টা লৈকে ৰিফিল চিলি্ণ্ডাৰ বিনামূল্যে লাভ কৰিব আৰু OMC ৰ দ্বাৰা PMUY গ্ৰাহকৰ বেংক একাউন্টত অডভাঞ্চ ৰিটেইল ছেলিং প্ৰাইছ ট্ৰেন্সফাৰ হব। ডিষ্ট্ৰিবিউটৰৰ পৰা গেছ লবৰ কাৰণে সেই ধনৰাশি উলিয়াব পাৰিব। আঁচনিখন 2020 ৰ এপ্ৰিল মাহৰ পৰা ছেপ্তেম্বৰ মাহৰ 30 তাৰিখলৈকে বৈধ। যোগ্যতা PMUY আঁচনিৰ সুবিধা লোৱা হিতাধিকাৰী PMUY আঁচনিৰ বাবে সুবিধা পাবলৈ হলে প্ৰয়োজনীয় যোগ্যতা দৰিদ্ৰ পৰিয়ালৰ এগৰাকী প্ৰাপ্তবয়স্ক মহিলা যাৰ ঘৰত এল.পি.জি সংযোগ নাই। বৰ্তমান সক্ৰিয় হৈ থকা বিভাগসমূহ (যেনে-SECC 2011 তালিকা বা সাতটা চিহ্নিতকৰণ শ্ৰেণী যেনে SC/ST পৰিয়াল, প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ), অন্ত্যোদয় আন্না আঁচনি (AAY), বনবাসী, সকলোতকৈ অনগ্ৰসৰ শ্ৰেণী (MBC), চাহ জনগোষ্ঠী, নদী দ্বীপত বসবাস কৰা লোকসকল) কাৰ লগত যোগাযোগ কৰিব হিতাধিকাৰীসকলে য'ৰ পৰা PMUY ৰ গেছ সংযোগ লৈছে সেই এজেঞ্চীসমূহৰ লগত যোগাযোগ কৰিব পাৰে।