তামিলনাডু চৰকাৰে দুখীয়া পিতৃ-মাতৃৰ কন্যাক, অনাথ কন্যা, বিধৱা যিসকলে পুনৰ বিবাহ কৰাইছে, বিধৱাৰ কন্যা আৰু ইন্টাৰ-কাষ্ট বিবাহিত দম্পত্তিক সহায় কৰিবৰ বাবে পাঁচখন বিবাহ সহায়তা আঁচনি ৰূপায়ন কৰিছে। যোগ্যতা আৰু সহায়তা আঁচনি-১ শিক্ষাগত অৰ্হতা: বিবাহ যোগ্য কন্যা দশম শ্ৰেণী উৰ্ত্তীণ হ'ব লাগিব। নগদ সহায়: ECS ৰ যোগেদি ২৫,০০০/- টকাৰ নগদ সহায় আঁচনি-২ শিক্ষাগত অৰ্হতা: ৰেগুলাৰ কলেজ, ডিষ্টেঞ্চ এড্যুকেশ্যন/চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অপেন ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী লোৱাসকল এই আঁচনিৰ বাবে যোগ্য। তামিলনাডু চৰকাৰৰ ডাইৰেক্টৰ অফ টেকনিকেল এড্যুকেশ্যনৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ডিপ্লমাধাৰীসকল যোগ্য। নগদ সহায়তা: ECS ৰ যোগেদি ৫০,০০০/- টকাৰ নগদ সহায় মুভালুৰ ৰামামিৰথাম আম্মাইয়াৰ নিনাইভু ম্যাৰেজ সহায়তা আঁচনি এই আঁচনিখনৰ সুবিধা পাবলৈ হ'লে পৰিয়ালৰ বছেৰেকীয়া আয় ৭২,০০০/- টকাৰ বেছি হ'ব নালাগিব। ডা০ ধৰ্মম্বল আম্মাইয়াৰ নিনাইভু বিধৱা পুনৰ বিবাহ সহায়তা আঁচনি এই আঁচনিৰ অধীনত থিৰুমঙ্গালিয়াম বনাবৰ বাবে ৪ গ্ৰাম ২২ কেৰেট সোন দিয়াৰ লগতে ECS ৰ যোগেদি ১৫০০০/-টকাৰ আৰ্থিক অনুদান আৰু ১০,০০০ হাজাৰ টকাৰ নেশ্যনেল চেভিং চাৰ্টিফিকেট প্ৰদান কৰা হয়।এই আঁচনিৰ অধীনত সুবিধা পাবৰ বাবে কোনো আয়ৰ সীমা আৰু নিৰ্ধাৰিত শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। ডিগ্ৰী/ ডিপ্লমাধাৰী সকলক ৫০,০০০ হাজাৰ টকাৰ আৰ্থিক অনুদান দিয়া হয়, যত ৩০,০০০ টকা ECS যোগেদি দিয়া হয় আৰু ২০,০০০ টকা নেশ্যনেল চেভিং চাৰ্টিফিকেট হিচাপে প্ৰদান কৰা হয়। লগতে ৪ গ্ৰাম ২২ কেৰেট সোন থিৰুমঙ্গালিয়াম বনাবৰ বাবে দিয়া হয়। দৰিদ্ৰ বিধৱাৰ কন্যাৰ বাবে ই.ভি.আৰ.মানিয়াম্মাইয়াৰ নিনাইভু বিবাহ সহায়তা প্ৰকল্প এই আঁচনিৰ সুবিধা পাবৰ বাবে পৰিয়ালৰ বাৰ্ষিক আয় ৭২,০০০ হাজাৰৰ বেছি হ'ব নালাগিব। অনাথ কন্যা শিশুৰ বাবে আন্নাই থেৰেচা নিনাইভু ম্যাৰেজ সহায়তা প্ৰকল্প এই আঁচনি সহায়তা ল'বৰ বাবে আয়ৰ কোনো সীমা নাই। ডাঃ মুথুলক্ষ্মী ৰেড্ডি নিনাইভু ইন্টাৰকাষ্ট মেৰিয়েজ বিবাহ আঁচনি এই আঁচনিৰ অধীনত থিৰুমঙ্গালিয়াম বনাবৰ বাবে ৪ গ্ৰাম ২২ কেৰেট সোন দিয়াৰ লগতে ২৫,০০০ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় য'ত ECS ৰ যোগেদি ১৫০০০/-টকা আৰু ১০,০০০ হাজাৰ টকাৰ নেশ্যনেল চেভিং চাৰ্টিফিকেট প্ৰদান কৰা হয়। ডিগ্ৰী/ ডিপ্লমাধাৰী সকলক ৫০,০০০ হাজাৰ টকাৰ আৰ্থিক অনুদান দিয়া হয়, যত ৩০,০০০ টকা ECS যোগেদি দিয়া হয় আৰু ২০,০০০ টকা নেশ্যনেল চেভিং চাৰ্টিফিকেট হিচাপে প্ৰদান কৰা হয়। লগতে ৪ গ্ৰাম ২২ কেৰেট সোন থিৰুমঙ্গালিয়াম বনাবৰ বাবে দিয়া হয়। আয়ৰ প্ৰমাণপত্ৰ আৱশ্যক নাই কিন্তু নূন্যতম শিক্ষাগত অৰ্হতা নিৰ্ধাৰিত আছে। কইনাৰ বয়স ১৮ ৰ পৰা ৩০ বছৰৰ ভিতৰত হ'ব লাগিব। আবেদনপত্ৰ পঠোৱাৰ সময়সীমা : বিবাহৰ দুবছৰৰ ভিতৰত অসবৰ্ণ বিবাহৰ ধৰণ অসবৰ্ণ বিবাহ কৰা দম্পত্তিৰ পতি বা পত্নী যিকোনো এজন অনূসূচিত জাতি বা অনূসূচিত জনজাতিৰ হ'ব লাগিব য'ত নেকি আন কোনো পতি বা পত্নী অন্য কোনো সম্প্ৰদায়ৰ হ'ব পাৰে। দম্পতি যোৰাৰ এজন কোনো উচ্চ বা অন্য সম্প্ৰদায়ৰ আৰু আনজন BC/MOBC ৰ অন্তৰ্গত হ'ব লাগিব। কেনেদৰে আবেদন কৰিব Contact your District Social Welfare Officer or Extension Officers (SW)