বায়টেকনলজি বিভাগ, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সৈতে ইয়াৰ প্লাব্লিক ছেক্টৰ ইউনিট আৰু অট'নমাছ প্ৰতিষ্ঠানসমূহে Sustainable Development Goals (SDG 5) পোৱাৰ যোগ্যতা দি আৰু অধিক মহিালক বিজ্ঞানৰ দিশে অনুপ্ৰাণিত কৰিবৰ বাবে এই কাৰ্যসূচী আৰম্ভ কৰিছে। বায়'টেকনলজি কেৰিয়াৰ এডভাঞ্চমেন্ট আৰু ৰি-অৰিয়েনটেচন প্ৰগ্ৰেম (BioCARe) বায়'টেকনলজি গৱেষণাত নাৰীসকলৰ অংশগ্ৰহণ বঢ়াবৰ বাবে বায়'টেকনলজি বিভাগে ২০১১ চনৰ জানুৱাৰী মাহত নাৰী বিজ্ঞানীসকলৰ বাবে এটা বায়'টেকনলজি কেৰিয়াৰ এডভাঞ্চমেন্ট আৰু ৰি-অৰিয়েনটেচন প্ৰগ্ৰেম আৰম্ভ কৰা হৈছিল। প্ৰগ্ৰেমটো বিশেষকৈ নিয়োগ/নিয়োগবিহীন মহিলা বিজ্ঞানীসকলৰ কেৰিয়াৰ উন্নয়নৰ বাবে, য'ত নেকি এইটো প্ৰথম বৰ্হিমূখী গৱেষণা অনুদান। অধিক জানিবৰ বাবে, click here জানকী অমল–নেশ্যনেল উইমেন বায়'চাইন্টিক এৱাৰ্ড জানকী অমল-নেশ্যনেল উইমেন বায়'চাইন্টিক এৱাৰ্ড বিভাগ আৰম্ভ কৰা হৈছে যাতে আবেদন/উৎপাদন আৰু প্ৰাদ্যোগিক বিকাশৰ ক্ষমতা থকা কৃষি, জৈৱ চিকিৎসা আৰু পৰ্যাবৰণ বিজ্ঞানৰ লগতে জৈৱ বিজ্ঞান আৰু জৈৱ প্ৰাদ্যোগিক ক্ষেত্ৰত বুনিয়াদী আৰু অনুপযুক্ত অনুসন্ধানত মহিলা বিজ্ঞানীসকলক উৎকৃষ্ট যোগদানৰ মানদণ্ড যোগান ধৰিব পাৰে। জ্যেষ্ঠ শ্ৰেণীত এককালীন ৫ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ দিয়া হয়। যিসকল মহিলা বিজ্ঞানীৰ বয়স ৪৫ বছৰৰ কম আৰু যিসকলৰ জৈৱ বিজ্ঞান/জৈৱ প্ৰাদ্যোগিক বিজ্ঞানত মহত্বপূৰ্ণ যোগদান আছে, তেওঁলোকে যুব বঁটা হিচাপে তেওঁলোকে কৰি থকা গৱেষণা কৰ্মক আগবঢ়াই নিবৰ বাবে পাঁচ বছৰৰ কাৰণে ৫ লাক টকাৰ আৰ্থিক অনুদানেৰে পুৰস্কৃত কৰা হয়। এবছৰত এক লাখ টকাৰ হিচাপত। পৰ্তমান বিভাগত জ্যেষ্ঠ শাখাত এটা আৰু যুৱ শাখাত দুটা পুৰস্কাৰ দিয়াৰ ব্যৱস্থা আছে। অধিক জানিবৰ বাবে, click here BIRAC-TiEWInER (অনুসন্ধানমূলক গৱেষণাত মহিলা)পুৰস্কাৰ বায়'টেক ক্ষেত্ৰত মহিলা উদ্যমীক উৎসাহিত কৰিবৰ বাবে আৰু তেওঁলোকক মান্যতা দিবৰ বাবে BIRAC য়ে এটা পুৰস্কাৰ প্ৰদান কৰে। এই পুৰস্কাৰ TiE-Delhi NCR দিল্লীৰ লগত অংশীদাৰিত্ব। এই ৰাষ্ট্ৰীয় পুৰস্কাৰ কাৰ্যসূচী মতে, সমাজৰ উচ্চ বৰ্গক প্ৰভাৱিত কৰিব পৰা ১৫ গৰাকী মহিলা উদ্যমীক মেনটৰিং, হেণ্ডহল্ডিং, ইনটেনচিভ এক্সিলেটৰ প্ৰগ্ৰেমত ভাগ লোৱাৰ সুবিধা দিয়াৰ লগতে ৫ লাখ টকাৰে সন্মানিত কৰা হয়। এক্সিলেটৰ প্ৰগ্ৰেমৰ পিছত, বিজনেছ পিটচিং মাধ্যমেৰে প্ৰতিদ্বন্দিতা কৰা ১৫ গৰাকী প্ৰতিযোগীৰ ৩ গৰাকী চূড়ান্ত প্ৰতিযোগীক ২৫ লাখ টকাৰ পুৰস্কাৰ দিয়া হয়। অধিক জানিবৰ বাবে, click here. মহিলা পেশাদাৰীৰ কাৰণে বায়'ইনকুবেটৰ BIRAC য়ে দুগৰাকী বায়'ইনকুবেটৰকো সমৰ্থন কৰিছে, যি গৰাকীয়ে বিশেষভাৱে মহিলা ছাত্ৰ/বৈজ্ঞানীক/উদ্যমীক (ব্যৱসায়, আই পি, কানুন)উপদেশ প্ৰদান কৰে। ইয়াৰ লগত Golden Jubilee Biotech Park, Chennai আৰু Sri Padmavati MahilaVisvavidyalayam, Tirupati পাৰ্ক চামিল আছে।