মুখ্যমন্ত্ৰী ৰীজশ্ৰী যোজনা 2016 চনৰ জুনমাহত আৰম্ভ কৰা হৈছিল। উদ্দেশ্য আঁচনিখনৰ উদ্দেশ্য হল কন্যা শিশুক শৈক্ষিক আৰু সামাজিকভাৱে উন্নতি কৰোৱা। সুবিধা কন্যা শিশুৰ জন্মৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত, কন্যাৰ শিক্ষা, স্বাস্থ্য আৰু যত্নৰ বাবে পিতৃ-মাতৃ/অভিভাৱকক 50,000 টকা পৰ্যন্ত আৰ্থিক সহায়তা প্ৰদান কৰা হয়। এই পৰিমানৰ ধনৰাশি নিম্নলিখিত ধৰণেৰে দিয়া হব- কন্যা শিশুৰ জন্মৰ সময়ত 2500 টকা টিকা দিয়াৰ সময়সূচী সম্পূৰ্ণ কৰাৰ সৈতে এবছৰ সম্পূৰ্ণ হলে 2500 টকা প্ৰথম শ্ৰেণীৰ নামভৰ্ত্তিৰ বাবে 4000 টকা ষষ্ঠ শ্ৰেণীত নামভৰ্ত্তিৰ বাবে 5000 টকা দশম শ্ৰেণীত নামভৰ্ত্তিৰ বাবে 11000 টকা দ্বাদশ শ্ৰেণীত নামভৰ্ত্তিৰ বাবে 25000 টকা যোগ্যতা 2016 চনৰ জুনৰ 1 তাৰিখৰ পিছত জন্ম হোৱা কন্যা শিশু ৰাজস্থান ৰাজ্যৰ স্থানীয়/বাসিন্দা হব লাগিব জননী সুৰক্ষা যোজনাৰ (JSY)সৈতে নিবন্ধিত চৰকাৰী/বেচৰকাৰী চিকিৎসালয়ত কন্যা শিশুৰ প্ৰতিষ্ঠানিক ডেলিভাৰি যদি হয়। এই আঁচনিখন এটি পৰিয়ালৰ কেৱলমাত্ৰ দুজনী কন্যা শিশুৰ বাবে প্ৰযোজ্য। যি নহওক তৃতীয় কন্যা সন্তানৰ বাবে পিৃত-মাতৃয়ে প্ৰথম দুটি কিস্তি পোৱাৰ যোগ্য। কন্যা সন্তানটিৰ মাতৃৰ ভামশাহ কাৰ্ড থকাতো প্ৰয়োজনীয়। কাৰ লগত যোগাযোগ কৰিব আঁচনিখনৰ সম্পৰ্কে আৰু অধিক তথ্য জানিবৰ বাবে নিজৰ জিলাৰ প্ৰগেম অফিচাৰ, উইমেন এম্পাৱাৰমেন্ট বা চিফ মেডিকেল আৰু হেল্থ অফিচাৰৰ লগত যোগাযোগ কৰিব পাৰে বা টোল ফ্ৰি নম্বৰ 1800 180 6127 নম্বৰত ফোন কৰি চাব পাৰে। অধিক তথ্য জানিবৰ বাবে,click here