মা-দেউতা, আই-পিতাই ককা-আইতা- এইয়া হৃদয়স্পৰ্শী যোৱা এক সুমধুৰ সন্মোধন। কিমান সুন্দৰ সুৰীয়া এই শব্দসমূহ...। মানুহ মাত্রেই এদিন হ'বলগীয়া হয় মা-দেউতা, ককা-আইতা। বিভিন্ন জাতি, বিভিন্ন ধর্ম, বিভিন্ন ভাষা-ভাষীৰ মানুহৰ মাজত এই সন্মোধনবাচক শব্দসমূহ যদিও বেলেগ-বেলেগ কার্যত সকলো একে। একেদাল সূতাৰে গঁথা একে আত্মীয়তা, একে সুমধুৰ, একে স্বর্গীয় অনুভূতি। আমি যিখন পৃথিৱী দেখিবলৈ পাইছো সেয়া পিতৃ-মাতৃৰ অৱদান। পিতৃ-মাতৃৰ সৰ্বস্ব ত্যাগৰ বিনিময়ত ডাঙৰ-দীঘল হোৱা আমিবোৰে যে এই সুন্দৰ পৃথিৱীখন উপভোগ কৰিবলৈ পাইছো, সভ্য সমাজত বাস কৰাৰ সুবিধা লাভ কৰিছো, দেশৰ কৰ্ণধাৰ হোৱাৰ সুযোগ লাভ কৰিছো, সেই কথা সম্পূৰ্ণ পাহৰি গৈ একাংশ সন্তানে পিতৃ-মাতৃক বৃদ্ধ বয়সত অশেষ কষ্ট দিয়া দেখা গৈছে। যাৰ পৰিনামত বৃদ্ধ বয়সত বহুসংখ্যক পিতৃ-মাতৃ, ককা-আইতাৰ শেষ আশ্রয়স্থল হয়গৈ বৃদ্ধাশ্ৰম। অনেক বৃদ্ধলোকে বিভিন্ন অত্যাচাৰ আৰু অৱহেলাৰ সন্মুখীন হৈ নিজৰ ভাগ্যকে দোষ দি জীৱন কটাবলগীয়া হৈছে। সাম্প্রতিক সময়ত নিজ সন্তানে বৃদ্ধ পিতৃ-মাতৃক অৱহেলাৰ দৃষ্টিৰে ছোৱাতো এক প্ৰধান সমস্যা হিচাপে পৰিগণিত হৈছে। সেইসকলৰ বাবে যেন পিতৃ-মাতৃ, ককা-আইতা ভাৰ ব’ব নোৱাৰা বোজাহে। দৰাচলতে অত্যাধিক উচ্চাকাংক্ষা, অতি-আধুনিক জগতখনৰ লগত নিজকে খাপ-খুৱাই চলিবলৈ বিচৰা অঘোষিত প্রতিযোগিতা, অতিমাত্ৰা ফেশ্বন, ভোগ-বাসনা আদিত নিমজ্জিত হৈ পৰা আজিৰ প্ৰজন্মই নিজৰ বাহিৰে আনৰ কথা চিন্তা কৰাৰ মানসিক অৱস্থাটোকে একেবাৰে বিসৰ্জন দিছে যাৰ বাবে বৃদ্ধ বয়সত পিতৃ-মাতৃ অনাদৰ অৱহেলাৰ সন্মুখীন হৈছে, বোজা স্বৰূপ হৈ পৰিছে। হৃদয়হীন এনে সন্তান জন্মদাতা পিতৃ-মাতৃক এৰি থৈ আহিছে পথৰ দাঁতিত নতুবা কোনো বৃদ্ধাশ্ৰমৰ পদুলিত। প্রায়ে বাতৰি কাকত, সংবাদ-মাধ্যমত এনেবোৰ বাতৰিয়ে স্থান লাভ কৰা দেখা যায়। এয়া কিহৰ পৰিচায়ক? অকল পিতৃ-মাতৃয়েই নহয়, সমাজৰ অনেক বিধৱা আৰু বৃদ্ধ লোকে পৰিয়ালৰ মৰম, চেনেহ, ভালপোৱা-আদৰ-যত্নৰ পৰা বঞ্চিত হৈ ৰৈছে, পৰিয়াল থাকিও, পুত্ৰ-বোৱাৰী, জী-জোঁৱাই, নাতি-নাতিনীৰে পৰিপূৰ্ণ এখন সংসাৰ থাকিও অকলশৰীয়া জীৱন-যাপন কৰি হতাশা বেদনা আদিক আকোঁৱালি লৈ দুখ-যাতনাৰ মাজেদি জীৱন নিৰ্বাহ কৰিব লগাত পৰিছে। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিততে জ্যেষ্ঠনাগৰিকসকল উপকৃত আৰু সুৰক্ষিত হ’ব পৰাকৈ ১৯৯১ চনত ৰাষ্ট্ৰসংঘই এক পঞ্চনীতি নিৰ্ধাৰণ কৰে। এই পঞ্চনীতিত অন্তর্ভুক্ত হোৱা বিষয়কেইটা হ’ল - সকলো জ্যেষ্ঠ নাগৰিকেই খাদ্য-পানী, আশ্রয়গৃহ আদি মৌলিক সুবিধাসমূহ পোৱাতো নিশ্চিত হ'ব লাগিব। পৰিয়াল পৰিচালনা আৰু সমাজৰ ৰীতি-নীতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত জ্যেষ্ঠ নাগৰিকৰ মতামতক অগ্রাধিকাৰ দিব লাগিব। জ্যেষ্ঠ নাগৰিক সকলে স্বচ্ছল জীৱন-যাপন কৰাৰ দিশত তেওঁলোকে সন্মুখীন হোৱা দুর্যোগ, বিপদ আদিৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা কৰাৰ উপৰিও প্ৰয়োজনীয় পৰিচৰ্যাখিনি আগবঢ়াব লাগিব। জ্যেষ্ঠ নাগৰিকসকলৰ কল্পনা, কামনা-বাসনা আৰু আধ্যাত্মিক চিন্তা-চৰ্চা বা তেনেধৰণৰ ভাৱ পূৰণ কৰাতো নীতি হিচাপে স্বীকাৰ কৰিব লাগিব। সকলো জ্যেষ্ঠ নাগৰিকেই সম্পূর্ণ মৰ্যদা সহকাৰে জীয়াই থকাৰ সুবিধা পাব লাগিব, সামাজিক, আর্থিক আৰু মানসিক উৎকৰ্ষ সাধনৰ দিশত উচিত ব্যৱস্থা গ্ৰহণ কৰি মর্যদা অক্ষুন্ন ৰাখিব লাগিব। ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা এই নীতিৰ ভিত্তিত আমাৰ দেশ ভাৰতবৰ্ষত ভাৰত চৰকাৰে ১৯৯৭ চনত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰে। এই ৰাষ্ট্ৰীয় নীতি গ্ৰহণৰ ফলস্বৰূপে- জ্যেষ্ঠ নাগৰিকসকলে ৰেল, বাছসেৱা, বিমান পৰিবহন, আয়কৰ, বীমা আদিৰ লগতে চিকিৎসা সেৱাৰ বিশেষ সুবিধা আগবঢ়াই জ্যেষ্ঠ নাগৰিকসকলে মৰ্যদাসহকাৰে জীয়াই থাকিব পৰাকৈ ৰাজ্যসমূহে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও নিৰাশ্ৰয় বৃদ্ধ নাগৰিকক বৃদ্ধাশ্ৰমত ৰখাৰ ব্যৱস্থা গ্ৰহণৰ লগতে সন্তান-সন্ততি সকলে জ্যেষ্ঠ নাগৰিকসকলক আশ্রয় দি, ৰক্ষণাবেক্ষণ দি, চিকিৎসা সেৱাকে ধৰি সকলো সুবিধা প্ৰদান কৰিবলগা কার্যসমূহ আইনযোগে বাধ্যতামূলক কৰা হৈছে। ভাৰত চৰকাৰে গ্ৰহণ কৰা এই ৰাষ্ট্রীয় নীতি ৰ পিছত ২০০৫ চনত জ্যেষ্ঠ নাগৰিক পৰিষদ’ (National Council For Old Persons) গঠন কৰা হয়। ক্ৰমে ২০০৭ চনত ‘পিতৃ-মাতৃ আৰু জ্যেষ্ঠ নাগৰিকৰ ভৰণ পোষণ আৰু কল্যাণ আইন’ (The Maintenance And Welfare Of Parents And Senior Citizen Act 2007) গ্ৰহণ কৰা হয়। তদুপৰি ২০১১ চনত পুনৰ কেন্দ্ৰীয় চৰকাৰে জ্যেষ্ঠ নাগৰিকৰ ৰাষ্ট্ৰীয় আইন গ্রহণ কৰে। পুনৰ ২০১৬ চনত অসম চৰকাৰে জ্যেষ্ঠ নাগৰিকৰ বাবে আইন প্ৰৱৰ্ত্তণ কৰিছে যদিও ২০০৭ চনত কেন্দ্রীয় চৰকাৰে বলবৎ কৰা আইনখনেই প্ৰকৃত আইন হিচাপে বিবেচিত কৰা হৈছে। উল্লিখিত ২০০৭ চনৰ পিতৃ-মাতৃ আৰু জ্যেষ্ঠ নাগৰিকৰ ভৰণ-পোষণ আৰু কল্যাণ আইন অনুসৰি ৬০ বছৰ পূৰ্ণ কৰা সকলো নাগৰিকেই জ্যেষ্ঠ নাগৰিক হিচাপে আখ্যা লাভ কৰিছে। এই আইন অনুসৰি নিজ উপাৰ্জনৰ দ্বাৰা চলিবলৈ অসমৰ্থ পিতৃ-মাতৃ জ্যেষ্ঠ নাগৰিক সকলে নিজৰ সন্তান অথবা নিকট আত্মীয়ৰ পৰা ভৰণ-পোষণ লাভ কৰাৰ ব্যৱস্থা কৰা হৈছে। আইনখনৰ দফা ২ মতে নিজ সন্তানে বৃদ্ধ বয়সত পিতৃ-মাতৃক ভৰণ-পোষণ নিদিলে প্রতি মহকুমাত থকা ‘মেইনটেনেন্স ট্রিবুনেল’ৰ সহায়ত প্ৰতি মাহত দহ হাজাৰ টকা আদায় দিয়াৰ বাধ্যতামূলক ব্যৱস্থা ৰখা হৈছে। এই ক্ষেত্ৰত ট্রিবুনেলৰ দ্বাৰা ভৰণ-পোষণ দিবলৈ দিয়া আদেশ সন্তানে অৱমাননা কৰিলে জৰিমনা অথবা কাৰাদণ্ড বিহাৰ ব্যৱস্থাও আছে। যথাৰ্থতে এই আইনৰ দ্বাৰা বৃদ্ধ পিতৃ-মাতৃক ভৰণ-পোষণ দিবলৈ ইচ্ছা নকৰা সন্তানসকলক বাধ্য কৰাৰ এক সুন্দৰ ব্যৱস্থা এই আইনে গ্ৰহণ কৰাত বৃদ্ধ লোকসকল বহুপৰিমানে উপকৃত হৈছে বুলি ক’ব পাৰি। আইনখনৰ অন্যান্য দফাসমূহত - জ্যেষ্ঠ বা বৃদ্ধ নাগৰিক সকলৰ বাবে প্ৰতি জিলাত চৰকাৰীভাৱে বৃদ্ধাশ্ৰম প্রতিষ্ঠা, প্ৰতিখন চৰকাৰী চিকিৎসালয়ত জ্যেষ্ঠ নাগৰিকে আক্ৰান্ত হোৱা ৰোগৰ চিকিৎসাৰ বাবে বিশেষ চিকিৎসক, আচুতীয়া কোঠা, বিচনা তথা বিশেষ চিকিৎসাৰ ব্যৱস্থা ৰখা, জ্যেষ্ঠ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে বাস্তৱ আঁচনি গ্ৰহণ কৰা, জ্যেষ্ঠ নাগৰিক জড়িত হ’ব লগা গোচৰৰ বিচাৰ অর্থাৎ ন্যায়িক ব্যৱস্থা ক্ষিপ্ৰতাৰে সম্পাদন কৰাৰ ব্যৱস্থা লোৱা লগতে এই আইনৰ সুফল যাতে সকলো জ্যেষ্ঠ নাগৰিকে লাভ কৰিব পাৰে আৰু আইনখন সম্পৰ্ক অৱগত হ’ব পৰাকৈ প্ৰচাৰৰ ব্যৱস্থা কৰাৰ উপৰিও ৰেল বাছৰ যাতায়তত ৰেহাইৰ ব্যৱস্থা, বেংক, কর্ট কাচাৰী, ডাকঘৰ আৰু অন্যান্য বিল পৰিশোধৰ বেলিকা সুকীয়া লাইন পতাৰ ব্যৱস্থা থকাটোও নিশ্চিত কৰা হৈছে। এই আইনখনৰ জৰিয়তে ইয়াকো কোৱা হৈছে যে কোনো জ্যেষ্ঠ নাগৰিকক নিজ সন্তানে যদিহে অকলশৰীয়া কৰিছে বা পৰিচৰ্যা কৰা নাই, তেনেহলে এনে কাৰ্যক দণ্ডণীয় কৰি জৰিমনা অথবা তিনিমাহ পৰ্যন্ত হৈছে যে-যিহেতু পিতৃ-মাতৃৰ সা-সম্পত্তিকে ধৰি সকলোৰে অধিকাৰ সন্তান সকলে লাভ কৰে, সেয়ে পিতৃ-মাতৃক ভৰণ-পোষণ আৰু পৰিচৰ্যা কৰাটো প্রত্যেকজন সন্তানৰে কৰ্তব্য হোৱা উচিত। উল্লেখযোগ্য যে অসম চৰকাৰে যোৱা ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহত ৰাজ্যখনৰ কৰ্মচাৰীসকলৰ বৃদ্ধ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ দিব্যাংগ সদস্যক চোৱা-চিতা কৰাটো বাধ্যতামূলক কৰি বিধানসভাত ‘দি আছাম এমপ্লয়িজ পেৰেন্টেল ৰেচপনছিবিলিটি এণ্ড নৰ্মছ ফৰ একাউন্টেবিলিটি এণ্ড মণিটৰিং বিধেয়ক ‘প্ৰণাম’ (The Assam Employees Parental Responsibility And Norms To Accountability And Monitoring, ‘PRANAM' ) অনুমোদন জনোৱা হয়। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এই বিধেয়কখন বলবৎ কৰা প্ৰথম খন ৰাজ্য হিচাপে অসমে স্থান লাভ কৰিছে। স্বাভাৱিকতে এইবিধেয়কখনে বৃদ্ধলোকসকলক যথেষ্ট উপকৃত কৰিব বুলি নিঃসন্দেহ মতপ্রকাশ কৰিব পাৰি। এই বিধেয়কখনৰ জৰিয়তে ৰাজ্য চৰকাৰৰ অধিনস্থ প্ৰতিগৰাকী কৰ্মচাৰীক পিতৃ-মাতৃক চোৱা-চিতাৰ বাবে বাধ্যতামূলক কৰাই নহয়, পৰিয়ালৰ কোনো সদস্য যদি দিব্যাংগ হয়, তেতিয়াহ’লেও সেইদিব্যাংগ সদস্য গৰাকীৰো ভৰণ-পোষণৰ দায়িত্ব কৰ্মচাৰীজনে গ্ৰহণ কৰিবলৈ বাধ্য থাকিব লাগিব। যদিহে কোনো কৰ্মচাৰীৰ বিৰুদ্ধে পিতৃ-মাতৃয়ে ভৰণ-পোষণ নিদিয়াৰ অভিযোগ উত্থাপন কৰে, তেতিয়াহ’লে এই আইনৰ জৰিয়তে কর্মচাৰীজনৰ দৰমহাৰ দহ শতাংশ পিতৃ-মাতৃৰ বেংক একাউন্টত জমা কৰাৰ লগতে একে কাৰণতে দিব্যাংগ ভাতৃ-ভগ্নীৰ বাবে পাঁচ শতাংশ ধন তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰাৰ সম্পূৰ্ণ অধিকাৰ এই বিধেয়কখনে প্ৰদান কৰিছে। আনহাতে আমাৰ ৰাজ্যখনৰ জ্যেষ্ঠ নাগৰিক সকলৰ কল্যাণৰ অৰ্থে ৰাজ্য চৰকাৰৰ অধিনস্থ সমাজ কল্যাণ বিভাগে স্বাস্থ্য সেৱা আঁচনি ৰূপায়ণ, বৃদ্ধাবাস স্থাপন, পিতৃ-মাতৃ তথা জ্যেষ্ঠ নাগৰিকৰ পৰিচৰ্যা আৰু কল্যাণ আইন ২০০৭ বলবৎ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। ইতিমধ্যে সমাজ কল্যাণ বিভাগৰ জৰিয়তে বকোৰ বামুণীগাঁৱত এখন বৃদ্ধাশ্ৰম স্থাপনৰ উপৰিও কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত আন এখন বৃদ্ধাশ্ৰম নিৰ্মান কৰাৰ ব্যৱস্থা লোৱা হৈছে। ইতিমধ্যে চৰকাৰে জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণৰ অৰ্থে জ্যেষ্ঠ নাগৰিকৰ ৰাজ্যিক সমিতি আৰু জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ গঠণ কৰিছে। চৰকাৰীভাৱে যদিও জ্যেষ্ঠ নাগৰিক সকলৰ কল্যাণৰ অর্থে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে , প্ৰকৃতাৰ্থত জ্যেষ্ঠ নাগৰিকসকলে সুফল লাভ কৰিব তেতিয়াহে যেতিয়া প্রতিজন সন্তানে নিজ পিতৃ-মাতৃৰ প্রতি নিজৰ দায়বদ্ধতা অনুধাৱন কৰি আন্তৰিকতাৰে সেৱা আগবঢ়াব। আশাকৰো, প্রত্যেক সন্তানে নিজৰ বৃদ্ধকালৰ সাম্ভাব্য অৱস্থাটোৰ কথা কল্পনা কৰি এক আদর্শ জীয়াই ৰখাৰ স্বাৰ্থতেই পিতৃ-মাতৃৰ সেৱাই প্ৰকৃত ধর্ম হিচাপে গ্ৰহণ কৰিলে হয়তো কোনো চৰকাৰী আইন প্রযোজ্য কৰাৰ পথ ভৱিষ্যতে নাথাকিব। লিখক: হিমাংশু ৰঞ্জন ভূঞা।