ভৌগোলিক বৰ্ণনা - ওদালগুৰি জিলাৰ ভৌগোলিক অৱস্থান ৯১ ডিগ্ৰী ৪৫ মিনিটৰ পৰা ৯২ ডিগ্ৰী ১৫ মিনিট দ্ৰাঘিমাংশলৈ আৰু ২৬ ডিগ্ৰী ১৫ মিনিটৰ পৰা ২৭ ডিগ্ৰী অক্ষাংশলৈ বিস্তৃত। ওদালগুৰি জিলাৰ উত্তৰে ভূটান আৰু অৰুণাচল প্ৰদেশ, পূবে শোণিতপুৰ জিলা, পশ্চিমে বাক্সা আৰু কামৰূপ জিলা, দক্ষিণে দৰং জিলা অৱস্থিত। ওদালগুৰি জিলাৰ (বিটিএডি) আয়তন ৩৪৮১ বৰ্গ কিলোমিটাৰ। নৈ-উপনৈ - এই অঞ্চলটোৰ মাজেৰে কেইবাখনো নৈ, উপনৈ উত্তৰৰ তিব্বত আৰু হিমালয় পৰ্বতৰ পৰা বৈ আহিছে। সেইবোৰ হ’ল: গলন্দি,খাওৰঙ, দৈখাম, ধনশিৰি, আদি। ১৬ শতিকাৰ মাজভাগলৈ অতি বেছি বৰ্ষাৰ প্ৰভাবত ধনশিৰি নৈ ওদালগুৰি নিচেই ওচৰৰে বৈ আছিল যি বৰ্তমান ৰৌতাৰ (১৫ কি.মি) ওচৰৰে বয়। নৈ সমূহ প্লাবিত হৈ গোটেই অঞ্চল বালিময় হোৱা তথ্য পোৱা হৈছে। তথ্য মতে ওদালগুৰিৰ উত্তৰে ভৈৰৱকুণ্ড আৰু ভুটান পাহাৰৰ মাজেৰে তাহানিৰ পৰা তিব্বত, চীন আৰু আফগানিস্থানলৈ যাতায়তৰ বাট আছিল। অসম বুৰঞ্জীৰ ২৯ নং পৃষ্ঠাত ছাৰ এদৱাৰ্ড গেইটে ওদালগুৰিৰ পৰা তিব্বতলৈ চমু পথ হিচাপে উল্লেখ কৰিছিল। ইতিহাস - ওদালগুৰি জিলা পূৰ্বৰ দৰং জিলাৰ উত্তৰ অংশ লৈ নতুনকৈ গঠন কৰা এখন বড়ো টেৰিটৰিয়েল এৰিয়া ড্ৰিষ্টিক চমুকৈ বি. টি. এ. ডি. জিলা বুলি জনা যায়। কুৰি শতিকাৰ শেষৰ ফালে অসম ৰাজ্যখনক পুনৰগঠন কৰি তিনিখন নতুন জিলা সৃষ্টি কৰা হয়। জিলা তিনি খনৰ নাম হ’ল চিৰাং, বাক্সা আৰু ওদালগুৰি। এনে পুনৰগঠনৰ ফলত ৰাজ্যখনৰ জিলাৰ সংখ্যা ২৩ খনলৈ বৃদ্ধি হয়। ইয়াৰ পাছত অসম চৰকাৰৰ ২০০৩ চনৰ ৩০ অক্টোবৰৰ বিজ্ঞপ্তি নং জিএজি(বি)১৩৭/২০০২/পিটি/১১৭ অনুসৰি "বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল" (Boroland Teritorial Council) চমুকৈ বিটিচি (BTC)-ৰ অধীনত উক্ত নতুন জিলাকেইখনৰ লগতে কোকৰাঝাৰ জিলাক সাঙুৰি ৪ জিলাক বিটিএডিৰ (BTAD)অন্তৰ্ভুক্ত কৰা হয়। বিটিচি গঠন হোৱাৰ আগলৈকে ওদালগুৰি এখন নগৰ সমিতি আৰু দৰং জিলাৰ এটা মহকুমা আছিল। পিছলৈ বড়ো সংগঠন যেনে বড়ো লিবাৰেচন টাইগাৰচ্ (সংক্ষেপে বিএলটি), ভাৰত আৰু অসম চৰকাৰৰ সৈতে ১০ ফেব্ৰুৱাৰী ২০০৩ চনত হোৱা ত্ৰিপক্ষীয় শান্তি চুক্তি মৰ্মে ও ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদ সংশোধন কৰাৰ ফলত অঞ্চলটো ওদালগুৰি জিলা হিচাপে বিটিচিৰ অন্তৰ্ভুক্ত হয়। ওদালগুৰি নামৰ ইতিবৃত্ত - ওদালগুৰি নামৰ উৎপত্তি "ওদাল" নামৰ গছৰ পৰা হোৱা বুলি প্ৰবাদ আছে। "ওদাল"- এডাল গছ + গুৰ প্ৰত্যয়, গুৰি অৰ্থাৎ শিপা। যাৰ অৰ্থ হ’ল- ওদাল গছেৰে আগুৰা এখন ঠাই। আন এক প্ৰবাদমতে এই নামতো সৃষ্টি হ’ল, কিয়নো এই ঠাইত ওদ্দালক নামৰ এক ঋষিৰ আশ্ৰম থকা বুলি বিশ্বাস কৰা হৈছিল। কিন্তু, হয়তো এইটোৱে বেছি বিশ্বাসযোগ্য যে দুটা বড়ো শব্দ "ওৰ্দ্লা" আৰু "গুন্দ্ৰি" মিলি নামটো হ’লগৈ ওৰ্দ্লাগুন্দ্ৰি> ওৰ্দ্লাগুন্দি> ওদালগুৰি বা উদালগুৰি। বড়ো ভাষাত "ওৰ্দ্লা" মানে বহল তথা মূল্যবান আৰু "গুন্দ্ৰি" মানে গুৰি (পাউদাৰ)। চমু বুৰঞ্জী - উনবিংশ শতিকাৰ মাজভাগলৈ ওদালগুৰি আৰু সমগ্ৰ দৰং জিলাতে বহুসংখ্যক বড়ো জনজাতিৰ লোকে বাস কৰিছিল। উপেন্দ্ৰচন্দ্ৰ গুহৰ "কছাৰীৰ ইতিবৃত্ত"নামৰ কিতাপখন (পৃষ্ঠা-৫৩)অত উল্লেখ থকা অনুসৰি পুৰাণ আৰু মধ্য যুগৰ সময়ত বড়ো আৰু কছাৰী অধীবাসীৰ মুঠ সংখ্যা আছিল ৬,৩৯,০০০ জন। ১৫৬২ খ্ৰীষ্টাব্দত যেতিয়া কোঁচ ৰজা নৰনাৰায়নে ৬০,০০০ সৈন্যৰ সৈতে আহোম ৰজা চুখাংম্ফা বা খোঁৰা ৰজাৰ ৰাজ্য আক্ৰমণ কৰে, প্ৰধান সেনাপতি শুক্লধ্বজ সিংহই তাতুমনি নামৰ এক ঠাইত (এতিয়াৰ মঙ্গলদৈ মহকুমা) চাউনি পাতে য’ত ১২ টা জনজাতীয় দল তেওঁৰ অন্তৰ্ভুক্ত হয়। ওদালগুৰিৰ ওচৰৰ উত্তৰ দিশত ভৈৰবকুণ্ড আৰু আশে পাশে কোঁচ ৰজা নৰনাৰায়ণৰ (১৫১৫-১৬১৫ খ্ৰীষ্টাব্দ) প্ৰভাব আছিল। ইয়াৰ নলখামাৰাত( কথিত নলখম্ৰা) ৰজাই দুৰ্গা দেৱীৰ মন্দিৰ আৰু ওখ টিলা সজাইছিল। মন্দিৰত দুৰ্গাৰ মূৰ্ত্তি স্থাপন কৰি পূজাৰী দিছিল। "ৰাজমোহন নাথ" ৰ "হিষ্টৰী অফ্ কোঁচ কিংডম" পৃষ্ঠা নং ৫৫ উল্লেখ যে নৰনাৰায়ণ ৰজাই গোঁসাই কমল আলি ৰ উত্তৰে বাস কৰা মেঁছ আৰু কোঁচ নিবাসী সকলক জনজাতিৰ সমৰ্থন লাভ কৰাৰ বাবে পাৰ্ব্যত্য জনজাতিৰ নীতি-আচাৰ মানি চলাৰ আদেশ দিছিল। জনবসতি - ২০১১ চনৰ লোকপিয়ল অনুসৰি ওদালগুৰি জিলাৰ মুঠ জনসংখ্যা ৮,৩২,৭৬৯ জন ইয়াৰে ৪,২৩,৬১৭ জন পুৰুষ আৰু ৪,০৯,১৫২ গৰাকী মহিলা। অৰ্থনীতি খেতি-বাতি ওদালগুৰি অঞ্চলটোত ধান, মৰাপাট, কুহিয়াৰ , ৰবৰ, চাহ, বিদেশী বগৰী, তৰমুজ আৰু বিভিন্ন ৰবি শস্যৰ খেতি কৰা হয়। প্ৰশাসনিক বিভাজন - ওদালগুৰি জিলাক দুখন মহকুমাত ভাগ কৰা হৈছে। সেই দুখন হ’ল: ওদালগুৰি আৰু ভেৰগাঁও। ভেৰগাঁও ওদালগুৰিৰ পৰা পশ্চিমে প্ৰায় ১৫ কিলোমিটাৰ দূৰৈত অৱস্থিত। ওদালগুৰি জিলাৰ সমূহ তথ্য নিম্নলিখিত উৎস - উৎস: আইএনডিজি দল