জাতি ব্যৱস্থা ভাৰতীয় সমাজৰ বাবে অভিশাপ। জাতি ব্যৱস্থাই ভাৰতীয় সমাজক সংকীৰ্ণ গোট আৰু শ্ৰেণীত ভাগ কৰিছে। সভ্যতা আৰু সংস্কৃতিৰ বিকাশ ঘটা সত্বেও জাতি ব্যৱস্থা আমাৰ সমাজত প্ৰাধান্যকাৰী ভূমিকা পালন কৰে। অনুসূচিত জাতি আৰু জনজাতি (ST/SC) হৈছে চৰকাৰী নথি পত্ৰত ব্যৱহাৰ কৰা দুটি আনুষ্ঠানিক বৰ্গ, যাৰ জৰিয়তে যথাক্ৰমে অস্পৃশ্যসকলক আৰু জনজাতি সকলক চিনাক্ত কৰা হয়। যি কি নহওঁক, ২০০৮ চনত ৰাষ্ট্ৰীয় অনুসূচীত জাতি আয়োগে লক্ষ্য কৰিছিল যে, দলিত শব্দটো চৰকাৰী শব্দ “অনুসূচীত জাতি”ৰ সৈতে পৰম্পৰা সলনা-সলনি কৰি ব্যৱহাৰ কৰা হয়। আয়োগে চৰকাৰী নথি পত্ৰত ‘দলিত’ শব্দটোক ‘অসাংবিধানিক’ আখ্যা দি শব্দটো ব্যৱহাৰ নকৰিবলৈ কৈছে আৰু ইয়াৰ পৰিবৰ্তে “অনুসূচীত জাতি” ব্যৱহাৰ কৰিবলৈ কৈছে। জাতি ব্যৱস্থাৰ মূল নিহিত হৈ আছে প্ৰাচীন সমাজত। এই ক্ষেত্ৰত দুই ধৰণৰ মত আছে। এটাই উত্পত্তিৰ ভিত্তিত উচ্চ জাতি আৰু নিম্ন জাতিৰ মাজত পাৰ্থক্য কৰে, আনটোৱে জাতিৰ মাজত জাতি ব্যৱস্থাৰ উত্পত্তি বুলি কয়, যি জাতি ব্যৱস্থাক মানুহৰ কাম-কাজৰ ভিত্তিত বৰ্গীকৰণ কৰে। তেতিয়াৰ পৰাই কোনো সম্প্ৰদায়ৰ মাজত প্ৰভূত্ব থকা এচাম লোকে বহু বেচি সুবিধা লৈ আহিছে আৰু এই পৰিস্থিতিয়ে সমাজত বৈষম্য আৰু দুৰ্বল অংশৰ ওপৰত শোষণৰ সৃষ্টি কৰিছে। ‘অস্পৃশ্য’ বুলি কোৱা অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ লোকৰ সংখ্যা ভাৰতৰ জনসংখ্যাৰ এক-ষস্ঠাংশ বা ১৬০ নিযুত। তেওঁলোক বৈষম্য আৰু লেইলেই-চেইচেই অৱস্থাৰ বলি হৈ আহিছে। জাতি ব্যৱস্থাৰ কিছু ক্ষতিকাৰক ৰূপ হৈছে অস্পৃশ্যতা বহু গাঁও জাতিৰ ভিত্তিত বিভাজিত আৰু তেওঁলোকে উচ্চ জাতিৰ লগত থকা তেওঁলোকৰ পাৰ্থক্য ৰেখা অতিক্ৰম কৰিব নোৱাৰে। তেওঁলোকে উচ্চ জাতিৰ মানুহে ব্যৱহাৰ কৰা কুঁৱাৰ পানী খাব নোৱাৰে, নাইবা একেখন চাহৰ দোকানত চাহো খাব নোৱাৰে। বৈষম্য নিম্ন জাতিৰ লোকসকলে বসবাস কৰা অঞ্চলত বিদ্যুতৰ যোগান, অনাময় বা পানী পাম্পৰ সুবিধা নাই। উন্নত শিক্ষা, বাসস্থান আৰু চিকিত্সাৰ পৰা তেওঁলোকক বঞ্চিত কৰা হয়। শ্ৰম বিভাজন তেওঁলোকক অনাময় ব্যৱস্থাৰ কাম, খেতি-বাতিৰ কাম, চামৰাৰ সামগ্ৰীৰ কাম, বাট-পথ পৰিস্কাৰ আদি কামতে আবদ্ধ ৰখা হয়। দাসত্ব ঋন, তেওঁলোক পৰম্পৰা আদিৰ নামত সদায় শোষিত আৰু পুৰুষৰ পিচত পুৰুষ ধৰি শ্ৰমিক হিচাবে বা ভৃত হিচাবে কাম কৰিব লগা হয়। ভাৰত চৰকাৰে অস্পৃশ্যতা নিৰ্মূলকৰণৰ বাবে কেইবাখনো আইন প্ৰণয়ন কৰিছে আৰু সমাজৰ দুৰ্বল অংশটোৰ জীৱনৰ মান উন্নীতকৰণৰ বাবে বহুতো সংস্কাৰমূলক কাম-কাজ কৰিছে। সেইবিলাকৰ কেইটামান হৈছে: সংবিধান প্ৰদত্ত মৌলিক মানৱাধিকাৰ সমূহ। ১৯৫০ চনৰ ‘অস্পৃশ্যতা’ নিৰ্মূলকৰণৰ। অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইন, ১৯৮৯। শিক্ষানুষ্ঠান সংৰক্ষণৰ সুবিধা, নিয়োগ সুবিধা আদি। অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ উন্নয়নৰ বাবে সমাজ কল্যান বিভাগ আৰু ৰাষ্ট্ৰীয় আয়োগ গঠন। চৰকাৰে লোৱা এই পদক্ষেপসমূহে সমাজৰ দূৰ্বল অংশৰ লোকক কিছু সকাহ দিছে। নগৰ অঞ্চলত ই যথেষ্ট ভাল ফল দেখুৱাইছে। যি কি নহওক গাঁওসমূহত এতিয়াও সাংঘাটিক বৈষম্য চলি আছে। জাত-পাতৰ ভিত্তিত চলি থকা বৈষম্য নিৰ্মূলকৰণৰ বাবে আমাৰ সংবিধানে ঘোষণা কৰা লক্ষ্যত সঁচা অৰ্থত উপনীত হোৱাৰ বাবে আমি বহু দূৰ আগবাঢ়ি যাব লাগিব। ই নিৰ্ভৰ কৰে আমাৰ প্ৰচেষ্টাৰ ওপৰত। নিৰন্তৰ পৰিবৰ্তনৰ বাবে সকলোৰে বাবে সমতা অনাৰ ক্ষেত্ৰত নিশ্চিতভাৱে আমাৰ মনোবৃত্তিৰ পৰিবৰ্তন ঘটাব লাগিব। উৎস: আইএনডিজি দল