ইনপুট টেক্স’ কি ? উত্তৰ : “ইনপুট টেক্স’ মানে হৈছে একোজন পঞ্জীভুক্ত লোকলৈ কৰা সামগ্ৰী অথবা সেৱা অথবা উভয়ৰে যোগানৰ ওপৰত আৰোপ কৰা কেন্দ্রীয় কৰ (চি জি এছ টি), ৰাজ্যিক কৰ (এছ জি এছ টি), সমন্বিত কৰ (আইজি এছ টি) আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ কৰ (ইউ টি জি এছ টি)। ইয়াৰ লগত বিপৰীত মাচুলৰ ভিত্তিত পৰিশোধ কৰা কৰ সামগ্ৰীৰ আমদানিৰ ওপৰত আৰোপিত সেৱা কৰ তথা সমন্বিত কৰ অন্তভুক্ত আছে। সংযোগ মাচুলৰ অধীনত পৰিশোধ কৰা কৰ ইয়াত অন্তৰ্ভুক্ত নহয়। বিপৰীত মাচুল(reverse charge)হিচাপে পৰিশোধ কৰা জিএছটি ইনপুট টেক্স ৰূপে গণ্য কৰিব পাৰিনে ? উত্তৰঃ হয়, ইনপুট টেক্সৰ সংজ্ঞাত বিপৰীত মাচুলৰ অধীনত পৰিশোধ কৰিবলগীয়া কৰ অন্তৰ্ভুক্ত থাকে। ইনপুট’ সামগ্ৰী, ইনপুট সেৱা অথবা মূলধনী সামগ্ৰীৰ ওপৰত পৰিশোধ কৰা কৰ (চি জি এছ টি/আই জি এছ টি/এছ জি এছ টি) ইনপুট টেক্সত অন্তর্ভুক্ত থাকেনে ? উত্তৰ : হয়, ইনপুট সামগ্ৰী, ইনপুট সেৱা আৰু মূলধনী সামগ্ৰীৰ ওপৰত পৰিশোধ কৰা কৰৰ নিৰিখো কিস্তিত পাবৰ বাবে অনুমতি দিয়া হৈছেকৰ মূল কৰা কৰ। ইয় জিএছটিৰ অধীনত সকলো ইনপুট টেক্সৰ “ক্রেডিট’ সামগ্ৰীৰ যোগানৰ ওপৰত নে সেৱাৰ যোগানৰ ওপৰত আৰোপিত হয় ? উত্তৰঃ একোজন পঞ্জীভুক্ত লোকে ব্যৱসায়ৰ অগ্রগতি হিচাপে, অন্য চর্তাৱলী আৰু প্রতিবন্ধকতা অনুসৰি তেওঁ ব্যৱহাৰ কৰা বা ব্যৱহৰ কৰিবলৈ ইচ্ছা কৰা সামগ্ৰী অথবা সেৱা অথবা উভয়ৰে যোগানৰ ওপৰত আৰোপিত ইনপুট টেক্সৰ “ক্রেডিট’ ল’বলৈ যোগ্যতাসম্পন্ন। আই টি চি পাবৰ বাবে আৱশ্যকীয় ব্যৱস্থাৱলী কি কি ? উত্তৰ: নিম্নোউল্লেখিত চাৰিটা ব্যৱস্থা বন্দোবস্ত কৰা হৈছেঃ তেওঁৰ পৰামৰ্শ অনুসৰি, কৰ চালান বা ডেবিট নোট বা এনেধৰণৰ অন্য কৰ পৰিশোধ কৰা নথি থাকিব লাগিব;কৰিব লাগিব। তেওঁ সামগ্ৰী অথবা সেৱা অথবা উভয়কে গ্রহণ কৰিব লাগিব; যোগনীয়াৰজনে যোগানৰ ক্ষেত্ৰত আৰোপিত কৰ চৰকাৰক প্রকৃতাৰ্থত পৰিশোধ কৰিব লাগিব; আৰু অনুচ্ছেদ ৩৯ৰ অধীনত কৰযোগ্য লোকজনে হিচাপৰ বিৱৰণ (return) দাখিল কৰিব লাগিব যেতিয়া একোখন চালানৰ বিপৰীতে সামগ্ৰীক অংশ হিচাপে বা কিস্তিকৈ লাভ কৰা হয়, তেতিয়া এজন পঞ্জীভুক্ত ব্যক্তিয়ে কেনেদৰে আই টিচি লাভ কৰিব ? উত্তৰ : কেৱল শেহতীয়া অংশ বা কিস্তিৰ প্ৰাপ্তিৰ ওপৰতহে পঞ্জীভুক্ত ব্যক্তিজন “ক্রেডিট’ লাভ কৰাৰ যোগ্য হ’ব। যোগনীয়াৰক কৰসহ ধৰা যোগানৰ বাবে বিবেচনাৰ ধনৰাশি পৰিশোধ নকৰাকৈ এজন লোকে “ইনপুট টেক্স ক্রেডিট’ ল’ব পাৰেনে ? উত্তৰ : হয়, গ্রহণ কৰোতাই আই টি চি ল’ব পাৰে। কিন্তু চালান জাৰি কৰাৰ তাৰিখৰ ভিতৰত কৰ সহ তেওঁ বিবেচনাৰ ধনৰাশি দিব লাগে। বিপৰীত মাচুলৰ ভিতৰত পৰিশোধ কৰিবলগীয়া হ’লে এই চর্ত প্রযোজ্য নহয়। পঞ্জীভুক্ত লোকজনে লোৱা আই টিচিৰ কি হ’ব যদিহে তেওঁ চালান জাৰি কৰাৰ তাৰিখৰ পৰা ১৮০ দিনৰ ভিতৰত বিবেচনাৰ ধনৰাশি পৰিশোধ নকৰে ? উত্তৰ : আই টি চিৰ ধনৰাশি লোকজনৰ বহিৰ্গমন কৰাৰ দায়বদ্ধতা (output taxliability) ত সংযোগ হ’ব। তেওঁ সুতো দিব লাগিব। অৱশ্যে বিবেচনাৰ ধনৰাশি আৰু কৰ পৰিশোধ কৰি তেওঁ আকৌ আই টি চি ল’ব পাৰে। কৰযোগ্য লোকৰ বাহিৰে অন্য লোকক সামগ্ৰী আদায় দিলে কোনে আই টি চি লাভ কৰিব ? উত্তৰ : তেনে ক্ষেত্ৰত ধৰি লোৱা হ’ব যে এনে কৰাযুক্ত লোক নির্দেশ অনুসৰি এটা তৃতীয়পক্ষক সামগ্ৰী আদায় দিয়া হৈছে আৰু পঞ্জীভুক্ত লোকজনে সামগ্ৰীখিনি গ্রহণ কৰিছে। সেয়ে যাৰ নির্দেশ অনুসৰি সামগ্ৰীখিনি তৃতীয় ব্যক্তিক আদায় দিয়া হৈছে সেই লোকজনৰ বাবে আই টি চি উপলব্ধ হ’ব। আই টি চি লোৱাৰ সময় সীমা কি আৰু ইয়াৰ কাৰণসমূহ কি কি ? উত্তৰ : বিভীয় বৰ্ষৰ সমাপ্তিৰ পিছৰ ছেপ্টেম্বৰ মাহৰ বাবে অনুচ্ছেদ ৩৯ৰ অধীনত “ৰিটাৰ্ণ” দাখিল কৰাৰ নির্ধাৰিত তাৰিখৰ পিছত সামগ্ৰী অথবা সেৱাৰ যোগানৰ বাবে এজন পঞ্জীভুক্ত লোকে কোনোধৰণৰ চালান বা ডেবিট নোটৰ ক্ষেত্ৰত আই টি চি ল’ব নোৱাৰে, যাৰ প্ৰতি এনেধৰণৰ শেহতীয়া বার্ষিক হিচাপৰ প্ৰতিবেদন বা ইনভইচ/ ডেবিট নােটৰ সৈতে সম্পর্কযুক্ত ইনভইচ দাখিল কৰিলে, যিটোৱে আগতীয়াকৈ হয়। সেয়ে আই টি চি লোৱাৰ উচ্চ সময় সীমা হৈছে পৰৱর্তী বিত্তীয় বৰ্ষৰ ২০ অক্টোবৰ বা বার্ষিক হিচাপৰ প্ৰতিবেদন দাখিলৰ তাৰিখ, যিটো আগতীয়াকৈ হয়।এই নিষেধাজ্ঞাৰ অন্তৰালৰ যুক্তি হৈছে এইটোৱেই যে পৰৱৰ্তী বিত্তীয় বৰ্ষৰ ছেপ্টেম্বৰৰ পিছত বার্ষিক হিচাপত কোনো পৰিৱৰ্তন অনুমোদিত নহয়। যদি ছেপ্টেম্বৰৰ আগতেই বার্ষিক হিচাপে দাখিল কৰা হয়, তেতিয়া বার্ষিক হিচাপে দাখিল কৰাৰ পিছত কোনো পৰিৱর্তন সাধন কৰিব নোৱাৰিব। আয় কৰ আইন ১৯৬১ৰ ব্যৱস্থাৱলীৰ অধীনত মূলধনী সামগ্ৰীৰ ব্যয়ৰ কৰ উপাদানৰ ওপৰত পঞ্জীভুক্ত কৰযোগ্য লোকজনে মূল্য হ্রাসকৰণ। (depreciation) দাবী কৰিলে, এনে ক্ষেত্ৰত আই টি চি দিয়া হ’বনে ? উত্তৰ : উল্লিখিত কৰ উপাদানৰ ওপৰত ইনপুট টেক্স ক্রেডিট’ দিয়া নহ’ব, যাৰ ক্ষেত্ৰত মূলৰ হাসকৰণ দাবী কৰা হয়। কৰযোগ্য সামগ্ৰী অথবা সেৱা অথবা উভয়ৰে যোগানৰ বাবে ব্যৱহাৰিত প্ৰতিটো ইনপুটৰ ওপৰত পৰিশোধ কৰা কৰাৰ নিৰিখ জি এছ টিৰ অধীনত অনুমোদিতনে ? উত্তৰ : হয়, আইনখনত উল্লিখিত সামগ্ৰীৰ এখন সৰু তালিকাৰ বাহিৰে, সকলো সামগ্ৰীৰ ক্ষেত্ৰতে “ক্রেডিট’ গ্রহণযোগ্য। এই তালিকাত প্ৰধানকৈ ব্যক্তিগত উপভোগৰ সামগ্ৰী, যাৰ ব্যৱহাৰৰ পৰিণতিত একোটা স্থাৱৰ সম্পত্তি (গছ আৰু যন্ত্ৰ-পাতিৰ বাহিৰে), দূৰসংযোগ টাৱাৰ, ফেক্টৰী চৌহদৰ বাহিৰত থকা পাইপ লাইন ইত এৰাই চলাৰ তদন্তৰ পৰিণতি হিচাপে পৰিশোধ কৰা কৰ অন্তৰ্ভুক্ত থাকে। এজন কৰযোগ্য লোক তথ্য প্রযুক্তিৰ ব্যৱসায়ত আছে। তেওঁ তেওঁৰ কাৰ্যবাহী সঞ্চালকসকলৰ ব্যৱহাৰৰ বাবে এখন মটৰ গাড়ী কিনিলে। এনে মটৰ গাড়ী ক্ৰয়ত পৰিশোধ কৰা জি এছ টিৰ ক্ষেত্ৰত তেওঁ আই টি চি পাব পাৰেনে ? উত্তৰ : নোৱাৰে, মটৰ গাড়ীৰ ওপৰত আই টি চি কেৱল তেতিয়াহে পাব পাৰে যেতিয়া কৰযোগ্য লোকজন যাত্রী অথবা পণ্য-সামগ্ৰী কঢ়িওৱা ব্যৱসায়ত থাকে বা মটৰ গাড়ীৰ ওপৰত প্রশিক্ষণ দিয়া সেৱা তেওঁ প্ৰদান কৰে। কেতিয়াবা বিভিন্ন কাৰণত সামগ্ৰী নষ্ট হয় বা হেৰাই যায়। তেতিয়া এনে সামগ্ৰীৰ ক্ষেত্ৰত একোজন লোক আই টি চি ল’ব পাৰে ? উত্তৰ : নোৱাৰে, হেৰোৱা চুৰি হোৱা নষ্ট হোৱা বা কামত নহা সামগ্ৰীৰ ক্ষেত্ৰত একোজন লোকে আইটি চি ল’ব নাৱৰে। লগতে, উপহাৰ হিচাপে দিয়া বা বিনামূলীয়া আহি হিচাপে দিয়া সামগ্ৰীৰ ক্ষেত্ৰতো আই টি চি অনুমোদিত নহয়। একোজন পঞ্জীভুক্ত লোকে ব্যাৱসায়িক উদ্দেশ্যত নির্মিত একোটা ভৱনৰ নির্মাণত ব্যৱহৃত সামগ্ৰী অথবা সেৱাৰ বাবে আই টি চি পাব পাৰেনে ? উত্তৰ :নোৱাৰে, বৃক্ষ আৰু যন্ত্ৰ-পাতিৰ বাহিৰে অন্য স্থাৱৰ সম্পত্তিৰ নিৰ্মাণৰ বাবে ব্যৱহৃত সামগ্ৰী অথবা সেৱাৰ ওপৰত একোজন লোকক আই টি চি অনুমোদন দিয়া নহয়। কেৱল বৃক্ষ আৰু যন্ত্ৰ-পাতিয়েহে আধাৰ ভিত্তিত মাটিৰ সৈতে খাপ খাই থকা সঁজুলি, আহিলা পাতি বা গাঁথনিগত সহযোগিতা সামৰি লয়, আৰু অন্য বস্তুৰ মাজত মাটি আৰু ভৱন বাহিৰত ৰাখে। নতুনকৈ পঞ্জীভুক্ত এজন লোকৰ ক্ষেত্ৰত আই টি চিৰ ব্যৱস্থা কি হ’ব ? উত্তৰ :পঞ্জীয়নৰ বাবে আবেদন কৰা একোজন লোকে পঞ্জীয়ন মঞ্জৰ কৰাৰ ঠিক আগদিনা জমা থকা ইনপুটৰ বাবে আৰু অৰ্দ্ধ-সম্পূর্ণ বা সম্পূর্ণ সামগ্ৰীৰ ক্ষেত্ৰত ইনপুট টেক্স ক্রেডিট’ ল’ব পাৰে। যদি লোকজন পঞ্জীয়ন ল’বৰ যোগ্য হয় আৰু তেওঁ পঞ্জীয়নৰ বাবে যোগ্য হোৱাৰ তাৰিখৰ পৰা ৩০দিনৰ ভিতৰত আবেদন কৰে, তেতিয়া জমা থকা ইনপুটৰ কৰৰ নিৰিখ আৰু কৰ পৰিশোধৰ বাবে যোগ্য হোৱাৰ তাৰিখৰ ঠিক আগদিনা জমা থকা অৰ্দ্ধ-সম্পূর্ণ বা সম্পূর্ণ সামগ্ৰীৰ ক্ষেত্ৰত তেওঁ নপুট টেক্স ক্রেডিট’ ল’ব পাৰে। ২০১৭ৰ ১ আগষ্টত কৰ পৰিশোধ কৰিবলৈ এজন লোক দায়বদ্ধ হ’ল আৰু তেওঁ ২০১৭ৰ ১৫ আগষ্টত পঞ্জীয়ন লাভ কৰিলে। এনে লোক কেতিয়া জমা থকা ইনপুটৰ বাবে ইনপুট টেক্স ক্রেডিট’ পাবলৈ সক্ষম হ’বঃ ১আগষ্ট, ২০১৭ ৩১ জুলাই, ২০১৭ ১৫ আগষ্ট, ২০১৭ তেওঁ বিগত সময়ছোৱাৰ বাবে “ক্রেডিট’ পাব নোৱাৰে। উত্তৰ : ৩১ জুলাই, ২০১৭৷৷ ইচ্ছাকৃতভাৱে পঞ্জীয়ন লাভ কৰা একোজন লোকৰ ক্ষেত্ৰত জমা থকা ইনপুটৰ ওপৰত ইনপুট টেক্স ক্রেডিট’ৰ যোগ্যতা কি ? উত্তৰ : ঐচ্ছিক পঞ্জীয়ন লাভ কৰা একোজন লোক, পঞ্জীয়নৰ ঠিক আগদিনা জমা থকা ইনপুট, অৰ্দ্ধ-সম্পূর্ণসামগ্ৰী আৰু সম্পূর্ণসামগ্ৰীৰ ক্ষেত্ৰত ইনপুট টেক্স ক্রেডিট’ পোৱাৰ যোগ্য। একোজন পঞ্জীভুক্ত লোকৰ সংবিধানত কিবা পৰিৱৰ্তন হ’লে ইনপুট’ কৰৰ সক্ষমতা কি হ’ব ? উত্তৰ : পঞ্জীভুক্ত লোকজনক ইনপুট টেক্স ক্রেডিট’ হস্তান্তৰ কৰিবলৈ অনুমতি প্রদান কৰা হ’ব, যিবিলাক তেওঁৰ ইলেকট্রনিক ক্রেডিট লেজাৰৰ নতুন প্রতিষ্ঠানৰ বাবে অব্যৱহৃত হৈ থাকে, কোৱা হৈছে যে দায়বদ্ধতা হস্তান্তৰৰ বাবে এক নির্দিষ্ট ব্যৱস্থা আছে। য’ত সামগ্ৰী অথবা সে ৱিা অথবা উভয়ে এজন কৰযোগ্য লোকে কৰযোগ্য আৰু কৰ অযোগ্য যোগান প্রযোজ্য হোৱাকৈ ব্যৱহাৰ কৰি থাকে, তেনে ক্ষেত্ৰত পঞ্জীভুক্ত কৰযোগ্য লোকজনৰ ক্ষেত্ৰত ইনপুট টেক্স ক্রেডিট’ পর্যাপ্তনে ? উত্তৰ : কেৱল কৰযোগ্য যোগানৰ ক্ষেত্ৰত প্রযোজ্য হােৱা সামগ্ৰী অথবা সেৱা অথবাো উভয়ৰ ইনপুট টেক্স ক্রেডিট’ পঞ্জীভুক্ত লোকে ল’ব পাৰে। নীতি-নিয়মত যোগ্যতাসম্পন্ন নিৰিখৰ গণনাৰ ধৰণ দিয়া হ’ব। যদি কেৱল কৰযোগ্য যোগানৰ ক্ষেত্ৰতহে সামগ্ৰী অথবা সেৱা অথবা উভয়ৰে ইনপুট টেক্স ক্রেডিট’ প্রযোজ্য হয়, তেতিয়া ৰপ্তানি কৰোতে কৰ ৰেহাই দিয়া যোগানৰ ক্ষেত্ৰত ইনপুট টেক্স ক্রেডিট’ হেৰুৱাবলগীয়া নহ’বনে ? উত্তৰ : ইনপুট টেক্স ক্রেডিট’ অনুমোদন কৰাৰ উদ্দেশ্যে কৰযোগ্য যোগানৰ পৰিসৰত শূন্য নিৰিখৰ যোগান সামৰি লোৱা হৈছে। শূন্য নিৰিখৰ যোগান পৰিসৰ সমন্বিত সামগ্ৰী অথবা সেৱা কৰ উল্লেখ কৰা হৈছে য’ত কৰ ৰেহাই দিয়া যোগানকো অন্তৰ্ভুক্ত কৰ হৈছে। তলৰ কোনটো “ক্রেডিট’ পোৱাৰ উদ্দেশ্যে কৰযোগ্য যোগানৰ অন্তৰ্ভুক্ত গণনাত হৈছে ? শূন্য নিৰিখৰ যোগান কৰ কর্তন কৰা যোগান দুয়োটা উত্তৰ: শূন্য নিৰিখৰ যোগান। যত এজন পঞ্জীভুক্ত লোকে গ্ৰহণ কৰা সামগ্ৰী অথবা সেৱা অথবা ব্যৱসায়ৰ উদ্দেশ্যে আংশিকভাৱে আৰু অন্য উদ্দেশ্যত আংশিকভাৱে ব্যৱহাৰ কৰা হয়, তেতিয়া লোকজনে ‘ইনপুট টেক্স ক্রেডিট’ পাবনে ? উত্তৰ: কেৱল পঞ্জীভুক্ত লোকেহে ব্যৱসায়ৰ উদ্দেশ্যে সামগ্ৰী অথবা সেৱা অথবা উভয়ৰে ক্ষেত্ৰত ‘ইনপুট টেক্স ক্রেডিট’ ল’ব পাৰে। এনেদৰে পাব পৰা ‘ক্রেডিট’ৰ গণনাৰ ধৰণ নিয়মাৱলীয়ে নিৰূপন কৰিব। সংলগ্ন আঁচনিৰ (compounding scheme)অধীনত কগৰ পৰিশোধ কৰি থকা এজন লোকে উক্ত সংলগ্ন সময় সীমা অতিক্রম কৰি এজন নিয়মীয়া কৰযোগ্য লোকত পৰিণত হ’ল। তেওঁ আই টি চি পাব পাৰেনে আৰু যদি পাৰে। কোন তাৰিখৰ পৰা? উত্তৰ: জমা থকা ইনপুটৰ ক্ষেত্ৰত আৰু জমা থকা অৰ্দ্ধ-সম্পূর্ণ বা সম্পূর্ণ সামগ্ৰীৰ ক্ষেত্ৰত আৰু মূলধনী সামগ্ৰীৰ ওপৰত (নির্ধাৰিত শতকৰা নিৰিখত হ্রাস কৰা) যি তাৰিখৰ পৰা তেওঁ সংযোগ আঁচনিৰ বাবে যোগ্যতাসম্পন্ন নহয় বুলি প্রতিপন্ন পায় সেই তাৰিখৰ ঠিক পিছদিনাৰ পৰা তেওঁ আই টি চি পাব পাৰে। সক্ষমতাপূর্ণ নিৰিখ গণনাৰ ধৰণ নিয়মাৱলীয়ে প্রদান কৰিব। বেংক সেৱাৰ কোম্পানীসমূহৰ ক্ষেত্ৰত কোনো বিশেষ ব্যৱস্থাৱলী আছেনে? উত্তৰ: বিশেষীকৃত সেৱাৰ যোগানৰ সৈতে জড়িত একোটা নন-বেংকিং বিত্তীয় কোম্পানীৰ লগতে একোটা বেংক সেৱাৰ কোম্পানী বা বেংকিং প্রতিষ্ঠানে হয় আংশিক ‘ক্রেডিট’ লাভ কৰিব নহয় সক্ষম ‘ইনপুট টেক্স ক্রেডিট’ৰ ৫০ শতাংশ লাভ কৰিব। এজন পঞ্জীভুক্ত ব্যক্তি শ্ৰীযুত ‘ক’ই ৩০ জুলাই, ২০১৭লৈকে সংযোগ আঁচনিৰ অধীনত কৰ পৰিশোধ কৰি আছিল। অৱশ্যে, ৩১ জুলাই, ২০১৭ৰ পৰা কাৰ্যকৰী হোৱাকৈ শ্ৰীযুত ‘ক’ নিয়মীয়া আঁচনিৰ অধীনত কৰ পৰিশোধৰ যোগ্য হ’ল। তেওঁ আই টি চিৰ বাবে যোগ্য হ’বনে ? উত্তৰ: ৩০জুলাই, ২০১৭ত জমা থকা ‘ইনপুট’ আৰু জমা থকা অৰ্দ্ধ-সম্পূর্ণ বা সম্পূর্ণ সামগ্ৰীৰ ‘ইনপুট’ আৰু মূলধনী সামগ্ৰীৰ (পৰামর্শ দিব পৰা এনে শতাংশ অনুসৰি হ্ৰাস কৰা) ‘ইনপুট’ৰ বাবে ‘ক’ ‘ইনপুট টেক্স ক্রেডিট’ পোৱাৰ যোগ্য। শ্ৰীযুত 'খ’ই ৫ জুন, ২০১৭ত স্বেচ্ছামূলক পঞ্জীয়নৰ বাবে আবেদন কৰিলে আৰু ২২জুন, ২০১৭ত পঞ্জীয়ন লাভ কৰিলে। শ্ৰীযুত ‘খ’ কেতিয়া জমা থকা ‘ইনপুট’ৰ ওপৰত ‘ইনপুট টেক্স ক্রেডিট’ পাবলৈ যোগ্য? উত্তৰ; ২১ জুন, ২০১৭ত জমা থকা ‘ইনপুট’ আৰু অৰ্দ্ধ-সম্পূর্ণ বা সম্পূর্ণ সামগ্ৰীৰ ক্ষেত্ৰত থকা ‘ইনপুট’ৰ বাবে শ্ৰীযুত ‘খ’ ‘ইনপুট টেক্স ক্রেডিট’ পাবলৈ যোগ্য। শ্ৰীযুত ‘খ’ই মূলধনী সামগ্ৰীৰ ক্ষেত্ৰত ‘ইনপুট টেক্স ক্রেডিট’ ল’ব নোৱাৰে। সংযোগ আঁচনিৰ বাবে ইচ্ছা কৰি থকা বা তেওঁ যোগান ধৰা সামগ্ৰী অথবা সেৱা অথবা দুয়োটা সম্পূৰ্ণৰূপে কৰাৰ পৰা ৰেহাই পোৱা এজন পঞ্জীভুক্ত লোকে লাভ কৰা ‘ইনপুট টেক্স ক্রেডিট’ৰ ক্ষেত্ৰত কি হ’ব ? উত্তৰ: পঞ্জীভুক্ত লোকজনে তেনে বিকল্প লাভৰ বাবে কৰা অনুশীলনৰ তাৰিখৰ বা কৰ কৰ্তনৰ তাৰিখৰ ঠিক আগদিনা থকা জমাৰ ক্ষেত্ৰত হোৱা ‘ইনপুট টেক্স ক্রেডিট’ৰ সমপৰিমাণৰ ধনৰাশি পৰিশোধ কৰিব লাগিব। মূলধনী সামগ্ৰীৰ ক্ষেত্ৰত, পৰিশোধ কৰিবলগীয়া ধনৰাশি এক নির্দেশিত শতাংশ পৰিমাণত হ্রাস কৰি গণনা কৰা এই পৰিশোধ ক্রেডিট লেজাৰত পর্যাপ্ত ধন থাকিলে,ইলেকট্রনিক ক্রেডিট লেজাৰ ‘ডেবিট’কৰি, বা ইলেকট্রনিক কেছ লেজাৰ ‘ডেবিট’ কৰি এই পৰিশোধ কৰিব পাৰি। যদি ক্রেডিট লেজাৰত কোনোধৰণৰ বাকী থাকি যায়, তেতিয়া ই কম পৰিব। আই টি চি প্রাপ্তিৰ সময়সীমাৰ ওপৰত কিবা প্রতিবন্ধকতা আছে নেকি ? উত্তৰ: নতুন পঞ্জীয়নৰ ক্ষেত্ৰত, সংযোগৰ পৰা সাধাৰণ আঁচনিলৈ পৰিৱৰ্তনত, কৰ ৰেহাইৰ পৰা কৰাযোগ্য যোগানলৈ, এনেধৰণৰ যোগানৰ সৈতে সম্পর্কযুক্ত কৰ চালান জাৰি কৰাৰ তাৰিখৰ পৰা এবছৰ শেষ হোৱাৰ পিছত সংশ্লিষ্ট লোকজনে আই টি চি লাভ কৰিব নোৱাৰে। য’ত গ্ৰহণ কৰোতাই দাখিল কৰা আভ্যন্তৰীণ যোগানৰ সবিশেষ যোগনীয়াৰে তেওঁৰ বৈধ হিচাপৰ বিৱৰণত দাখিল কৰা বাহিৰা যোগানৰ সবিশেষৰ সৈতে নিমিলে তেতিয়া কি হ’ব ? উত্তৰ: অমিলৰ ক্ষেত্ৰত, উভয় পক্ষৰ সৈতে যোগাযোগ কৰা হ’ব। যদি অমিল সংশোধন কৰা নহয়, তেতিয়া এনেধৰণৰ অমিলৰ বিষয়ে তথ্য আদান প্ৰদানৰ মাহৰ ঠিক পৰৱর্তী মাহত গ্রহণ কৰোতাৰ বাহিৰা যোগানৰ দায়বদ্ধতাৰ সৈতে এই ধনৰাশি সংযোজিত হ’ব। কেৱল সাদৃশ্যৰ পিছতহে ‘ইনপুট টেক্স ক্রেডিট’ অনুমোদিত হয়নে ? উত্তৰ: নহয়, দুমাহৰ বাবে চৰ্তসাপেক্ষে ‘ইনপুট টেক্স ক্রেডিট’ অনুমোদিত হয়। এই প্রণালীৰ জৰিয়তে খাপ খোৱা যোগানৰ সবিশেষ আৰু বৈসাদৃশ্য সংশ্লিষ্ট যোগনীয়াৰ আৰু গ্রহণ কৰোতাক অৱগত কৰা হয়। বিসংগতি থাকি গ’লে, ইতিমধ্যে লোৱা আই টি চি স্বয়ংক্রিয়ভাৱে উভতি আহিব। সকলো দায়বদ্ধতাৰ পৰিশোধৰ বাবে চৰ্তসাপেক্ষে অনুমোদিত আই টি চি ব্যৱহাৰ কৰিব পাৰিনে ? উত্তৰঃ নোৱাৰি, চৰ্তসাপেক্ষে অনুমোদিত আই টি চি কেৱল হিচাপ-নিকাচত স্বনিৰূপিত বহিৰ্গমনৰ পৰিশোধৰ ক্ষেত্ৰতহে প্রযোজ্য। কৰযোগ্য লোকে যোগান ধৰা, ইতিমধ্যে আই টি চি লোৱা মূলধনী সামগ্ৰীৰ ক্ষেত্ৰত কৰৰ প্ৰভাৱ কি হ’ব ? উত্তৰ: মূলধনী সামগ্ৰী বা সৰঞ্জাম আৰু যন্ত্ৰ-পাতিৰ যোগানৰ ক্ষেত্ৰত, যিবিলাকৰ ওপৰত ‘ইনপুট টেক্স ক্রেডিট’ লোৱা হৈছে, পঞ্জীভুক্ত লোকজনে উল্লিখিত মূলধনী সামগ্ৰী বা সৰঞ্জামৰ ওপৰত লোৱা ‘ইনপুট টেক্স ক্রেডিট’ৰ সমপৰিমাণৰ ধনৰাশি পৰিশোধ কৰিব আৰু এই ক্ষেত্ৰত পৰামৰ্শযোগ্য শতাংশৰ নিৰিখ অনুসৰি হ্ৰাস কৰা যন্ত্ৰ-পাতি অনুসৰি বা এনে মূলধনী সামগ্ৰীৰ লেনদেন মূল্যৰ ওপৰত আৰোপিত কৰ, যিটোৱেই অধিক হয়, প্রযোজ্য হ’ব। এজন পঞ্জীভুক্ত লোকে কৰা মূলধনী সামগ্ৰীৰ যোগানৰ ক্ষেত্ৰত প্রযোজ্য কৰ কি হ’ব, যি এনে মূলধনী সামগ্ৰীৰ ওপৰত আই টি চি লৈছে? উত্তৰ: পঞ্জীভুক্ত লোকজনে নির্দেশিত শতাংশ নিৰিখত হ্রাস কৰা আই টি চিৰ সমপৰিমাণত বা লেনদেন মূল্যৰ ওপৰত আৰোপিত কৰৰ সমপৰিমাণত, যিটোৱেই অধিক হয়, ধনৰাশি পৰিশোধ কৰিব। কিন্তু ব্যৱহাৰ নকৰি আঁতৰাই দিয়া ইটা, বোকা, মাটি আৰু সাঁচ, ব্যৱহাৰ কৰি পেলাই দিয়া সামগ্ৰী আৰু এবাৰ ব্যৱহাৰ হোৱা সামগ্ৰী, যেতিয়া এইবিলাকক পেলনীয়া হিচাপে যোগান ধৰা হয়। তেতিয়া লোকজনে লেনদেন মূল্যৰ ওপৰত কৰ পৰিশোধ কৰিব পাৰে। উৎস : চেন্ট্ৰেল ব’ৰ্ড অৱ এক্সাইজ এণ্ড কাষ্টমছ