অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমাৰ বিষয়ে

আমাৰ বিষয়ে

বিকাশপেডিয়া পৰ্টেলটোৱে ৰাষ্ট্ৰৰ সামাজিক উন্নয়নৰ বাবে প্ৰয়োজনীয় কিছুমান বিষয়ৰ জ্ঞানৰ সমষ্টি একত্ৰিত কৰি বিকাশৰ প্ৰচেষ্টা আগবঢ়াইছে। এই পৰ্টেলটোৱে পৰ্টেলৰ বিষয়সমূহৰ লগত সম্পৰ্ক থকা বিভিন্ন তথ্য, সামগ্ৰী আৰু সেৱাসমূহ আৰু একেবাৰে পিছপৰা অঞ্চলৰ লোকসকল বিশেষকৈ আৰ্থিকভাৱে পিছপৰা লোকসকলৰ উন্নয়নৰ অৰ্থে এক পদক্ষেপ হাতত লৈছে।

বিকাশপেডিয়াই আৰ্থিক ভাৱে পিছপৰা সম্প্ৰদায় আৰু উন্নয়নৰ মাজত এক সেঁতুৰ দৰে কাম কৰে, উদাহৰণস্বৰুপে, চৰকাৰৰ লগত বিভিন্ন সামাজিক গোটসমূহ/বেচৰকাৰী সংগঠন আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ মাজত সংযোগ স্থাপন কৰি। এই পৰ্টেলৰ লগতে বিভিন্ন প্ৰতিষ্ঠান আৰু অৰুণোদয় কেন্দ্ৰৰ দ্বাৰা ভাৰতৰ জনসাধাৰণক স্থানীয় ভাষাত লিখনি আৰু সেৱাসমূহৰ জৰিয়তে তথ্য যোগাযোগ প্ৰযুক্তিৰ সম্প্ৰসাৰণ কৰি যাতে গ্ৰাম্য ভাৰতক সৱলীকৰণৰ দ্বাৰা জনসাধাৰণৰ জীৱনধাৰণৰ পদ্ধতি সলনি কৰি এটা বেলেগ জীৱন অতিবাহিত কৰিব পাৰে তাৰেই প্ৰয়াস কৰিছে।

এই পৰ্টেলটো ভাৰত বিকাশ প্ৰৱেশদ্বাৰ নামৰ প্ৰকল্পৰ অংশ ৰুপে ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MEIT)ৰ সহায়ত চেণ্টাৰ ফৰ ডেভেলপমেণ্ট এণ্ড এডভান্স কম্পিউটিং হায়দৰাবাদৰ দ্বাৰা কাৰ্য্যকৰী কৰা হৈছে।

চেণ্টাৰ ফৰ ডেভেলপমেণ্ট এণ্ড এডভান্স কম্পিউটিং নামৰ অনুষ্ঠানটো স্থাপিত হৈছিল ১৯৮৮ চনৰ মাৰ্চ মাহত, ভাৰত চৰকাৰৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনত বৈজ্ঞানিক সমিতি হিচাপে স্থাপন কৰা হৈছিল।

চি-ডেক হায়দৰাবাদে ই-সুৰক্ষা, ই-শিক্ষা, যোগানৰ শৃংখল ব্যৱস্থাপনা, মুক্ত উৎসৰ চফ্‌টৱেৰ, ভিএলএচআই আৰু এমবেডেড চিচটেম ডিজাইন এই বিষয়সমূহৰ লগত জড়িত হৈ আছে।

শেহতীয়া উন্নীতকৰণ: : 7/27/2016



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate