সমাজ-সভ্যতা যিমানে আগবাঢ়িছে সিমানে মানুহবোৰৰ মন, কল্পনাশক্তি, বিচাৰ- বিবেচনাও পৰিৱৰ্তন হৈছে। আজিৰ সমাজৰ পুৰুষ- মহিলা সমানেই কৰ্মমুখিতাৰ ফালে ধাৱমান হৈছে। কৰ্মই হৈছে মানৱ জীৱনৰ পৰম ধৰ্ম। পুৰুষৰ দৰে আৰ্থিক অৱস্থা টনকিয়াল কৰিবৰ বাবে আজিৰ মহিলাই কঁকালত বান্ধি লৈছে টঙালি আৰু হাতৰ মুঠি টান কৰি আগবাঢ়িছে কৰ্মৰ দিশে। দৰ্ং জিলাৰ ছিপাঝাৰৰ এটি অঞ্চল আঠকুৰীয়াৰ এগৰাকী মহিলা মৰমী চৌধুৰীৰ প্ৰায় ৩/৪ বিঘাত অমিতা খেতিৰে স্বাৱলম্বী হৈছে। প্ৰায় ৩৫ জোপা অমিতা গছৰ ভিতৰত একোজোপা গছত ২০ ৰ পৰা ৩৫ টাকৈ অমিতাৰ ফচল পাইছে। প্ৰায় ২ বছৰ ধৰি কৰি আহিছে এই অমিতা খেতি। অৱশ্যে তেখেতৰ এই কৰ্মত বিশেষভাৱে সহায় কৰি আহিছে এজন পুৰুষ আৰু আন এগৰাকী মহিলাইও। কোনোধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ কৰিছে যদিও ঘৰুৱাভাৱে ব্যৱসায় কৰা মহিলাগৰাকীৰ অমিতা বাৰীখনে প্ৰতিগৰাকী মহিলাক জীৱন সংগ্ৰাম কেনেকৈ কৰি স্বাৱলম্বী হ’ব পাৰি এবাৰলৈ হ’লেও সোঁৱৰাই দিব। মৰমী চৌধুৰীৰ কৃষিকৰ্মৰ প্ৰেৰণাৰে ওলাই আহি মহিলা স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰি জগত ধুনীয়া কৰো আহক।
লেখক: পল্লৱ দ্বীজেন (নন্দিনী)
শেহতীয়া উন্নীতকৰণ: : 3/20/2020