অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উত্তৰ পূৱত কাঠফুলাৰ খেতিৰে বিপ্লৱ সুচনা কৰা উদ্যমীজন

উত্তৰ পূৱত কাঠফুলাৰ খেতিৰে বিপ্লৱ সুচনা কৰা উদ্যমীজন

গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি সবল কৰি তুলিব পৰা এক খেতি হ’ল কাঠফুলা। এই কাঠফুলা অথবা মাশ্বৰূম (Mushroom) সকলোৰে বাবে অতি আৱশ্যকীয় উপাদানেৰে পৰিপূৰ্ণ খাদ্য। কিয়নো ইয়াত পুষ্টিকৰ গুণ বহু পৰিমাণে অন্তনিৰ্হিত হৈ থাকে। আটাইতকৈ ডাঙৰ কথা অতি কম মূলধনত এই খেতি কৰিব পৰা যায়।

কাঠফুলাৰ ব্যৱসায়েৰে অৰ্থনৈতিক ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগাইছে উদ্যমী প্ৰাঞ্জল বৰুৱাই। বৰুৱাই য়'ৰ ষ্ট'ৰী অসমীয়াক এনেদৰে কয়-

'সৰুৰে পৰা মই বিভিন্ন ব্যৱসায় কৰিছো। এবাৰ প্লেনত দিল্লীৰ পৰা গুৱাহাটীৰ অভিমুখে যাত্ৰা কৰোতে এজন অনা অসমীয়া মানুহৰ লগত পৰিচয় হৈছিল। তেখেতে ডিমাপুৰৰ পৰা কাঠফুলা আমদানিৰ বাবে অহা বুলি জানিব পাৰিলো। কথাষাৰে মোক ভবাই তুলিলে। মনতে ভাবিলো আমাৰ উত্তৰ পূৱত নো কিয় এনে এটা ব্যৱসায় কৰিব নোৱাৰোঁ আৰু সেই কথা জানিবৰ বাবে আমাৰ ঘৰত ভাড়া থকা Small Industry Development Bank ৰ এজন মানুহৰ কাষ চাপো আৰু মানুহজনৰ পৰা কাঠফুলাৰ সম্পৰ্কে ধাৰণা লওঁ। আৰু তেখেতে মোক বশিষ্ঠৰ শান্তি সাধনা আশ্ৰমত কাঠফুলা সম্পৰ্কে দিয়া প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। মই ৰৈ নাথাকিলো । শান্তি সাধনা আশ্ৰমত দিয়া প্ৰশিক্ষণৰ সমান্তৰাল ভাবে পুৰণা ঘৰতে এখন ফাৰ্ম প্ৰস্তুত কৰোঁ। ৩০ ডাল মান বাঁহ, ৪ টা ৰেগ আৰু অলপমান খেৰেৰে পোনপ্ৰথমে ফাৰ্মৰ খেতি আৰম্ভ কৰোঁ, ফাৰ্মত উৎপাদিত কাঠফুলা বিক্ৰীৰ বাবে যথেষ্ট কষ্ট কৰিছো। ঘৰে ঘৰে গৈ দোকানে দোকানে গৈ কাঠফুলাৰ পেকেট বিক্ৰী কৰাৰ উদাহৰণো আছে।'

 

আচলতে উদ্যমীয়ে সময়ৰ ওচৰত কেতিয়াও হাৰ নামানে। স্বাৱলম্বী মনৰ অধিকাৰী বৰুৱাও ইয়াৰ ব্যতিক্ৰম নাছিল। দুগুণ উৎসাহেৰে যোৰহাটলৈ গৈ বীজ উৎপাদন কৰিবৰ বাবে National Small Industry Development Cooperation ৰ পৰা এটা মেচিন কিনিলে। আৰু বীজ বনোৱাৰ পদ্ধতিটো যোৰহাটৰ এজন ব্যক্তিৰ পৰা শিকি লয়। ইয়ে তেওঁক ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত পিছলৈ ঘৰি চাবলৈ দিয়া নাই। উল্লেখযোগ্য যে প্ৰাঞ্জল বৰুৱাই এবাৰ দিল্লীৰ প্ৰগতি মৈদানত অনুষ্ঠিত এক মেলাত অংশগ্ৰহণ কৰিব গৈছিল। তাত লগ পোৱাৰ বিভিন্ন দেশৰ বিভিন্ন ব্যক্তিৰ পৰা কাঠফুলা ব্যৱসায় কাৰিকৰী পদ্ধতি সম্পৰ্কে যথেষ্ট ঞ্জান লাভ কৰে। ই বৰুৱাৰ ব্যৱসায়ৰ ক্ষেত্ৰত সহায় কৰে। ইয়াৰ উপৰিও পৰৱৰ্ত্তী সময়ত হিমাচল প্ৰদেশত Director of Mushroom Research Training ত কাঠফুলাৰ সম্পৰ্কে প্ৰশিক্ষণ গ্ৰহণ কৰে।

বৰুৱাৰ ফাৰ্মত তিনিবিধ কাঠফুলাৰ খেতি হয়, সেই কেইটা হ’ল অয়ষ্টাৰ মাশ্বৰূম, মিল্কী মাশ্বৰূম, বাৰ্টন মাশ্বৰূম আৰু শ্বিটাকে মাশ্বৰূম । উল্লেখযোগ্য সম্পূৰ্ণ ব্যক্তিগত ভাবে ১৯৯৮ চনত মাশ্বৰূমৰ পাপৰ, আচাৰ, ভুজিয়া, চাওমিন, বিস্কুট আদিকে ধৰি ১৫ বিধ সামগ্ৰী বজাৰত মুকলি কৰি দিয়া কাৰ্য্যৰ বাতৰিয়ে এসময়ত সংবাদ শীৰ্ষ দখল কৰিছিল। ইতিমধ্যে অসমকে আদি কৰি ৭খন ৰাজ্যত ২০,০০০ হাজাৰ কৃষকৰ আৰু ৬০০ খন গাওঁ বৰুৱাৰ ব্যৱসায়ে সামৰি লৈছে। কাঠফুলাৰ বীজৰ উৎপাদন হয়, খেতি কৰা হয়, পেকেজিং কৰা হয় প্ৰঞ্জল বৰুৱাৰ উদ্যোগত। তেখেতে ১৯৯৪ চনতে মাশ্বৰূম ডেভেলপমেণ্ট ফাউণ্ডেচন গঠন কৰিছিল। বৰ্ত্তমান Eco Friendly Integrate Livelihood Mission চলি আছে।

প্ৰঞ্জল বৰুৱাৰ ভাষাত 'মই তৃণমূল পৰ্য্যায়ৰ মানুহৰ পৰা ৰাষ্ট্ৰীয় স্তৰৰ ব্যক্তিৰ লগত কাম কৰি জ্ঞান আহৰণ কৰাৰ সুযোগ পাইছো। সেয়েহে মই অত্যন্ত সুখী । International Business Plan Competition ত অংশগ্ৰহণ কৰি দুবাৰকৈ বিজয়ী হ’বলৈ সক্ষম হ’লো। বিশেষকৈ কৃষক আৰু বজাৰৰ মাজত দুৰত্ব হ্ৰাস পোৱাত ফলৱৰ্ত্তী হৈছো।'

উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ আৰু মজলীয়া খেতিয়কসকলৰ সবলীকৰণৰ অৰ্থে এই সংস্থাই কাম কৰি আছে। বৰুৱাৰ এনে মহৎ উদ্দেশ্যে কাম প্ৰতি সন্মান জনাই ২০০৪ চনত Progressive Mushroom Farmer of India শীৰ্ষক উপাধি হিমাচল প্ৰদেশ চলানৰ পৰা লাভ কৰে। ইয়াৰ উপৰিও ২০০৩ বৰ্ষত Ashoka Fellowship পাবলৈ সক্ষম হয়।

উৎস: ইন্টাৰনেট

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate