অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উন্নত জাতৰ বগৰী খেতিৰে আত্মসংস্থাপন নাগ্ৰীজুলিৰ কাজল ৰায়ৰ:

উন্নত জাতৰ বগৰী খেতিৰে আত্মসংস্থাপন নাগ্ৰীজুলিৰ কাজল ৰায়ৰ:

 

তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ ২ নং বগৰীখুটি গাঁৱৰ কাজল ৰায় নামৰ লোকজনে উন্নত জাতৰ এবিধ বগৰী গছৰ খেতি কৰি আৰ্থিকভাৱে লাভৱান হ’বলৈ সক্ষম হৈছে। ৰায়ে জনোৱা মতে, দুবছৰ আগেতে কলকাতাৰ এজন অৱসৰপ্ৰাপ্ত কৃষি বিষয়াৰ এখন কৃষি পামত এই বগৰী বিধৰ খেতি দেখা পাইছিল। তাৰপৰাই বগৰীবিধৰ পুলি আনি তেওঁ ৰৌতা চাৰিআলিত প্ৰায় পাঁচ বিঘা মাটিত ৰোপণ কৰিছিল। এই পুলিবোৰৰপৰা উৎপাদিত বগৰী বিক্ৰী কৰি তেওঁ সম্প্ৰতি আৰ্থিকভাৱে লাভৱান হ’বলৈ সক্ষম হৈছে।

কাজল ৰায়ে জনোৱা মতে, কলকাতাৰ কৃষি বিজ্ঞানীগৰাকীয়ে আমাৰ গাঁৱত সাধাৰণতে পোৱা বগৰী গছৰ পুলিৰ সৈতে আপেল গছৰ পুলিৰ ‘ক্ৰছ’ কৰি এবিধ ‘ষ্টাম্প’ আকাৰৰ গছৰ পুলিৰ জন্ম দিছিল। বিজ্ঞানীগৰাকীয়ে এই পুলিবোৰ পৰীক্ষামূলকভাৱে ৰোপণ কৰাৰ পিছত ইয়াৰপৰা আপেলতকৈ কিছু সৰু আকৃতিৰ বৰীসদৃশ এবিধ ফল উৎপাদন কৰিবলৈ সক্ষম হৈছিল। সেয়ে এই ফলবিধক ‘আপেল ক্ৰছ বগৰী’ নাম দিয়া হৈছিল। এই ফলবিধৰ সোৱাদ অতি উত্তম। এই ফলবিধৰ প্ৰতি গ্ৰাহকৰ আকৰ্ষণ বৃদ্ধি পোৱাত তেওঁ এই পদ্ধতিৰে বগৰীসদৃশ গছবিধৰ পুলি উৎপাদনৰ কাম ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰে। কাজল ৰায়ে ফলবিধৰ প্ৰতি আকৰ্ষিত হৈ কলকাতাৰপৰা প্ৰতিটো পুলি এশ টকা দৰত কিনি আনি ৰৌতা চাৰিআলিত পৰীক্ষামূলকভাৱে ৰোপণ কৰে। এই পুলিবোৰত সাত মাহমানৰ পিছতে ফল ধৰে। তাৰ পিছত এই ফলসমূহ পৈণত হোৱাত বজাৰত বিক্ৰী কৰিবলৈ লয়। গ্ৰাহক ৰাইজৰ মাজত বগৰীবিধৰ চাহিদাও বৃদ্ধি হ’বলৈ ধৰে। কাজল ৰায়ে জানিবলৈ দিয়া মতে, ৰৌতা অঞ্চলত এতিয়া আন কিছুমান যুৱকে এই বগৰীবিধৰ খেতি কৰিবলৈ লৈছে। ফলত ৰৌতাত এইবিধ ফলৰ উৎপাদন বৃদ্ধি হ’বলৈ ধৰিছে। কাজল ৰায়ে জানিবলৈ দিয়া মতে, এই গছবিধ উৎপাদনৰ বেলিকা তেওঁ জৈৱিক সাৰ আৰু অতি কম পৰিমাণে কীটনাশক ঔষধ ব্যৱহাৰ কৰিছে। বগৰী গছবোৰ ন-দহ ফুট ওখ হয়। এইবেলি কাজলে নিজ গাঁও নাগ্ৰীজুলিৰ নংবগৰীখুটিত বগৰীবিধৰ খেতি কৰিছে। পৈণত ফলবোৰ বগামাটিত বনভোজথলী, নাগ্ৰীজুলি, তামুলপুৰ, কুমাৰীকাটা, আনকি ভূটানলৈও ৰপ্তানি কৰি আছে। কাজলে জনোৱা মতে, আপেল ক্ৰছ বগৰীৰ ফলবোৰৰ বজাৰত চাহিদা যথেষ্ট বেছি। অতি সুস্বাদু এই ফলবিধ কিলোগ্ৰামে প্ৰতি ৮০ৰ পৰা ১০০ টকালৈ বিক্ৰী কৰি আছে।

উৎস:উৎপল ডেকা(দৈনিক অসম)

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate