অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী নগৰবেৰাৰ শচীনঃ

কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী নগৰবেৰাৰ শচীনঃ

কৃষি-কৰ্মৰ যোগেদিও বছৰদিনৰ ভিতৰতেই এজনে কেইবালাখ টকা উপাৰ্জন কৰিব পাৰে। পৰিকল্পিত কৃষি-কৰ্মৰ যোগেদি কৰ্মনিষ্ঠা, মনোবল আৰু শ্ৰমবিমুখ নহ’লে বছৰেকত ১০ লাখৰ পৰা ২০ লাখলৈকে উপাৰ্জন কৰাটো অসম্ভৱ নহয়। দক্ষিণ কামৰূপৰ নগৰবেৰা অঞ্চলৰ এজন শিক্ষিত যুৱকে দেখুৱালে এনে বিৰল নিদৰ্শন। নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মালঞ্চা গাঁৱৰ শচীন দাস নামৰ এজন যুৱকে কোনো চৰকাৰী সাহায্য নোহোৱাকৈ নিজৰ গাঁঠিৰ ধন ব্যয় কৰি প্ৰায় বিশ বিঘা মাটিত কুঁহিয়াৰ খেতি কৰি বছৰদিনৰ ভিতৰতে এনে ঈৰ্ষণীয় সফলতা পাবলৈ সক্ষম হৈছে। ৰাজ্যত ভয়াবহ ৰূপ লোৱা নিৱনুৱা সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত শচীন দাসৰ এনে সফলতাক সকলোৱে শলাগিছে। নিয়মীয়া বাৰ্তাৰ সতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত যুৱক শচীন দাসে নিজৰ খেতি-মাটি পৰ্যাপ্ত নথকাত গাঁৱৰে চাৰিজনৰ মাটি লিজত লৈ প্ৰায় আজিৰ পৰা ৯-১০ বছৰ পূৰ্বে বৰপেটা মন্দিয়া অঞ্চলৰ পৰা কুঁহিয়াৰৰ ষ্টাম্পবোৰ মালচা সত্ৰৰ কাষৰ মুঠ বিশ বিঘা পৰিমাণৰ মাটিত ৰুই দিয়াৰ পৰৱৰ্তী সময়ত তিনি-চাৰি লাখ টকা আজিকোপতি ব্যয় কৰা বুলি জানিবলৈ দিয়ে। কুঁহিয়াৰৰ গছবোৰ সম্প্ৰতি যথেষ্ট ভাল চেহেৰা আৰু ৰসাল হৈ উঠিছে। হয়তো আৰু মাহ-দুমাহৰ ভিতৰতে কাটিব পৰা হ’ব। যেনিয়ে চকু যায় তেনিয়ে মাথোঁ কুঁহিয়াৰৰ গছ। দেখিলে এনে বিস্তৃত কুঁহিয়াৰতলীৰ প্ৰকৃত মাটিকালিৰ অনুমান পৰ্যন্ত কৰিব নোৱাৰি। নিজৰ হাতত ব্যয় হোৱা ধনৰাশি মজুত নাছিল যদিও বন্ধু বা অ’ৰ-ত’ৰ পৰা ধাৰ-ঋণ কৰি কৰা এই কুঁহিয়াৰ খেতিৰ পৰা ব্যয় বাদ দি অতি কমেও ১০-১৫ লাখ টকা উপাৰ্জন হোৱাৰ কথা এই প্ৰতিবেদকৰ আগত নিজ মুখে সদৰী কৰিলে যুৱ খেতিয়কগৰাকীয়ে। পূৰ্বৰে পৰা কুঁহিয়াৰ খেতি যথেষ্ট কষ্টকৰ বুলি সকলোৰে মনত এক ধাৰণা আছিল। কোৱা হৈছিল ‘বাৰ পো, তেৰ নাতি, তেহে কৰিবা কুঁহিয়াৰ খেতি’ বুলিও। পিছে শচীন দাসে প্ৰমাণ কৰি দেখুৱালে যে সঠিক পৰিকল্পনা লৈ আগবাঢ়িলে কেইজনমান শ্ৰমিকৰ দ্বাৰাই কুঁহিয়াৰ খেতি এডৰা ভালকৈ কৰিব পাৰি। নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লোৱা আমাৰ ৰাজ্যৰ ওখ বালিচহীয়া অঞ্চলবোৰত কুঁহিয়াৰ খেতিৰে নিঃসন্দেহে স্বাৱলম্বী হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে। কুঁহিয়াৰৰ বজাৰত থকা চাহিদা অনুসৰি উৎপাদন যথেষ্ট নোহোৱাত আৰু চাকৰি বা সাধাৰণ এটা সংস্থাপনৰ তাগিদাত প্ৰতিবছৰে ৰাজ্যৰ বাহিৰলৈ যাবলগীয়া হোৱা বহু যুৱক-যুৱতীৰ বাবে এনে ধৰণৰ কুঁহিয়াৰ খেতিয়ে হয়তো নতুন নতুন যুগৰ সূচনা কৰিব। শিক্ষিত যুৱক-যুৱতীসকলে কৰ্ম বিমুখ নহৈ এইদৰে বিভিন্ন কৃষি-কৰ্মত মনপুতি লাগিলে নিবনুৱা সমস্যাই যে অকল নোহোৱা হ’ব তেনে নহয়, ৰাজ্যখনলৈ সেউজ বিপ্লৱো নামিব। কুঁহিয়াৰ খেতিৰে বিপ্লৱ অনা শচীন দাস নামৰ যুৱকগৰাকী বহু জনৰ আদৰ্শ হওক। শচীন দাসৰ ভৱিষ্যতৰ পৰিকল্পনা আৰু সপোনবোৰ সাকাৰ হোৱাৰ বাবে আমিও যাচিলোঁ শুভকামনা।

(উৎসঃ নিয়মীয়া বাৰ্তা, সঞ্জীৱ কুমাৰ দাস)।

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate