অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী হৈছে মিছামৰাৰ ববিতা

কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী হৈছে মিছামৰাৰ ববিতা

মাত্ৰ পাঁচ বিঘা কৃষিভূমিত কুঁহিয়াৰ খেতি কৰি গুৰ উৎপাদন কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোৰ অন্যান্য যুৱক-যুৱতীকো স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে খুমটাই সমষ্টিৰ মিছামৰাৰ এগৰাকী যুৱতীয়ে। যুৱতী গৰাকীৰ নাম ববিতা দত্ত। নিচেই সৰুতে ছোৱালীজনীক কামৰূপ জিলাৰ হাজোৰ পৰা মিছামৰালৈ লৈ আহে মোমায়েকৰ ঘৰলৈ। খুমটাইৰ মধ্য মিছামৰাৰ তেলীয়া সোণাৰি গাঁৱৰ দ্বিজেন দত্তৰ ঘৰত থাকি ববিতাই মিছামৰা হায়াৰ ছেকেণ্ডাৰীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বি এ পঢ়িবলৈ লয় দেৰগাঁও ডি কে ডি কলেজত। পঢ়াৰ সমান্তৰালভাৱে ববিতাই মোমায়েক-মামীয়েকৰ সহযোগত পাঁচ বিঘা কৃষিভূমিত কুঁহিয়াৰ খেতি কৰিবলৈ লয়। মাটি ডোখৰৰ পৰা নিজে কুঁহিয়াৰ কাটি আনি ঘৰত গোনা ম’হৰ দ্বাৰা শালত কুঁহিয়াৰ পেৰি গুৰ তৈয়াৰ কৰি বিক্ৰী কৰে বজাৰত। এই বৰ্ষত ববিতাই উৎপাদন কৰিলে ১২ হাজাৰ ৫০০ টিন গুৰ। প্ৰতি কেজিত ৫০ টকা পৰ্য্যন্ত দৰত বিক্ৰী কৰি বছৰেকত আয় কৰে ৬ লাখ ২৫ হাজাৰৰো অধিক টকা। অৱশ্যে নিজা খৰছত কৃষিকাৰ্য্য সমাপ্ত কৰিব লগা হোৱা বাবে ববিতাৰ ব্যয়ো যথেষ্ট পৰিমাণে হয়। খেতিডৰাত ববিতাই অন্য শ্ৰমিক নিয়োগ কৰা নাই। ডাঙৰ মোমায়েক দ্বিজেন দত্ত, সৰু মোমায়েক পৰেশ দত্ত, মামীয়েক যুগ দত্ত আৰু আইতাক প্ৰেম দত্তই তেওঁক সহায় কৰে কৃষি কাৰ্য্যত। অতি কষ্টেৰে কুঁহিয়াৰ কাটি, দুৰ্গম পথেৰে ঠেলাৰে আনি ঘৰত গুৰ প্ৰস্তুত কৰে তেওঁলোকে। ববিতাৰ এনে প্ৰচেষ্টা দেখি স্থানীয় অন্যান্য লোকসকলো উৎসাহিত হৈছে কুঁহিয়াৰ খেতিৰ প্ৰতি। বৰুৱাবামুণ গাঁৱৰ চেনিকলটো ধ্বংস হোৱাৰ পিছত ৰাইজে কুঁহিয়াৰ খেতি বাদ দি চাহ খেতিত মনোনিৱেশ কৰিছিল যদিও অতি লাভদায়ক হোৱা বাবে ববিতাৰ দৰে যুৱতীয়ে এতিয়া এই খেতিত লাগিছে। ববিতাই স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰি ৰাজ্যৰ অৰ্থনীতিলৈ অলপ হ’লেও বৰঙণি আগবঢ়াইছে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে কাষতে এটা কুঁহিয়াৰ গৱেষণা কেন্দ্ৰও আছে। কিন্তু ববিতাৰ দৰে কৃষকেও এই কাৰ্য্যালয়টোৰ পৰা কোনো সুফল লাভ কৰা নাই। কৃষিৰ বতৰত উন্নত কুঁহিয়াৰ বীজ যোগানতো ব্যৰ্থ হয় গৱেষণাগাৰৰ বিজ্ঞানী কৰ্মচাৰীসকল। স্থানীয় এটা বেংকে ‘ফাৰ্মাৰ্ছ ক্লাব’ গঠন কৰি ক্লাবৰ যোগেদিহে ঋণ আদি প্ৰদান কৰি আহিছে। ববিতাৰ দৰে হাতে-কামে লাগি মূৰৰ ঘাম মাটিত পেলাই কৃষিকাৰ্য্য কৰা কৃষকক সহায়ৰ বাবে চৰকাৰ আগবাঢ়ি আহিলে নিবনুৱা সমস্যাৰ বহু পৰিমাণে উপশম হ’ব বুলি অঞ্চলটোৰ সচেতন ৰাইজে মত প্ৰকাশ কৰিছে।

লিখকৰ নাম: প্ৰকাশ শৰ্মা, গোলাঘাট

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate