অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষিকাৰ্যৰে আদৰ্শ দেখুৱাইছে সৰ্থেবাৰীৰ স্নাতক দম্পতীয়ে :

কৃষিকাৰ্যৰে আদৰ্শ দেখুৱাইছে সৰ্থেবাৰীৰ স্নাতক দম্পতীয়ে :

 

সম্প্ৰতি নিবনুৱা সমস্যাই জুৰুলা কৰা ৰাজ্যখনত কৃষি কৰ্মৰ দ্বাৰাই বহু লোক স্বাৱলম্বী হৈ আছে। শস্য শ্যামলা অসম কৃষিকৰ্মৰ বাবে অতি উপযুক্ত ঠাই। লাগে মাথোঁ কষ্ট-সহিষ্ণু-মানসিকতা। ইচ্ছাশক্তি প্ৰবল হ’লে কৃষিকৰ্মৰ দ্বাৰাই অকল স্বাৱলম্বী হোৱাই নহয়, সমাজত সন্মানসহকাৰে প্ৰতিষ্ঠা লাভ কৰিব পাৰি। তেনেই এটা প্ৰবল আত্মবশ্বাসী দম্পতী হ’ল সৰ্থেবাৰীৰ পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি ডেকা। এইটো উচ্চ শিক্ষিত দম্পতী এতিয়া সকলোৰে আদৰ্শ। উচ্চ শিক্ষিত হোৱাৰ পাছতো চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি ফুৰা নাই দম্পতী। নিজ কৃষিভুমিত একান্তমনে কৰি গৈছে কৃষিকৰ্ম। অতি কম মাটিতে আধুনিক পদ্ধতি প্ৰয়োগ কৰি অধিক ফচল উট্পাদন কৰি ইতিমধ্যে অঞ্চলটোত পৰিচিত হৈ পৰা এইটো আদৰ্শ কৃষক দম্পতী হৈছে সৰ্থেবাৰীৰ কামাৰপাৰা গাঁৱৰ। কৃষিকৰ্মকে শিল্প বুলি ভবা এইটো অত্যুৎসাহী কৃষক দম্পতীয়ে সদায় ব্যতিক্ৰমী কৃষিকাৰ্য কৰি আশাতীতভাৱে সফলতা লাভ কৰিছে। সম্প্ৰতি কৃষিকাৰ্যত ৰাসায়নিক সাৰ প্ৰয়োগৰ লগতে কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত মানৱ সমাজলৈ ভয়ংকৰ বিপদ আহি পৰিছে। কিন্তু এই কাৰ্যত উদ্বিগ্ন হৈ পৰা স্নাতক ডিগ্ৰীধাৰী কৃষক দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞিয়ে নিজৰ খেতিপথাৰত কেতিয়াও ৰাসায়নিক সাৰ আৰু বজাৰত উপলব্ধ মাৰাত্মক কীটনাশক দ্ৰব্য ব্যৱহাৰ নকৰে। ইয়াৰ বিপৰীতে ঘৰতে প্ৰস্তুত কৰা জৈৱিক সাৰ ব্যৱহাৰ কৰে আৰু গো-মুত্ৰ আৰু নিমপাতৰ ৰসৰ মিশ্ৰণ তৈয়াৰ কৰি কৃষিকাৰ্যত প্ৰয়োগ কৰে। ইতিমধ্যে পাচলি খেতিৰ লগতে মণিপুৰী ক’লা ধানৰ খেতি কৰি যথেষ্ট লাভৱান্বিত হোৱা পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি এইবাৰ সম্পুৰ্ণ জৈৱিক সাৰ প্ৰয়োগ কৰি ৯ বিঘা মাটিত কৰিছে উন্নত জাতৰ সৰিয়হৰ খেতি। অঞ্চলবাসীয়ে কেতিয়াও দেখা নাই এনেকুৱা সৰিয়হ। ডেকা দম্পতীৰ খেতিপথাৰত ৭ ফুটৰ পৰা ৯ ফুট পৰ্যন্ত ওখ হৈছে সৰিয়হৰ গেছ। এজোপা সৰিয়হৰ গছৰ পৰা ওলাইছে পোন্ধৰ-বিশটা ডাল। কৃষিকৰ্মৰে স্বাৱলম্বী হোৱা দম্পতীটোৱে এইবাৰো সৰিয়হৰ খেতিৰ পৰা যথেষ্ট লাভৱান্বিত হ’ব বুলি যথেষ্ট আশাবাদী। ডেকা দম্পতীৰ এই সৰিয়হৰ খেতিডৰালৈ চাবলৈ ভিন্ন প্ৰান্তৰ পৰা আহিছে মানুহ। শিক্ষিত তথা আদৰ্শ কৃষক পৰমেশ্বৰ ডেকাই মুখ্যমন্ত্ৰীৰ পৰা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। বৰপেটা জিলা কৃষি বিভাগে যোগান ধৰা সৰিয়হৰ বীজেৰে খেতি কৰিছে ডেকাই। ডেকাক এইবাৰ ১৫ কি:গ্ৰা: উন্নত জাতৰ সৰিয়হৰ বীজ চৰকাৰে যোগান ধৰিছিল যদিও আনকো কৃষিকাৰ্যত জড়িত কৰাৰ মানসেৰে ৮ কি:গ্ৰা: সৰিয়হৰ বীজ নিজে ৰাখি বাকীখিনি বীজ আন কৃষকক যোগান ধৰে। ইয়াৰ উপৰি বিভিন্ন সময়ত যোগান ধৰে। ইয়াৰ উপৰি বিভিন্ন সময়ত বিভিন্ন খেতি কৰি আহিছে ডেকাই। কম মাটিতে একে সময়তে দুটা কৃষি কৰাৰ বাবে গৱেষণামুলকভাৱে খেতি কৰিও সফল হৈছে ডেকা দম্পতী। শিক্ষিত যুৱকৰ বাবে নিদৰ্শন ডেকা দম্পতীৰ কৃষিকৰ্ম সঁচাই ব্যতিক্ৰম।

লেখক: নকুল তালুকদাৰ (নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate