অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষিকেই জীৱিকা হিচাপে লোৱা নলবাৰীৰ এজাক যুৱকঃ

কৃষিকেই জীৱিকা হিচাপে লোৱা নলবাৰীৰ এজাক যুৱকঃ

 

এখন পথাৰ, হাজাৰ-হাজাৰ সপোন, এখন নৈ আৰু কে চি চি ঋণ। এদিন দুজন ল’ৰা গৈছিল এছ বি আইৰ নলবাৰী শাখালৈ। নভবাকৈয়ে তাতেই ৰোপণ হৈছিল বীজ। এখন কৃষিপামৰ।

এসময়ত চাইকেল লৈ নলবাৰীলৈ যাব বেয়া লাগিছিল। আজি বাইক লৈ পামলৈ আহিব পৰা হৈছোঁ। বহুতে কে চি চি ঋণ লয় বুলি আমি তিনিজন লগ লাগি এদিন ঋণ বিচাৰি গলো এছ বি আইৰ নলবাৰী শাখালৈ। সঁচাকৈ বেকৰ ঋণ লৈ খেতি কৰাৰ আমাৰ কোনো পৰিকল্পনা নাছিল। টকাখিনি কিবা-কিবি কামত খৰচ কৰি ঋণ ওভতাই নিদিয়াৰ পৰিকল্পনা আছিল। কিন্তু বেংকলৈ গৈ কেনা লাগিল। বেংকৰ শাখা পৰিচালকে সুধি পেলালে খেতি ক’ত কৰিম ?- এনেকৈ সাৱলীলভাৱে নিজৰ উত্তৰণৰ কথা কৈ গৈছে শংকৰদেৱ জৈৱিক কৃষি পামৰ অন্যতম কৃষক গকুল হালৈয়ে।

শাখা পৰিচালকৰ কথাত গকুল আৰু তেওঁৰ সংগীকেইজনে পাগলাদিয়াৰ পাৰত থকা ঘন জংঘলে আৱৰা মৈৰাদংগা গাঁৱৰ ৰাজহুৱা মন্দিৰৰ মাটিখিনি দেখুৱাই কে চি চি ঋণ পোৱাৰ ব্যৱস্থা কৰিলে। যেতিয়া ভাল দিন আহি মানুহক নিজে লগ দিয়ে, তেতিয়া কিছুমান কাম নিজে নিজেই ভাল হৈ পৰে।

গকুলে আকৌ কৈ গ’ল- ২০১২ চনৰ কোনোবা এটা দিনত গকুলৰ লগ ললেগৈ বিপুল হালৈয়ে। তেতিয়ালৈ বিপুল হালৈয়ে নিজাববীয়াকৈ এখন সৰু কৃষিপামৰ কথা ভাবি আছিল। সকলো কথা-বতৰা সঠিকভাৱে আগবঢ়াত আহি পালে ২০১২ চনৰ ৩০ এপ্ৰিল। সেই শুভ দিনটোতে গজালি মেলিলে শংকৰদেৱ জৈৱিক কৃষিপামে। প্ৰায় ৩০০ বিঘা মাটি বিস্তাৰিত এইখন কৃষিপাম বৰ্তমান অসমৰ অন্যতম সফল কৃষিপাম। মনত সৎ সাহস আৰু সঠিক লক্ষ্যৰে আগবাঢ়িলে যে যিকোনো কামত সফলতা লাভ কৰিব পাৰে, তাৰেই অন্যতম নিদৰ্শন গকুল, বিপুল আৰু চাৰিজন সহযোগী। এই কৃষিপামখনক লৈয়ে বৰ্তমান প্ৰায় ৭০টা পৰিয়ালে সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিবলৈ সমৰ্থ হৈছে।

প্ৰথমে জংঘলৰে আৱৰা নৈপৰীয়া মাটিখিনি কৃষি উপযোগী কৰি তুলিবলৈ বহুত কষ্ট কৰিবলগীয়া হৈছিল গকুল-বিপুলে। প্ৰায় তিনি লাখ টকা খৰচ হৈছিল মাটিখিনি কৃষি উপযোগী কৰি তোলাত। এনেদৰেই ‘মন কৰিলেই ছন, বাকৰি মাটিতে ধন’ আপ্তবাক্যশাৰী যে এশ শতাংশই শুদ্ধ, তাৰ প্ৰমাণ হাতে হাতে লাভ কৰে তেওঁলোকে।

পাগলাদিয়াৰ পাৰৰ সাৰুৱা মাটিৰ চৌদিশে সেউজীয়াৰে ভৰি থকা এই কৃষিপামখনৰ নৈসৰ্গিক পৰিৱেশ অতিকৈ মোহনীয়। গকুল-বিপুলে জানিবলৈ দিয়া মতে, যোৱা ৰবি শস্যৰ বতৰত কেৱল ৰঙালাউ বিক্ৰী কৰি কৃষিপামখনে উপাৰ্জন কৰিছে ১৭ লাখ টকা। উল্লেখ্য, ইয়াত উৎপাদিত ৰঙালাউ সুদূৰ বাংলাদেশলৈকো ৰপ্তানি হয়। ইয়াৰ উপৰি পানীলাউ বিক্ৰী কৰি তেওঁলোকে উপাৰ্জন কৰিছে ১.৪০ লাখ টকা। শেহতীয়াকৈ কৃষিপামখনত নতুনকৈ ব্যৱসায়িক ভিত্তিত ৰোপণ কৰা হৈছে মধুৰিআম, ষ্ট্ৰবেৰী আৰু ৰজনীগন্ধা ফুল।

পাগলাদিয়াৰ সাৰুৱা মাটিয়ে কৃষিপামখনক সজীৱ কৰি তোলাৰ মাজতে আশংকাৰো কাৰক হৈ পৰিছে নৈখন। নৈখনৰ গৰাখহনীয়াই কৃষিপামখনলৈ মাতি আনিছে বিপদ। বহু অংশ ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে। এনেক্ষেত্ৰত গৰাখহনীয়াৰ ৰোধৰ ব্যৱস্থা কৰি আদৰ্শ কৃষিপামখন জীয়াই ৰখাত প্ৰশাসনে সহায় কৰিলে অদূৰ ভৱিষ্যতে গকুল-বিপুল আৰু তেওঁলোকৰ সহযোগীসকলে আৰু বহু নতুন পদক্ষেপ ল’বলৈ সাহস গোটাব পাৰিব বুলি আশা কৰিব পাৰি।

গকুল-বিপুলে জানিবলৈ দিয়া মতে, বৰ্তমান থকা তিনিটা ইউনিট কৃষিপামখনৰ বাবে যথেষ্ট নহয়। কৃষি বিভাগৰ পৰা আৰু ৫টা ইউনিট আবণ্টন পালে কৃষিপামখনে উৎপাদন অধিক বৃদ্ধি কৰিবলৈ সমৰ্থ হ’ব।

(উৎসঃ নিয়মীয়া বাৰ্তা)।

শেহতীয়া উন্নীতকৰণ: : 2/26/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate