কৃষি অসমীয়া পৰম্পৰাৰ বাহক। অসমীয়া সমাজত কৃষিক আমি পৰিয়ালৰ ঐতিহ্য,সামাজিক বান্ধোন আৰু পুৰুষ নাৰী নিৰ্বিশেষে কৰ্মক্ষেত্ৰত অনুপম স্থল বুলি অভিহিত কৰিব পাৰোঁ।ৰাজ্যখনৰ গ্ৰাম্য জনসাধাৰনৰ অৰ্থনৈতিক স্বাৱলম্বিতা,সিদ্ধান্ত গ্ৰহনৰ ক্ষমতা আৰু পৰিয়াল এটিৰ সৰ্বাত্মক বিকাশৰ ক্ষেত্ৰত সেয়েহে কৃষিয়ে গুৰুত্বপূৰ্ন ভূমিকা গ্ৰহন কৰি আহিছে।
২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ৮৫,৯২ শতাংশই গ্ৰাম্যঞ্চলত বাস কৰে।আকৌ গ্ৰাম্যঞ্চলৰ এই মুঠ জনস্ংখ্যাৰ প্ৰায় আধাভাগেই মহিলা।কিন্ত স্ংখ্যাৰ ফালৰ পৰা প্ৰায় সমান হলেও এই মহিলাসকলে গ্ৰাম্য অৰ্থনীতিত নিজস্ব ভূমিকা পালনৰ ক্ষেত্ৰত পুৰুষৰ সমানে গুৰুত্ব লাভ কৰে নে নাই সেয়া বিচাৰ্যৰ বিষয়।বিশ্বায়নৰ ফলত সমগ্ৰ দেশৰ লগতে অসমতো স্ংগঠিত খণ্ডৰ তুলনাত অস্ংগঠিত্ন খণ্ডত মহিলা শ্ৰমিকৰ স্ংখ্যা বৃদ্ধি পাইছে আৰু গ্ৰাম্য দৰিদ্ৰ মহিলাসকল স্ংকটৰ সন্মুখীন হৈছে।২০১১ চনৰ লোকপিয়লতেই ভাৰতবৰ্ষত ৩,৬ কোটি মহিলা গ্ৰাম্যঞ্চলত বাস কৰে বুলি উল্লেখ কৰা হৈছে।এওঁলোক কৃষিৰ উপৰিও বিভিন্ন আনুষাংগিক ক্ষেত্ৰ যেনে—গো-পালন,মীন পালন, ৰেচম,উদ্যানশস্য,বনানীকৰন ইত্যাদি খণ্ডৰ বিভিন্ন কামৰ সৈতে ওত-প্ৰোত্ভাবে জড়িত।এইসকল ১৬ শতাংশ পূৰ্নকালীন কৰ্মী আৰু ৭৬ শতাংশ আংশিক কৰ্মী ৰুপে স্বীকৃত।অৰ্থাৎ সম্পূৰ্ন কৃষক হিচাপে প্ৰয়োজনীয় স্বীকৃতিৰ পৰা নাৰী এতিয়াও বঞ্চিত হৈ আছে।সমবিকাশৰ শ্লোগান আওৰোবা আমাৰ দেশত এয়া সঁচাকৈ পৰিতাপৰ বিষয়।
ভাৰতীয় স্ংবিধানৰ ১৪ নম্বৰ অনুচ্ছেদত পুৰুষ আৰু নাৰীৰ বৈষম্য সৃষ্টি নকৰি আইনগত্ভাবে সকলো সমান ১৫ নম্বৰ অনুছেদত নিজৰ প্ৰাপ্য অধিকাৰৰ নিশ্চিত আৰু ১৫(৩)অনুচ্ছেদত মহিলাসকলৰ সুৰক্ষাৰ বিষয়ত নীতি নিৰ্দেশনা স্পষ্টভাবে প্ৰকাশ কৰা হৈছে।তেনেদৰে ৩৯ (ক) নম্বৰ অনুচ্ছেদৰ দ্বাৰা জীবিকা নিৰ্বাহৰ ক্ষেত্ৰত পুৰুষৰ সমানে মহিলাসকলৰ সম অধিকাৰ আৰু উক্ত নম্বৰৰে (ঘ) অনুচ্ছেদত মহিলাই পুৰুষৰ সমাহাৰত মজুৰি প্ৰাপ্তিৰ কথা উল্লেখ কৰা হৈছে।স্ংবিধানৰ দ্বাৰা ইমানখিনি সুৰক্ষিত হোবাৰ পিছতো কৃষিক্ষেত্ৰত সৈতে ওত-প্ৰোত্ভাৱে জড়িত আমাৰ গ্ৰাম্য মহিলাসকল কিমান নিৰাপদ?এইসকল মহিলাই পথাৰত ৰোৱা,দোবা,বনবাত নিৰোবা আদি কামবোৰ নিয়াৰিকৈ কৰাৰ উপৰিও নিজৰ সন্তান আৰু স্বামীৰ যত্ন,ৰন্ধা-বঢ়া,পশুপালন,বোৱা-কটা আদিকে ধৰি পৰিয়ালটোৰ সৈতে জড়িত বিভিন্ন কৰ্মত দিনৰ দিনটো ব্যস্ত হৈ থাকিবলগীয়া হয়।কিন্ত তথাপি ঘৰখনৰ অৰ্থনীতিত বিপুল বৰঙনি আগবঢ়োবা এই মহিলাসকলৰ কাম-কাজ অদৃশ্য।অদৃশ্য এইবাবেই যে পুৰুষসকলে কৰা কামৰ তুলনাত এইসকল মহিলাৰ কাম-কাজ স্পষ্টকৈ চকুত পৰা নহয় আৰু সেইবাবে এনেধৰনৰ কাম-কাজবোৰ পাৰিশ্ৰমিকৰো যোগ্য বুলি ভবা নহয়।
কৃষিক্ষেত্ৰ্ত নাৰীৰ ভূমিকা সৰ্বজন গ্ৰাহ্য আৰু প্ৰ্শ্ংসিত হলেও এই স্বীকৃতিৰ পৰা গ্ৰাম্য মহিলাসকল আনুষ্ঠানিকভাবে অৱহেলিত যেন বোধ হয়।ৰাষ্ট্ৰ্স্ংঘৰ খাদ্য আৰু কৃষি স্ংস্থাৰ মতে ভাৰতত এক হেক্টৰ ভূমিত বছৰি এহাল ষাঁড় গৰুবে গড় হিচাপত ১০৬৪ ঘন্টা একোজন পুৰুষে ১২১২ ঘন্টা আৰু একোগৰাকী মহিলাই ৩৪৮৫ ঘন্টাকৈ কাম কৰে।ইয়ে প্ৰমান কৰে ভাৰতত কৃষি উৎপাদনত মহিলাৰ ভূমিকা কি?এই তথ্যৰ আতঁ ধৰিয়েই গ্ৰাম্য মহিলাসকলৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত চৰকাৰী সদিচ্ছাৰ প্ৰয়োগৰ লগতে পিতৃতান্ত্ৰিক মানসিকতা আতৰোৱাৰ প্ৰয়োজন আছে।কৃষিক্ষেত্ৰৰ সৈতে জড়িত এইসকল নাৰীক পাৰদৰ্শী কৰি তুলিবলৈ প্ৰয়োজনীয় প্ৰ্শিক্ষনৰ লগতে এওঁলোকৰ বাবে উপযোগী প্ৰযুক্তিৰ সহজলভ্যতা,মহিলা আত্মসহায়ক গোট গঠনৰ জৰিয়তে সমবায়ভিত্তিক উৎপাদন প্ৰ্ক্ৰিয়াত জড়িতকৰন,প্ৰয়োজনীয় বিত্তিয় সাহায্য আদি আগবঢ়োবাৰ প্ৰয়োজন আছে।
ভাৰতবৰ্ষত নাৰী আৰু পুৰুষৰ লিংগ বৈষম্য আৰু কৃষিক্ষেত্ৰত জড়িত নাৰীসকল প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হোবাৰ দৰে ছবিখনৰ বিপৰীতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নাৰী সমাজৰ স্থিতি এইক্ষেত্ৰত বহুখিনি উন্নত।অসমত কৃষিক্ষেত্ৰৰ সৈতে জড়িত নাৰীসকলক প্ৰযুক্তিগতভাবে সৱল কৰি তোলাৰ বাবে বিভিন্ন প্ৰ্চেষ্ঠা গ্ৰহন কৰা হৈছে। উদাহৰনস্বৰুপে মাটি চহোবাৰ বাবে পাৱাৰ টিলাৰ,ৰোটাভেটৰ,মৰনা মৰাৰ বাবে শক্তিচালিত যন্ত্ৰ ধান দাবলৈ বিশেষ কাঁচি আদিৰ লগতে এইসকল মহিলাক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈ তেল পেৰা যন্ত্ৰ,দাইল স্ংসাধন যন্ত্ৰ আদি বিভিন্ন আঁচনিৰ জৰিয়তে আগবঢ়োবা হৈছে।গ্ৰাম্য মহিলাসকলক অৰ্থনৈতিকভাবে স্বাবলম্বী কৰি তুলিবলৈ প্ৰ্নালীবদ্ধ্বভাবে বানিজ্যমুখী কৃষি আঁচনি প্ৰ্স্ততিৰ প্ৰয়োজন আহি পৰিছে।বজাৰক কেন্দ্ৰ কৰি প্ৰ্নালীবদ্ধ ফুলৰ খেতি,কাঠফুলাৰ খেতি,নাৰ্চাৰী,ফলমূল স্ংৰক্ষন,উন্নত পেকেজিং ব্যৱস্থা ঘৰতে প্ৰ্স্তত কৰিব পৰা কেতবোৰ জৈব নিয়ন্ত্ৰন সামগ্ৰী আদিক গুৰুত্ব দি যুগুতাই উলিওবা এনেবোৰ আচঁনিয়ে মহিলাসকলক নিশ্চিতভাবে আৰু অধিক উৎসাহেৰে কৃষিকৰ্মৰ প্ৰ্তি আকৰ্ষিত কৰি তোলাৰ লগতে তেওঁলোকক অৰ্থনৈতিকভাবে স্বাবলম্বী কৰি তুলিব পাৰে।
অস্ংগঠিত মহিলা গোটসমূহক স্ংগঠিত কৰি উৎপাদনমুখী কৃষি আন্দোলন গঢ়ি তোলাৰ সময় সমাগত।কিছুসংখ্যক মহিলা আত্মসহায়ক গোটে বয়ন শিল্প আৰু গ্ৰাম্য খাদ্য সম্ভাৰক কেন্দ্ৰ কৰি নিজৰ মাজত বানিজ্যিক প্ৰৱনতা গঢ়ি তোলাৰ প্ৰয়াস কৰা দেখা গৈছে যদিও এই গোটসমূহক স্ংগঠিত কৰি বজাৰমুখী স্ংসাধিত পন্য সামগ্ৰী প্ৰ্স্ততিৰ সৈতে জড়িত কৰোবাৰ প্ৰয়োজন আছে।নাৰীৰ মাজত অন্তৰ্নিহিত হৈ থকা মহা শক্তিক কেন্দ্ৰীভূত কৰি ঔদ্যোগীক প্ৰবনতা জাগ্ৰত কৰিব পাৰিলেহে এই বিপুল মানৱ সম্পদৰ সদব্যৱহাৰ হব।তাৰ বাবে লাগিব এই সুনিশ্চিত কৃষি আন্দোলন লিংগ বৈষম্য দূৰ কৰা যত থাকিব মহিলাৰ বাবে সম অধিকাৰ,সমমৰ্য্যদা আৰু নিশ্চিত নিৰাপত্তা।আৰু এই দিশটোক গুৰুত্ব দিয়েই ৰাষ্ট্ৰ্সংঘই সদ্যসমাপ্ত ২০১৪ বৰ্ষটো পৰিয়াল কৃষিকৰ্মৰ আন্ত:ৰাষ্ট্ৰীয় বৰ্ষ হিচাপে পালন কৰিছিল।
উৎস: এগ্ৰি-হৰ্টি প্ৰ্দৰ্শনী ২০১৫
শেহতীয়া উন্নীতকৰণ: : 1/20/2019
নখ
স্বনিয়োজনত পশু পালনৰ ভূমিকা
অগ্নিগড়
পুঁজি বজাৰ ব্যৱস্থাৰ ভূমিকা