অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষিৰ জৰিয়তে মহিলাৰ আত্মসংস্থাপন

কৃষিৰ জৰিয়তে মহিলাৰ আত্মসংস্থাপন

 

কৃষিয়েই হ’ল গ্ৰাম্য অৰ্থনীতিৰ মূল ভেটি। অকল অসম বা ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰে গ্ৰাম্য অৰ্থনীতি গঢ় লৈ উঠিছে কৃষিৰ ওপৰত ভিত্তি কৰি। কৃষিৰ জৰিয়তে অনাদিকালৰ পৰাই আত্মসংস্থাপনৰ পথ মোকলাই আহিছে গ্ৰামাঞ্চলীয় লোকসকলে। পুৰুষ- মহিলা উভয়ে খেতিপথাৰত ব্যস্ত হৈ থকাটো গ্ৰাম্য জীৱনৰ চিৰপৰিচিত দৃশ্য। অৱশ্যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে খেতিৰ সৈতে যুৱতী তথা মহিলাসকলৰ সম্পৰ্ক যথেষ্ট কমি গৈছিল। কাৰণ উচ্চ শিক্ষা গ্ৰহণ কৰি যুৱতীসকল চাকৰি আৰু অন্যান্য কৰ্মক্ষেত্ৰত প্ৰৱেশ কৰাত তথা চহৰমুখী প্ৰৱণতাই মহিলাসকলক খেতিপথাৰৰ পৰা আঁতৰাই নিছিল। কিন্তু সম্প্ৰতি নিবনুৱা সমস্যাৰ ভয়াবহতাৰ পৰিপ্ৰেক্ষিতত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমৰ গ্ৰাম্য জীৱনৰ দৃশ্যপটলৈও পৰিৱৰ্তন অহা দেখা গৈছে।

চাকৰি বিচৰাৰ সলনি কৃষি তথা কৃষিভিত্তিক কামৰ জৰিয়তে আত্মসংস্থাপনৰ প্ৰয়াস চলায় বহু যুৱতী আৰু মহিলাই। এইক্ষেত্ৰত তেওঁলোকে ভালেখিনি সফল হোৱাও দেখা গৈছে। এয়া নিশ্চয় এক আশাৰ বতৰা।

কৃষিৰ জৰিয়তে আত্মসংস্থাপনৰ বাবে মহিলা আৰু যুৱতীসকলে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। তেনে পদক্ষেপবোৰৰ ভিতৰত প্ৰথম তথা প্ৰধান পদক্ষেপটো হ’ল আত্মসহায়ক গোট গঠন। সম্প্ৰতি সামূহিক ভিত্তিত কৃষিক্ষেত্ৰত জড়িত হোৱাৰ প্ৰয়োজনীয়তা যথেষ্ট বৃদ্ধি পাইছে। সেইবাবে চৰকাৰেও আত্মসহায়ক গোট গঠনত গুৰুত্ব আৰোপ কৰিছে।

গাঁৱৰ মহিলা আৰু যুৱতীসকলে একোটা নিৰ্দিষ্ট উদ্দেশ্য আগত ৰাখি আত্মসহায়ক গোট গঠন কৰি আত্মসংস্থাপনৰ পথ বাছি ল’ব লাগে। যুৱতী আৰু মহিলাসকলে হাতত ল’ব পৰা কৃষিভিত্তিক কাম-কাজৰ ভিতৰত অন্যতম হ’ল পশুপালন। হাঁহ, কুকুৰা, ছাগলী, হাগৰি, গাই-গৰু পালনৰ বাবে তেওঁলোকে সামূহিকভাৱে আগবাঢ়িব পাৰে। উন্নত পদ্ধতিৰে পশুপালন কৰিলে লাভ হোৱাটো একেবাৰে নিশ্চিত।

 

ৰেচম শিল্পৰ ক্ষেত্ৰতো মহিলা আৰু যুৱতীসকল জড়িত হৈ পৰিব পাৰে। এৰী, মুগা আৰু পাটপলু পালন, সূতা কটা আৰু সেই সূতাৰে কাপোৰ বোৱা আদি বিভিন্ন কাম তেওঁলোকে কৰিব পাৰে। বিশেষকৈ এৰী সূতা প্ৰাকৃতিকভাৱে ৰং কৰি বোৱা কাপোৰৰ এখন বৃহৎ আন্তঃৰাষ্ট্ৰীয় বজাৰ গঢ় লৈ উঠিছে। অসমৰ কেইগৰাকীমান পুৰুষ-মহিলাই এৰী কাপোৰ দেশ-বিদেশৰ বজাৰত বিক্ৰী কৰি যথেষ্ট লাভৱান হোৱা দেখা গৈছে।

ঠাইবিশেষে বিভিন্ন ফুলৰ খেতিও কৰিব পৰা যায়। গুৱাহাটীক মূল বজাৰ হিচাপে লৈ নাৰ্জি, গ্লেডিঅ’লাছ, ৰজনীগন্ধা আদি সৌন্দৰ্যবৰ্ধক ফুলৰ উপৰি পূজা- পাৰ্বণত প্ৰয়োজনীয় নানাবিধ ফুলৰ খেতি ব্যৱসায়িক ভিত্তিত কৰাটো এক লাভজনক পদক্ষেপ হ’ব বুলি নিশ্চিতভাৱে ক’ব পাৰি। মহিলাসকলে গঢ়ি তুলিব পৰা এক কৃষিভিত্তিক ব্যৱসায় হ’ল খাদ্য উৎপাদন গোট স্থাপন। মহিলা আত্মসহায়ক গোটবোৰে বতৰৰ বিবিধ ফলমূল, শাক-পাচলিৰে জাম, জেলী, আচাৰ, চচ আদি আধুনিক পদ্ধতিৰে প্ৰস্তুত কৰিব পাৰে।

তেনেবোৰ খাদ্য-সামগ্ৰীৰ খুব ভাল বজাৰ একোখন গাঁও আৰু চহৰত সকলোতে আছে।

ওপৰত উল্লেখ কৰা কৃষিভিত্তিক কৰ্মক্ষেত্ৰবোৰত ইতিমধ্যে ৰাজ্যখনৰ একাংশ যুৱতী আৰু মহিলাই প্ৰৱেশ কৰি সাফল্যৰ হাঁহি মাৰিবলৈ সক্ষম হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল আত্মসহায়ক গোট গঠনেৰে স্বাৱলম্বী হ’ব বিচৰা মহিলাসকলক চৰকাৰেও বিভিন্ন আঁচনিৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াইছে। গতিকে সময়ৰ সৈতে খোজ মিলাই আত্মসংস্থাপন তথা আৰ্থিক সমৃদ্ধিৰ বাবে আগবাঢ়ি আহিব লাগে আমাৰ শিক্ষিত মহিলা আৰু যুৱতীসকল। তেওঁলোক নিশ্চিত থাকিব পাৰে-

এক সোণালী ভৱিষ্যতে হাতবাউলি মাতিবই………….।

লিখকঃ চন্দন কলিতা, অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate