অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গাইগৰু পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন নলবাৰীৰ নিতুলৰঃ

গাইগৰু পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন নলবাৰীৰ নিতুলৰঃ

 

‘মন কৰিলেই চন’- অসমীয়া সমাজত প্ৰচলিত এই যুক্তিকে আক্ষৰিক অৰ্থত প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলাইছে নলবাৰী ক্ষুদ্ৰশংকৰা গাঁৱৰ (হাউৰাপা) নিতুল ডেকাই গাইগৰু পুহি স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে। গাঁওখনৰ প্ৰয়াত নাৰায়ণ ডেকা আৰু দেৱযানী ডেকাৰ পুত্ৰ নিতুল ডেকাই বন্দুক-বাৰুদৰ মায়া এৰি দুগ্ধ বিপ্লৱেৰে জীৱন সংগ্ৰাম চলোৱাৰ সপোন ৰচিছে। ২০১০ চনতে গাইগৰু পালন কৰাত মনোনিৱেশ কৰিছে। প্ৰথমতে তেওঁ অটো চলোৱাৰ উপৰি আন কাম কৰি সঞ্চয় কৰা ধনেৰে দুটা উন্নত জাতৰ জাৰ্ছী গৰু ক্ৰয় কৰি ইয়াৰ পৰা উৎপাদন হোৱা গাখীৰ বিক্ৰী কৰিছিল। কিন্তু লাভৱান হোৱাত পৰৱৰ্তী সময়ত এই ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটাই বৰ্তমান ৮টা জাৰ্ছী গৰু ক্ৰয় কৰি পালন কৰি আছে। ইয়াৰ চাৰিটা গাইগৰুৰ পৰা প্ৰতিদিনে ৩০-৫৫ লিটাৰ গাখীৰ তেওঁ বিক্ৰী কৰি আহিছে। নিতুলে নিজৰ বাজাজ স্কুটাৰখনেৰে দিনটো দুটা সময়ত গাখীৰ কঢ়িয়াই নলবাৰী চহৰৰ হোটেলত বিক্ৰী কৰাৰ লগতে গাঁৱৰ মানুহেও তেওঁৰ পৰা গাখীৰ ক্ৰয় কৰে। মাথোঁ গাখীৰ বিক্ৰী কৰি তেওঁ প্ৰতিদিনে ২,৫০০-৩,০০০ টকা খৰচ হয় বুলিও গোপালক ডেকাই জনায়। ইফালে, তেওঁ ঘৰত দৈ, ক্ৰীম আদি দুগ্ধজাত সামগ্ৰী প্ৰস্তুত কৰি বিক্ৰীৰ ব্যৱস্থাও কৰি আহিছে। নিয়মীয়া বাৰ্তাৰে হোৱা এক মত বিনিময়ত উদ্যমী নিতুলে জানিব দিয়ে যে যোৱা ভোগালী বিহুৰ বতৰত মাথোঁ দৈ বিক্ৰী কৰিয়েই তেওঁ যথেষ্ট লাভৱান হৈছে। গাইগৰু পালনত সময় সাপেক্ষে সমস্যাৰ সন্মুখীন হোৱাৰ কথা প্ৰকাশ কৰি ডেকাই কয়- অঞ্চলটোত উন্নত পশু চিকিৎসাৰ ব্যৱস্থা নথকাত গাইগৰুবোৰৰ চিকিৎসাৰ ক্ষেত্ৰত বহু সমস্যাত পৰিবলগা হয়। বিশেষকৈ প্ৰজননৰ কৃত্ৰিম সুবিধাখিনিও সময়ত পাবলৈ নাই বুলি ডেকাই আক্ষেপ কৰে। গোপালনৰ ক্ষেত্ৰত ডেকাৰ লগতে তেওঁৰ সুযোগ্য পত্নী পদুমী ডেকায়ো সমানে সমানে শ্ৰম কৰি আছে। আনকি দুপৰ নিশাও বিছনাৰ পৰা উঠি গোহালি চাফা কৰে স্বামী-স্ত্ৰীয়ে। উল্লেখ্য যে ১৯৮৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈয়েই নিতুল ডেকাই সংযুক্ত মুক্তি বাহিনী, অসম (আলফা)ত যোগদান কৰে। পিছলৈ তেওঁ ভূটানকে ধৰি বহু ঠাইত প্ৰশিক্ষণ লৈ আলফাৰ এগৰাকী গুৰুত্বপূৰ্ণ নেতা হিচাপে জনাজাত হয়। আলফাৰ সংগ্ৰামখন বৰ কণ্টকময় তথা ইয়াৰ যোগেৰে বাস্তৱ জীৱন যে উদযাপন কৰিব নোৱাৰি, তাক উপলব্ধি কৰি ২০০৩ চনত তেওঁ স্বেচ্ছাই মূলসুঁতিলৈ ঘূৰি আহে যদিও চৰকাৰৰ পৰা কোনো অৰ্থসাহায্য গ্ৰহণ নকৰিলে। ডেকাৰ স্পষ্ট কথা- কৰ্মই ধৰ্ম। গতিকে শ্ৰম দান কৰি জীৱন সংগ্ৰাম চলাই যাম। আত্মসমৰ্পণ কৰি আহি সু-স্বাস্থ্যৰ যুৱকজনে প্ৰথমে অটো চলাই আৰু পিছলৈ তেওঁ গোপালন তথা দুগ্ধ উৎপাদনত মন দিয়ে। এতিয়া আৰু উদ্যমী নিতুলে পিছলৈ ঘূৰি চাব লগা হোৱা নাই। মূলতঃ সম্প্ৰতি অনাই-বনাই ঘূৰি ফুৰা নিবনুৱা তথা আত্মসমৰ্পণকাৰী আলফাসকলৰ ক্ষেত্ৰতো নিতুল ডেকাই গোপালনেৰে স্বাৱলম্বনৰ পথ দেখুৱায়। গোপালন কৰিয়েই ডেকাই পৰিয়াল চলাই এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত উদ্যমী ডেকাক চৰকাৰ তথা পশুপালন বিভাগে যদি ঋণ সাহায্য প্ৰদান কৰে তেওঁৰ ব্যৱসায়ত উন্নত হ’ব পাৰে বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰে।

(উৎসঃ নিয়মীয়া বাৰ্তা, প্ৰাঞ্জল শৰ্মা)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate