অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাকৰিৰ মহঙা দিনত স্বাৱলম্বনৰ বাট দেখুওৱা পাটসাঁকোৰ যোগেশ ফুকন :

চাকৰিৰ মহঙা দিনত স্বাৱলম্বনৰ বাট দেখুওৱা পাটসাঁকোৰ যোগেশ ফুকন :

 

মন কৰিলেই ছন, বাকৰি মাটিতে ধন। জ্যেষ্ঠসকলে পুৰ্বে কথাই কথাই প্ৰয়োগ কৰি অহা এই আপ্তবাক্যশাৰী সম্প্ৰতি কেৱল ফকৰা যোজনা হৈয়ে ৰোৱা নাই, বাস্তৱ জীৱনত দেখা গৈছে এই যোজনাৰ প্ৰতিফলন। বৰ্তমান দ্ৰুতগতিত বাঢ়ি অহা নিবনুৱা সমস্যা সমাধানৰ অন্যতম প্ৰধান পন্থা হৈছে কৃষি। কৃষিকাৰ্যৰ লগত জড়িত হৈয়ে বহু শিক্ষিত যুৱকে সম্প্ৰতি নিজৰ সংস্থাপনৰ ব্যৱস্থা গঢ়ি তুলিবলৈ সক্ষম হৈছে। তেনে এজন আত্মপ্ৰতিষ্ঠ যুৱক চৰাইদেউ জিলাৰ লাইপ্লেং গাঁৱৰ যোগেশ ফুকন। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সীমামুৰীয়া অঞ্চলটোৰ উচ্চ শিক্ষিত যুৱক যোগেশ ফুকনে স্নাতক শিক্ষা শেষ কৰাৰ পাছত বিভিন্ন ধৰণৰ কামেৰে জীৱিকা নিৰ্বাহৰ চেষ্টা কৰিছিল। শেষত ফুকনে কৃষিকাৰ্যত মনোনিৱেশ কৰি প্ৰথমাৱস্থাত পাণ খেতিৰে কৃষিকাৰ্য আৰম্ভ কৰে। কিন্তু উপযুক্ত পদ্ধতি প্ৰয়োগত কিছু হীন-ডেঢ়ি হোৱাত ফুকনে ৰোপণ কৰা আটাইবোৰ পাণৰ গছ মৰি যায়। তথাপি হতাশ নহৈ অধিক উদ্যমেৰে ফুকনে ছন পৰা মাটি নকৈ ভাঙি তাৰে প্ৰায় ২ বিঘাত কাজিনেমুৰ খেতি আৰম্ভ কৰে। বৰ্তমান কাজিনেমুৰ সমান্তৰালভাৱে তেওঁ আন শাক-পাচলিৰো খেতি কৰিছে । ফুকনে জনোৱা মতে, বিগত বৰ্ষত কাজিনেমুৰ উৎপাদন আছিল যথেষ্ট আশাপ্ৰদ। বিগত বৰ্ষত কাজিনেমু আৰু শাক- পাচলি বিক্ৰীৰে অতি সুন্দৰ উপাৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ জানিবলৈ দিছে। শেহতীয়াকৈ কাজিনেমু, শাক-পাচলিৰ উপৰি মীন উৎপাদনৰ বাবে পুখুৰী খান্দি ফুকনে বিভিন্ন প্ৰজাতিৰ মাছ পুহিবলৈ লৈছে। ফুকনে নিজে কৃষিকৰ্মৰে সংস্থাপিত হোৱাৰ উপৰি ভৱিষ্যৎ দিনত আৰু যুৱকক সংস্থাপন দিয়াৰ লক্ষ্য পুহি ৰাখিছে। উল্লেখ্য যে কৃষিকাৰ্যৰ উপৰি তেওঁ অপ্ৰাদেশীকৃত পাটসাঁকো মহাবিদ্যালয়তো এজন তৃতীয়বৰ্গৰ কৰ্মচাৰী হিচাপে সেৱা আগবঢ়াই আহিছে। চৰকাৰী চাকৰিৰ মহঙা দিনত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে ফুকন নিশ্চিতভাৱে এক আদৰ্শ।

লেখক: জ্যোতিপ্ৰসাদ চাবুকধৰা (নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate