অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাহ খেতিয়ক চন্দ্ৰকান্ত মহন্ত

চাহ খেতিয়ক চন্দ্ৰকান্ত মহন্ত

 

জীৱনৰ বৃদ্ধাৱস্থাত মানুহে আনৰ সহায় নোলোৱাকৈ চলিব নোৱাৰাৰ সময়তে মেলেং দলৈ গাঁও নিবাসী মাজুলীৰ ভোগপুৰ সত্ৰৰ প্ৰাক্তন ডেকা সত্ৰাধিকাৰ, বৰ্তমান যোৰহাট জিলা একশৰণ ভাগৱতী সমাজৰ শৰণাচাৰ্য, চন্দ্ৰকান্ত মহন্তই কাম কৰাৰ মাজেৰে এক নজিৰ সৃষ্টি কৰিছে ৮৫ বছৰ অতিক্ৰম কৰা ব্যক্তিগৰাকীৰ জীৱনৰ বেছিভাগ সময়েই কৰ্মকে ধৰ্ম বুলি গ্ৰহণ কৰিছে। নিশা হ’লে ধৰ্মচৰ্চা আৰু দিনত নিজাকৈ আটোমটোকাৰীকৈ পতা বাগিচাখনতে ব্যস্ত থাকে মহন্তই। বৰখেলীয়া চাৰিঙীয়া সত্ৰৰ প্ৰয়াত হৰদেৱ মহন্ত আৰু দেৱী মহন্তৰ প্ৰথম পুত্ৰ চন্দ্ৰকান্ত মহন্ত পূৰ্বে ভোগপুৰ মাজুলী সত্ৰৰ ডেকা সত্ৰাধিকাৰ আছিল। সত্ৰৰ চিন্তা চৰ্চাৰে নিলিমাত এইজন কৰ্মপ্ৰাণ ব্যক্তিয়ে সত্ৰৰ চাৰিবেৰৰ পৰাই ওলাই আহি নিজেই একশৰণ ভাগৱতী ধৰ্মত দীক্ষিত হয়। ৩০ বছৰতকৈও অধিককাল ধৰ্ম চৰ্চা আৰু কামত ব্যস্ত থকা ব্যক্তিগৰাকীয়ে স্বাস্থ্য ভালে ৰাখিবৰ বাবেই কামকে ধৰ্ম বুলি লোৱা বুলি প্ৰকাশ কৰে।

নিজৰ অনুভৱ ব্যক্ত কৰি তেওঁ কয়- ‘মোৰ এতিয়া পাবলৈও একো নাই, হেৰুৱাবলৈও একো নাই। মোক দেখি আনেও কিবা এটা কৰিলে ভাল পাম’। এঘাৰালীৰ সমীপৰ ২৭ নং মধ্য চাওখাত পঞ্চায়তৰ অন্তৰ্গত শৰণাচাৰ্যগৰাকীৰ নিজৰ বাসগৃহতে ক্ষুদ্ৰ চাহ বাগিচাৰ লগতে বাৰীত আছে শাৰী শাৰী তামোল-পাণৰ গছ। তাৰ বাবে প্ৰয়োজনীয় গোবৰ সাৰ আৰু কেঁচুসাৰ তেওঁৰ বাৰীতে প্ৰস্তুত কৰি থোৱা দেখিবলৈ পোৱা যায়।

মৎস্য উৎপাদনৰ বাবে মহন্তৰ বাৰীত এটি পুখুৰীও আছে। বৰ্তমান বেলেগ কোনো গুৰুতৰ অসুখ নথকা, অকল কঁকালৰ বিষে আমনি কৰা মহন্ত এগৰাকী ভাল বনদৰব দিয়া ব্যক্তিও।

লিখকঃ অপূৰ্ব কুমাৰ বৰা, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate