অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চিত্ৰনলা, চাহ খেতিৰে আদৰ্শ স্থাপন

চিত্ৰনলা, চাহ খেতিৰে আদৰ্শ স্থাপন

কলিয়াবৰৰ এজন প্ৰাক্তন ছাত্ৰনেতাই সম্প্ৰতি চিত্ৰনলা আৰু চাহ খেতিৰে স্বাৱলম্বী হোৱাৰ খবৰে নিবনুৱা যুৱকসকললৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। কলিয়াবৰৰ কামাখ্যা গাঁও নিৱাসী এই উদ্যোগী যুৱকজন হৈছে প্ৰশান্ত পাঠক। অসম আন্দোলনৰ সময়ত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্বত থাকি স্বজাতিৰ হকে সেয়া কৰা ছাত্ৰজনে পিছলৈ ১৯৯৬ চনত নিজ গৃহৰ সমীপৰ কামাখ্যা পাহাৰৰ নামনিত চাহ খেতি আৰম্ভ কৰে। ছজন শ্ৰমিকৰ সহায়ত চাহ খেতি কৰা প্ৰশান্তই বিগত সময়ছোৱাত প্ৰতি বছৰে ৪০ হাজাৰ কিলোগ্ৰামতকৈ অধিক চাহপাত উৎপাদন কৰি আহিছে। এই চাহ খেতিৰ পৰা তেওঁ প্ৰতি বছৰে ৭ লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত তেওঁক সহায়ৰ হাত আগবঢ়াই আহিছে তেওঁৰ জ্যেষ্ঠ ভাতৃদ্বয় ৰজনী পাঠক আৰু বিপিন পাঠকে।

তদুপৰি প্ৰশান্তই চাহ বাগিচাৰ কাষতে ২০১০ চনতে কেইবালাখো টকা ব্যয়েৰে স্থাপন কৰিছে এটা চিত্ৰনলা উদ্যোগ। প্ৰায় ২০ বিঘা মাটিত তেওঁ কৰিছে চিত্ৰনলাৰ খেতি। চিত্ৰনলাৰ পাতৰ পৰা তেল উৎপাদন কৰিবলৈ স্থাপন কৰি লৈছে উদ্যোগটো। এই উদ্যোগটোত তেওঁ প্ৰতি বছৰে প্ৰায় এক হাজাৰ লিটাৰ চিত্ৰনলা তেল উৎপাদন কৰিবলৈ সক্ষম হৈছে। এক লিটাৰ তেলৰ বৰ্তমান বজাৰ মূল্য হৈছে প্ৰায় এহাজাৰ টকা। সেই হিচাপত প্ৰশান্তই প্ৰতি বছৰত দহ লাখতকৈ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ছজন স্থায়ী কৰ্মচাৰীৰে স্থাপন কৰা এই উদ্যোগটোত এটা বৃহৎ টেংকীসদৃশ পাত্ৰত চিত্ৰনলা পাতসমূহ ভৰাই তলত জুই দি সৃষ্টি হোৱা ভাপৰ দ্বাৰা চিত্ৰনলা তেল নিষ্কাসন কৰা হয়। এই তেল গুৱাহাটীৰ লগতে দিল্লীলৈ ৰপ্তানি কৰা হয়। কিন্তু পাহাৰৰ নামনিত হোৱা বাবে বৃহৎ অঞ্চলটোত বন্যহাতীৰ উপদ্ৰৱে উদ্যোগস্থলীত বিস্তৰ ক্ষতি সাধন কৰি আহিছে। আনহাতে, প্ৰাকৃতিকভাৱে বৰষুণৰ পৰিমাণ কমি যোৱাত চাহ খেতিৰ লগতে চিত্ৰনলাৰ খেতিতো উৎপাদন পূৰ্বতকৈ বহুগুণে হ্ৰাস পোৱা বুলি প্ৰকাশ কৰিলে উদ্যোগী কৃষক প্ৰশান্ত পাঠকে। ইফালে,

এই উদ্যোগস্থলীৰ কাষতে এটা ‘ছুইমিং পুল’ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে এই ছুইমিং পুলৰ জৰিয়তে কলিয়াবৰৰ উঠি অহা কণ কণ শিশুসকলক সাঁতোৰৰৰ প্ৰশিক্ষণ দিয়া হ’ব। এটি সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ জৰিয়তে গ্ৰামাঞ্চলৰ শিশুসকলক ৰাজ্যিক পৰ্য্যায়ৰ সাঁতোৰ প্ৰতিযোগিতালৈ আগবঢ়াই নিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। প্ৰশান্তৰ এনে সৎ চিন্তা-চৰ্চা আৰু আদৰ্শই নতুন চামক উৎসাহিত কৰিব পাৰিব বুলি আশা কৰিব পাৰি। তেওঁৰ এনে প্ৰশংসনীয় পদক্ষেপত কলীয়াবৰীয়া ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

লিখক: তৰুণ মুক্তিয়াৰ, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate