অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চুপাৰি উদ্যোগেৰে স্বাৱলম্বিতা

চুপাৰি উদ্যোগেৰে স্বাৱলম্বিতা

বাক্সাৰ সুৱণশ্ৰীত ঘৰে ঘৰে ব্যস্ততা

যুৱকজনৰ নাম ভগীৰথ হালৈ। বাক্সা জিলাৰ সুৱণশ্ৰীৰ ‘বি’ ব্লকৰ এইজন যুৱকে শৈশৱতে পিতৃক হেৰুৱাই সাবটিব লগা হৈছিল এক চৰম দৰিদ্ৰতাৰে ভৰা জীৱন। আনৰ ঘৰত কাম কৰি পৰিয়াল পোহপাল দিয়া ভগীৰথে কিছু সাঁচতীয়া ধনেৰে কিছুদিন পূৰ্বে আৰম্ভ কৰিছিল তামোলৰ চুপাৰি প্ৰস্তুত ক্ষুদ্ৰ উদ্যোগ আৰু এই উদ্যোগেৰে আজি ভগীৰথ হালৈ এগৰাকী প্ৰতিষ্ঠিত ক্ষুদ্ৰ উদ্যোগী আৰু ব্যৱসায়ী। নিজে এক আৰ্থিক স্বচ্ছল জীৱন-যাপন কৰাৰ লগতে সম্প্ৰতি অন্য কুৰিজন যুৱককো তেওঁৰ ক্ষুদ্ৰ উদ্যোগত নিযুক্তি দি জীৱিকাৰ উলিয়াই দিছে। আন এজন যুৱক সুৱণশ্ৰীৰ ৰমেশ কলিতা। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ৰমেশে দুবছৰ পূৰ্বে মাত্ৰ দহ হেজাৰ টকাৰ ঋণ লৈ চুপাৰি প্ৰস্তুত কৰা ক্ষুদ্ৰ উদ্যোগ এটা আৰম্ভ কৰি বৰ্তমান আৰ্থিকভাৱে সচ্ছল হৈ পৰিছে। মাহত গড়ে ১৯-২০ হেজাৰ টকা উপাৰ্জন কৰা ৰমেশে সম্প্ৰতি অন্য কেইবাজনো নিজৰ ক্ষুদ্ৰ উদ্যোগত নিযুক্ত কৰিছে। অকল ৰমেশ বা ভগীৰথেই নহয় সুৱণশ্ৰী অঞ্চলৰ বসন্ত মেধি, বিপিন হালৈ, অনিল হালৈ, কাশী হালৈ, অপূৰ্ব হালৈ, কীশক মেধি, হৰিহৰ দাস, গজেন কলিতা, জিতেন হালৈ আদি বহুতে নিজৰ ঘৰতে একোটা চুপাৰি প্ৰস্তুত উদ্যোগ গঢ়ি তুলিছে। তদুপৰি প্ৰায়বোৰ পৰিয়ালতে এতিয়া সৰু সৰু চুপাৰি প্ৰস্তুত আৰম্ভ হৈছে। চুপাৰি উদ্যোগে বাক্সাৰ এই বিশেষ অঞ্চলটোলৈ স্বাৱলম্বিতা অনাৰ লগতে আৰ্থিক বিকাশো আনিছে।

সুৱণশ্ৰী অঞ্চলৰ চুপাৰি উদ্যোগীসকলে জানিবলৈ দিয়া অনুসৰি আজিৰ পৰা কিছু বছৰ আগলৈ চুপাৰি ব্যৱসায়টো বহিৰাগতৰ হাতত আছিল। বিশেষকৈ বাক্সা অঞ্চল তামোল-চুপাৰিৰ বাবে অতি উপযুক্ত। পূৰ্বে এই তামোলবোৰ মধ্যভোগীয়ে কৃষকৰ পৰা পানী দামত ক্ৰয় কৰি উলিয়াই নিছিল। এনে অৱস্থাত অঞ্চলটোৰ এজন দুজনকৈ কেইবাজনেও চুপাৰি ব্যৱসায়ত মনোযোগ দি ঘৰে ঘৰে চুপাৰি প্ৰস্তুতিৰ ক্ষুদ্ৰ উদ্যপগ গঢ়ি তোলে। সম্প্ৰতি সুৱণশ্ৰী অঞ্চলত প্ৰায় ৪০ জন মজলীয়া আৰু ৬০ জন ক্ষুদ্ৰ চুপাৰি উদ্যোগী আছে। এই কামে প্ৰত্যক্ষভাৱে তিনি শতাধিক যুৱক, পুৰুষ-মহিলাক স্বাৱলম্বী কৰিছে। চুপাৰি দুটা ঋতুত কৰা হয়-ডিচেম্বৰৰ পৰা এপ্ৰিললৈ কেঁচা তামোল সিজাই চিকনি চুপাৰি প্ৰস্তুত কৰা হয় আৰু মে’ৰ পৰা জুলাইলৈ পকা তামোল ফালি বা গোটাই ৰ’দত শুকুৱাই সাধাৰণ চুপাৰি প্ৰস্তুত কৰা হয়। গোটেই প্ৰক্ৰিয়াটো কিছু কষ্টকৰ যদিও লাভজনক। আনহাতে অঞ্চলটোত তামোলৰ উৎপাদন যথেষ্ট বাবে কেঁচামালৰো অভাৱ নহয়। উদ্যোগীসকলে কৃষকৰ পৰা তামোল উপযুক্ত মূল্য লাভ কৰিছে। অৱশ্যে সুৱণশ্ৰী অঞ্চলৰ তামোল কৃষকসকলে অভিযোগ কৰা অনুসৰি এতিয়াও চুপাৰিৰ দৰ নিৰ্ধাৰণ বা এই ব্যৱসায়ত কোনো চৰকাৰী নিয়ন্ত্ৰণ নথকাত বাহিৰৰ এচাম পুঁজিপতিয়ে চুপাৰিৰ দাম নিয়ন্ত্ৰণ কৰাত বহু সময়ত প্ৰকৃত মূল্য লাভৰ পৰা থলুৱা ক্ষুদ্ৰ উদ্যোগীসকল বঞ্চিত হ’ব লগা হয়।

উৎস: অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 3/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate