অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জাকিৰ হুচেইনৰ সাফল্য চাকৰিৰ আশা বাদ দি কৃষিকৰ্মৰে আত্মসংস্থাপন

জাকিৰ হুচেইনৰ সাফল্য চাকৰিৰ আশা বাদ দি কৃষিকৰ্মৰে আত্মসংস্থাপন

চমু বিৱৰণ

দেশত নিৱনুৱা সমস্যাই ভয়াবহ ৰুপ ধাৰণ কৰাটো সৰ্বজনবিদিত| মুঠ জনসংখ্যাৰ আধাতকৈ বেছি লোকে কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰে| একাংশই চৰকাৰী চাকৰিৰ আশা ত্যাগ কৰি কৃষি কৰ্মকে উপাৰ্জনৰ পথ হিচাপে বাছি লৈ নিজৰ ভাগ্য নিজে ৰচনা কৰে| এই সকল লোকে নিজৰ কষ্ট আৰু ত্যাগৰ বলত সফলতাৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হয়| গোৱালপাৰা জিলাৰ ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত টিপলাইৰ সমীপৰ বৰপথাৰ গাঁৱৰ এনে এজন সফল কৃষক মো: জাকিৰ হুচেইন|

স্বাৱলম্বী হোৱাৰ আঁৰৰ কাহিনী

আৰ্থিক দুৰাৱস্থাৰ বাবে শিক্ষা জীৱন আধাতে সামৰি ঘৰৰ মাটিডৰাতে প্ৰথমতে ৰোপণ কৰে কঁঠাল, আম, নাৰিকল, তামোল, মাটিকঁঠাল আৰু অমিতাৰ খেতি| প্ৰায় ৫ বিঘা মাটি সামৰি আৰম্ভ কৰা এই ফল গছবোৰে পৰৱৰ্তী সময়ত ফল লাগিব ধৰাত ফল বিক্ৰী কৰি ২০-২৫ হাজাৰ টকা বছৰেকত উপাৰ্জন হোৱা বুলি জনায়| ইয়াৰ উপৰি যোৱা দুই বছৰ মানৰ পৰা নিজৰ ২ বিঘা মাটিত ভোল, জিকা, কোমোৰা, লেচেৰা খেতি আৰম্ভ কৰি এইবেলি তেওঁ ভোল কিলো প্ৰতি ২০-২৫ টকা, জিকা ২০-২৫ টকা, কোমোৰা ১৫-২০ টকা, লেচেৰা কিলো ২০-২৫ টকা দামত টিপলাই সাপ্তাহিক বজাৰ, শিমলীতোলা সাপ্তাহিক বজাৰত বিক্ৰী কৰে| প্ৰতি সপ্তাহত ২০০ ৰ পৰা ২৫০ কিলোগ্ৰামকৈ পাচলি বজাৰত বিক্ৰী কৰি নিজৰ সংসাৰখন সুচাৰুৰুপে চলোৱাৰ উপৰি উপৰুৱা টকা সঞ্চয় কৰা বুলি জনায়| আগলৈ তেওঁ খেতি মাটিৰ পৰিমাণ বৃদ্ধি কৰি জলকীয়া, বেঙেনা, আদা, কচু আদি খেতি কৰাৰ লগতে পুখুৰী এটা খান্দি মৎস্য পালন কৰাৰ ইচ্ছা প্ৰকাশ কৰে| খেতিৰ লগতে তেওঁ ঘৰত হাঁহ, কুকুৰা, ছাগলীৰ উপৰি গাই গৰু পালন কৰি বছৰেকত ২০-২৫ হাজাৰ টকা উপাৰ্জন কৰে| তেওঁ বৰ্তমানৰ শিক্ষিত যুৱচামক কৃষি কৰ্মত নিয়োজিত কৰি উপাৰ্জনমুখী হ’বলৈ আহ্বান জনায়|

লেখক:- জ্যোতিষ নাথ,টিপলাই,গোৱালপাৰা

দূৰভাষ:৮৪৮৬৮৬০৪৮১

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate