অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৈৱিক কৃষিকৰ্মৰে স্বাৱলম্বী বোকাখাত যোগনীয়া গাঁৱৰ মন্টু বৰা :

জৈৱিক কৃষিকৰ্মৰে স্বাৱলম্বী বোকাখাত যোগনীয়া গাঁৱৰ মন্টু বৰা :

 

চাকৰি এটাৰ বাবে চৰকাৰৰ মুখলৈ নাচাই বোকাখাতৰ যোগনীয়াত সম্পূৰ্ণ জৈৱিক পদ্ধতি পদ্ধতিৰ কৃষিকৰ্মৰে স্বাৱলম্বী হোৱা স্থানীয় শিক্ষিত যুৱক মন্টু বৰাই সচেতন ৰাইজৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে বোকাখাত বিধানসভা সমষ্টিৰ কুৰুৱাবাহী গাঁও পঞ্চায়ত এলেকাৰ অন্তৰ্গত যোগনীয়া এখন বানপীড়িত অঞ্চল, যাৰ বাবে শালি খেতি কৰিব নোৱাৰে অঞ্চলবাসীয়ে। অঞ্চলটোৰ শিক্ষিত যুৱক মন্টু বৰাই সেয়ে পৰিত্যক্ত মাটিখিনিত বিজ্ঞানসন্মতভাৱে জৈৱিক পদ্ধতিৰে শাক-পাচলিৰ খেতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে পঞ্চম শ্ৰেণীৰপৰা কৃষিকৰ্মৰ লগত জড়িত মন্টু বৰাই মহাবিদ্যালয়ত পঢ়ি থকা কালত নিজেই কুঁহিয়াৰ খেতি কৰি ৪০ কুইন্টল পৰ্যন্ত গুড় বিক্ৰী কৰিছিল। কিন্তু সন্তোষজনক উৎপাদন নোপোৱাত ২০১২ চনৰপৰা পাচলি খেতি কৰা আৰম্ভ কৰে। জৈৱিক সাৰ প্ৰয়োগেৰে কৰা মন্টু বৰাৰ খেতিৰ ফচলৰ কদৰ আছে। কিন্তু যিধৰণে পাচলিৰপৰা লাভান্বিত হ’ব লাগিছিল, সেইধৰণে হোৱা নাই বুলি তেওঁ জানিবলৈ দিয়ে। এই প্ৰতিবেদকৰ আগত যুৱকজনে জনোৱা অনুসৰি ব্যৱসায়িক ভিত্তিত পাচলিৰ খেতিৰ নামত কৃষকসকলে বিভিন্ন ৰকমৰ ৰাসায়নিক ঔষধ জধে-মধে ব্যৱহাৰ কৰে। এয়া খাদ্য হিচাপে গ্ৰহণ কৰাটো অতিশয় মাৰাত্মক। তদুপৰি অত্যধিক পৰিমাণৰ ৰাসায়নিক সাৰৰ ব্যৱহাৰেও জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে। এনে পৰিপ্ৰেক্ষিততে তেওঁ জৈৱিক সাৰৰ লগতে কীট-পতংগ ৰোধৰ বাবে থলুৱা পদ্ধতি ব্যৱহাৰ কৰি কৃষিকাৰ্য কৰাৰ পৰিকল্পনা কৰে।

অৱশ্যে এনেদৰে কৰা খেতিৰে তেওঁ দিনৰে লাভান্বিত হ’ব লাগিছিল, সেই ধৰণে ফল পোৱা নাই বুলিও জনায়। কিয়নো অতিমাত্ৰা ৰাসায়নিক ঔষধ আৰু সাৰ প্ৰয়োগ কৰা খেতিৰ উৎপাদন স্বাভাৱিকতকৈ বহু বেছি হয়। যাৰ বাবে খেতিৰ উৎপাদন বৃদ্ধি পায় আৰু ব্যৱসায়িক লাভালাভৰ পৰিমাণো বাঢ়ি যায়। কিন্তু তাৰ বিপৰীতে জৈৱিক পদ্ধতিৰে খেতি কৰিলে পাচলিবোৰ জনস্বাস্থ্যৰ অনুকূল হয় যদিও ব্যৱসায়িক লাভালাভৰ পৰিমাণ কমি যায়। বজাৰৰ প্ৰতিযোগিতাত টিকি থকাৰ ক্ষেত্ৰত এই পাচলিবোৰে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হয়। কিয়নো জনসাধাৰণৰ মাজত এই সম্পৰ্কীয় সচেতনতা এতিয়াও যথেষ্ট কম। আনহাতে আমাৰ থলুৱা লোকৰ কৃষি পদ্ধতিত কিবা আসোঁৱাহ আছে বুলি ধাৰণা কৰি যুৱকজনে কয় যে বাহিৰৰ ৰাজ্যৰ মানুহে যি দৰত কৃষি উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰে, সেই দৰত থলুৱা লোকে কেতিয়াও দিব নোৱাৰে। কিয়নো উৎপাদন ব্যয় যথেষ্ট বেছি। এইক্ষেত্ৰত কম উৎপাদন ব্যয়েৰে অধিক ফচল উৎপাদন কৌশল সন্দৰ্ভত ৰাজ্য চৰকাৰৰ কৃষি বিভাগে স্থানীয় উদ্যোগী যুৱকসকলক প্ৰশিক্ষণ দিয়া উচিত বুলিও তেওঁ মন্তব্য কৰে। খেতিত ৰোগে দেখা দিলে কি পদ্ধতি ব্যৱহাৰ কৰে বুলি কৰা প্ৰশ্নৰ উত্তৰত বৰাই কয় যে জৈৱিক পদ্ধতিৰ খেতিত ই বৃহৎ প্ৰত্যাহ্বান হিচাপে চিহ্নিত হৈছে। বহু সময়ত থলুৱা পদ্ধতি ব্যৱহাৰ কৰা হয় যদিও ভেঁকুৰজাতীয় ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত বৃহৎ সমস্যাৰ সন্মুখীন হোৱা যায়। এইবাৰৰ ৰঙালাও খেতিত এনে সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰাত উৎপাদন অভাৱনীয় হাৰত কমি গৈছে বুলিও তেওঁ জনায়। এনে সময়তে সাধাৰণতে খেতিয়কসকলে হতাশাত ভোগে বুলি উল্লেখ কৰি তেওঁ কয় যে এনে দুৰ্যোগৰ সময়ত কৃষি বিভাগৰ লোকে উপস্থিত হৈ কৃষক ৰাইজক সকাহ দিয়া উচিত যদিও বেছিভাগ ক্ষেত্ৰতে বিভাগটোৰ এই সহযোগিতাৰ অভাৱ হোৱা দেখা যায়।

মন্টু বৰাই বৰ্তমান মুঠ ২২ বিঘা মাটিত খেতি কৰিছে। ইয়াৰে তিনি বিঘা মাটিত বেঙেনা, আঢ়ৈ বিঘা মাটিত বিলাহী, পোন্ধৰ বিঘা মাটিত ৰঙালাও, এবিঘা জিকা, এবিঘাত ভেণ্ডী, পাঁচ বিঘাত কুঁহিয়াৰ, এবিঘাত জলকীয়া, তিনিকঠা মাটিত কেপচিকাম আৰু দুকঠাত নহৰুৰ খেতি কৰিছে। কৃষিকৰ্মৰে যুৱকজনে নিজৰ পৰিয়াল পোহপাল দিয়াৰ উপৰি এটা শ্ৰমিক পৰিয়ালৰ লগতে প্ৰতিদিনে চাৰিজন শ্ৰমিকক সংস্থাপন দিছে মন্টু বৰাই। হাজিৰাৰ নামতে প্ৰতিদিনে সহস্ৰাধিক টকাৰ প্ৰয়োজন হয় বৰাক। কিন্তু সম্প্ৰতি বজাৰত পাচলিৰ দৰ কমি যোৱাত ফচল বেচা টকাৰে হাজিৰৰ জোৰা মৰাত সমস্যাৰ সন্মুখীন হৈছে যুৱকজন। আনহাত, বিক্ৰী নোহোৱা পাচলি সঞ্চয় কৰিবলৈ কোনো ব্যৱস্থা নথকাত পেলাই দিব লগা হৈছে। শেহতীয়াকৈ তেওঁ ব্যৱসায়িক ভিত্তিত এখন হাঁহৰ ফাৰ্ম খোলাৰ বাবে পৰিকল্পনা কৰিছে বুলিও জানিবলৈ দিয়ে।

লেখক: প্ৰাঞ্জল হাজৰিকা(দৈনিক অসম)

 

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate