অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিক্ষিত যুৱকৰ সেউজ বিপ্লৱৰ সূচনা

শিক্ষিত যুৱকৰ সেউজ বিপ্লৱৰ সূচনা

তিতাবৰ মহকুমাৰ সীমান্ত অঞ্চল বৰহোলা বেঁকাজানত কেইজনমান শিক্ষিত নিবনুৱা যুৱকে কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ প্ৰয়াস চলাই স্থানীয় ৰাইজৰ লগতে মহকুমাটোৰ মহকুমাধিপতিকো আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। নগা সীমান্ত বেঁকাজান অঞ্চলৰ মিলন গগৈ, ললিত তামুলী, দীন পাঠক, হৰিকান্ত দাস, মৃদুল পাঠক, কান্দুৰা চুতীয়া নামৰ এই ছজন শিক্ষিত যুৱকে সমবায় ভিত্তিত বেঁকাজান ৬২ ঘৰীয়াৰ নগা পাহাৰৰ দাঁতিত প্ৰায় ২০ বিঘা মাটিত কেপচিকাম, জলকীয়া আৰু বিলাহী খেতি কৰিছে। এই ছজন কৃষকে নিজৰ গাঁঠিৰ ধন বিনিয়োগ কৰাৰ লগতে কঠোৰ শ্ৰমৰ বিনিময়ত অঞ্চলটোত এক সেউজ বিপ্লৱৰ সূচনা কৰিছে। তেওঁলোকে অশেষ কষ্টেৰে উৎপাদন কৰা কেপচিকাম আৰু জলকীয়া স্থানীয় বজাৰত নিজে বিক্ৰী কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইলৈ যোগান ধৰি যথেষ্ট লাভৱান হৈ আহিছে। জানিব পৰামতে মাটি চহোৱা, বীজ ক্ৰয়-ৰোপণ, ঔষধ প্ৰয়োগ, বেৰা দিয়া শ্ৰমিকৰ বাবদ প্ৰত্যেকে ১০-১৫ হেজাৰ টকা মূলধন বিনিয়োগ কৰিছে আৰু কৃষি শস্য বিক্ৰী কৰি তেওঁলোকে ৫-৬ লাখ টকা উপাৰ্জনৰ আশা কৰিছে।

উৎসঃ অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate