অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নগাঁৱৰ দুটা আত্মসহায়ক গোটে অসমৰ কৃষি অৰ্থনীতিলৈ বৰঙণি আগবঢ়াইছে-

নগাঁৱৰ দুটা আত্মসহায়ক গোটে অসমৰ কৃষি অৰ্থনীতিলৈ বৰঙণি আগবঢ়াইছে-

 

আধুনিকতাৰ ধামখুমীয়াত পৰি যিসময়ত উঠি অহা প্ৰজন্মৰ অধিকাংশই কৃষিকৰ্মৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে, সেই সময়ত নগাঁও জিলাৰ উৰিয়াগাঁও আৰু পোতনি গোমোঠা গাঁৱৰ কেইজনমান যুৱকে দুটা আত্মসহায়ক গোট খুলি কৃষিকৰ্মত নিয়োজিত হৈছে। এই গোট দুটা হৈছে ৰেঙণি আৰু চিৰঞ্জীৱী আত্মসহায়ক গোট। ৰেঙণি আত্মসহায়ক গোটত আঠজন সদস্য থকাৰ বিপৰীতে চিৰঞ্জীৱী আত্মসহায়ক গোটত ১১ জন সদস্য আছে। দুটা বছৰৰ পূৰ্বেই ৰেঙণি আত্মসহায়ক গোটটো গঠন কৰা হৈছিল। ইয়াৰ পিছতে চিৰঞ্জীৱী আত্মসহায়ক গোটটো গঠন কৰা হয়। ৰেঙণি আত্মসহায়ক গোটৰ সদস্যসকল হৈছে- পৰাগ কুমাৰ বৰা(সভাপতি), দিগন্ত গায়ন(সম্পাদক), প্ৰাগজ্যোতিষ বণিয়া, প্ৰণয় বৰা, নৱজ্যোতি কেওট, সঞ্জীয় শইকীয়া, ধৰণী বৰুৱা আৰু সীমান্ত বৰা। ইয়াৰে প্ৰাগজ্যোতিষ বণিয়াৰ ঘৰ উৰিয়াগাঁৱত আৰু আনসকলৰ ঘৰ পোতনি গোমোঠা গাঁৱত। ৰেঙণি আত্মসহায়ক গোটৰ সদস্যসকলে নগাঁও জিলাৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ পিছপিনে থকা ৪৫ বিঘাৰো অধিক কৃষিভূমিত খেতি কৰিছে। যোৱা দুটা বছৰ ধৰি তেওঁলোক কৃষিকৰ্মত নিয়োজিত হৈ আছে। তেওঁলোকে লেচেৰামাহ, ভেণ্ডি, জলকীয়া, কচু, খেচাৰী মাহ, সৰিয়হ আদিৰ খেতি কৰি লাভাম্বিত হৈছে। উৎপাদিত ফচল তেওঁলোকে স্থানীয় বজাৰত বিক্ৰী কৰে। এইবাৰ তেওঁলোকে প্ৰায় ২৫ বিঘা কৃষিভূমিত শালিধানৰ খেতি কৰিছে। পৰৱৰ্তী সময়ত বৰোধানৰো খেতি কৰিব। বিগত বছৰো কম পৰিমাণে শালিধান আৰু বৰোধানৰ খেতি তেওঁলোকে কৰিছিল। যোৱা বছৰ শালি খেতি হিচাপে তেওঁলোকে ৰঞ্জিত ধানৰ খেতি কৰিছিল। এই খেতি কৰি তেওঁলোকে প্ৰতি বিঘাত ১২-১৫ মোনকৈ ধান পাইছিল। চলিত বৰ্ষত তেওঁলোকে স্বৰ্ণ চাপ ধানৰ খেতি কৰিছে। বৰ্তমান তেওঁলোকে ভূঁই ৰুই আছে। যোৱা ৩০ জুলাইত ৰেঙণি আত্মসহায়ক গোটৰ সদস্যসকলে স্থানীয় জ্যেষ্ঠ কৃষক আৰু বিশিষ্ট লোকসকলক আনি ২৫ বিঘা কৃষিভূমিত আনুষ্ঠানিকভাৱে ভূঁই ৰোৱা উৎসৱ পালন কৰে। গোটটোৰ সদস্যসকলৰপৰা জানিব পৰা মতে, অহা নৱেম্বৰ মাহত তেওঁলোকে বৰোধানৰ খেতি কৰিব। শালিধান মোনে প্ৰতি ৬৬০ টকা আৰু বৰোধান ৫৫০ টকা দৰত তেওঁলোকে বিক্ৰী কৰিছে। জিকা, শাক-পাচলি, ভেণ্ডি, কচু, সৰিয়হ, খেচাৰী মাহ আদিও বজাৰ দৰ অনুযায়ী তেওঁলোকে বিক্ৰী কৰিছে।

স্বৰ্ণচাপ নামৰ ধানৰ বীজ নগাঁও জিলাৰ চিলঙণীস্থিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰপৰা তেওঁলোকে লাভ কৰিছে। কৃষিকৰ্ম কৰিবৰ বাবে গোটৰ প্ৰতিগৰাকী সদস্যই গাইপতি প্ৰায় ১০ হাজাৰ টকাকৈ তুলি মূলধন হিচাপে ব্যৱহাৰ কৰিছে। ইপিনে চিৰঞ্জীৱী আত্মসহায়ক গোটে উৰিয়াগাঁও চ’ক আৰু উৰিয়াগাঁৱত থকা প্ৰায় ৩ বিঘা মাটিত শাক-পাচলিৰ খেতি কৰিছে। শাক-পাচলিৰ ভিতৰত ৰঙালাও, ভোল, জিকা, তিয়ঁহ, জলকীয়া অন্যতম। চিৰঞ্জীৱী আত্মসহায়ক গোটৰ সদস্যসকল হৈছে- ৰাজ হাজৰিকা(সভাপতি), ৰঞ্জন হাজৰিকা(সম্পাদক), মনোজ সিংহ ৰাজা, নিপুল দাস, দীপাংকৰ শৰ্মা, দিনমণি হাজৰিকা, নিংকুমণি বণিয়া, ৰাজু বণিয়া, পাপু হাজৰিকা, বাবলু হাজৰিকা আৰু অভিজিৎ দাস। দুয়োটা গোটৰ সদস্যসকলে কৃষিকৰ্মৰ নিজা কৃষিভূমি ব্যৱহাৰ কৰাৰ লগতে স্থানীয় হিতৈষী লোকৰ ভূমিও সাধাৰণ চুক্তিত কৃষিকৰ্মৰ বাবে ব্যৱহাৰ কৰিছে। উল্লেখ্য, ৰেঙণি আত্মসহায়ক গোটৰ সদস্য প্ৰাগজ্যোতিষ বণিয়া অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত থকাৰ লগতে আনটো গোটৰ সদস্য মনোজ সিংহ ৰাজা জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও নগৰ সমিতিৰ সভাপতিৰ দায়িত্বত আছে। দুয়োজনে ‘দৈনিক অসম’ক জনোৱা মতে, অসমৰ বহু শিক্ষিত যুৱকে কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি মেলে। কিন্তু কৃষিপ্ৰধান ৰাজ্য হিচাপে অসমত কৃষিকৰ্মৰে স্বাৱলম্বী হ’ব পৰাৰ বহু সমল আছে। কৃষিকৰ্মত জড়িত থাকিলে মানসিক স্থিতিও ইতিবাচক হয়। সেইবাবেই তেওঁলোকে উৰিয়াগাওঁ আৰু পোতনি গোমোঠা গাঁৱৰ যুৱকসকল একত্ৰিত হৈ আদৰ্শ দেখুৱাবৰ বাবেই দুটা আত্মসহায়ক গোট গঠন কৰি কৃষিকাৰ্যত নিয়োজিত হৈছে। তেওঁলোক দুজনে জনোৱা মতে, কৃষিপ্ৰধান ৰাজ্য হিচাপে অসমত নমামি ব্ৰহ্মপুত্ৰ উৎসৱৰ দৰে উৎসৱ অনুষ্ঠিত কৰাতকৈ ভূঁই ৰোৱা উৎসৱৰহে প্ৰাসংগিকতা বেছি। সেয়ে তেওঁলোকে ভূঁই ৰোৱা উৎসৱ অনুষ্ঠিত কৰিছে। গোটৰ অন্যতম সদস্য প্ৰাগজ্যোতিষ বণিয়াই জনোৱা মতে, তেওঁলোকে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ আৰু কৃষিকৰ্মত ব্যৱহৃত অন্যান্য সামগ্ৰীৰ বাবে আৱেদন কৰিছে। যদি এই সঁজুলি লাভ কৰে, তেন্তে নতুন উদ্যমেৰে কৃষিকৰ্মত তেওঁলোক নিয়োজিত হ’ব পাৰিবা। উল্লেখ্য, অসমৰ অন্যান্য প্ৰান্তৰ যুৱক-যুৱতীসকলেও যদি এনেদৰে আত্মসহায়ক গোট গঠন কৰি কৃষিকৰ্মত নিয়োজিত হয়, তেন্তে কৃষি অৰ্থনীতিৰ ক্ষেত্ৰত অসমৰ স্থান ভাৰতবৰ্ষৰ অন্য ৰাজ্যতকৈ বহু ওপৰলৈ যোৱাৰ সম্ভাৱনা আছে। এইক্ষেত্ৰত ৰাজ্যৰ কৃষি বিভাগ আৰু চৰকাৰে সজাগতা সৃষ্টিৰে যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰাৰ লগতে সা-সুবিধাও আগবঢ়োৱা উচিত।

লেখক: চন্দনজ্যোতি বৰা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 3/1/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate