কম ভূমিতে অধিক উৎপাদন কৰি অধিক কষ্টৰ বিনিময়ত আৰ্থিকভাৱে লাভৱান হ’বলৈ সমৰ্থ হৈছে মৰিগাঁও জিলাৰ বান-খনীয়াত বিধ্বস্ত লাহৰীঘাট আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত একাংশ খহনীয়াগ্ৰস্ত কৃষকে। উল্লেখ্য যে কালৰুপী ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি ৰাজহ চক্ৰ দুটাৰ নৈপৰীয়া কৃষক তথা সমগ্ৰ অঞ্চলবাসী পথৰ ভিক্ষাৰীত পৰিণত হ’ব লগা হৈছে। নাটনি হৈছে আশ্ৰয় স্থান আৰু কৃষিভূমিৰ। এনে দুৰ্বিষহ দিন কটোৱা কৃষকসকলে এতিয়া জীৱন স্ংগ্ৰামত জয়ী হ’বলৈ আপ্ৰাণ চেষ্টা চলাই আহিছে। উল্লেখ্য যে অতীতৰে পৰা লাহৰীঘাট আৰু ভূৰাগাঁৱৰ বিভিন্ন অঞ্চলত বছৰৰ বাৰ মাহে বিভিন্ন শাক-পাচলীৰ লগতে বতৰ অনুসৰি বিভিন্ন শস্য উৎপাদন হৈ আহিছে যদিও যোৱা কেইটামান বছৰ ধৰি বৃহত্তৰ অঞ্চল দুটাত ইয়াৰ উৎপাদন বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে। ইয়াৰ কৃষকসকলে এতিয়া কম মাটিতে বছৰৰ বাৰ মাহে উন্নত পদ্ধতিৰে বিভিন্ন প্ৰজাতিৰ শাক-পাচলিৰ খেতি কৰি নিজ নিজ আৰ্থিক ভেটি টনকিয়াল্ কৰি বলৈ সক্ষম হৈছে। এইবেলি খনীয়াগ্ৰস্ত ৰাজহ চক্ৰ দুটাৰ চেনীমাৰী, কাঠনি, ছাগলী পানীখোৱা, বগলীপাৰ, বৰখাৱল, বালিডোংগা, ১ ন্ং বটালিমাৰী, কোপটিমাৰী, তিনিচুকীয়া, ভুঞাবাৰী পাম, ছাতিয়ানতলী, দক্ষিণ চেনিমাৰী, টেঙাগুৰি, ধোবাংখাইতি, ফলিহা মাৰী, তুলসীবড়ী, কাঠনি বীজফাৰ্ম, তৰাবড়ী, হুগলতলি, দাঁতিয়ালবড়ী আদি ৪০ খনতকৈ অধিক গাঁও আৰু ইয়াৰ চৰ-চাপৰিসমূহৰ শ শ বিঘা কৃষিভূমিত বিলাহী, আলু,ফুলকবি, বন্ধাকবি, ওলকবি, বেঙেণা, জলকীয়া, ফ্ৰেঞ্চবিন, উৰহী আদি বিভিন্ন প্ৰজাতিৰ শীতকালীন শাক-পাচলি নদন-বদন হৈ পৰিছে। ৰাজহ চক্ৰ দুটাৰ তেনে কেইজনমান কৃষক হৈছে-নশ্বৰ আলী, ছহিদুল ইছলাম, ছুবুল ইছলাম, আনোৱাৰ হুছেইন, ছৰাফত আলী, শুকুৰ আলী, আব্দুৰ ৰহমান, ৰিয়াজউদ্দিন, আব্দুল মতলেব, চান মিঞা, মজিবৰ ৰহমান আদি। প্ৰতিজন কৃষকে ৩-২০ বিঘা পৰ্যন্ত বিভিন্ন শাক-পাচলিৰ খেতি কৰিছে। একাংশ কৃষকৰ পৰা পোৱা তথ্য মতে, এইবেলি চৰ-চাপৰিকে ধৰি ৰাজহ চক্ৰ দুটাত প্ৰায় ৪০০ হেক্টৰ ভূমিত শীতকালীন শাক-পাচলিৰ খেতি কৰা হৈছে। এনেদৰে উত্পাদিত শাক-পাচলিবোৰ তেওঁলোকৰ পৰা ক্ৰয় কৰি একাংশ শাক-পাচলিৰ ব্যৱসায়ীয়ে স্থানীয় লাহৰিঘাট, কুশতলি, ভূৰাগাও, গেৰুৱা, বৰালিমাৰী, মৈৰবাৰী, ভুৰাবন্ধা আৰু মৰিগাওঁ বজাৰত বিক্ৰী কৰে। তদুপৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ ৰাজহ চক্ৰ দুটাত উতপাদিত শাক-পাচলি একাংশ বেপাৰীয়ে ক্ৰয় কৰি লৈ যোৱাত ইয়াৰ কৃষকসকল লাভান্বিত হৈছে। তেওঁলোকে অৱগত কৰা মতে, এবিঘা বিলাহীত ৮-১০ হাজাৰ টকা খৰছ কৰি ৬০-৭০ হাজাৰ টকা পোৱা যায়। একেদৰে প্ৰতিবিঘ কবি খেতিত ৬-৮ হজাৰ টকা খৰছ কৰি লাভ কৰে ৪০-৫০ হাজাৰ টকা। ধান-মৰাপাট খেতিতকৈ শাক-পাচলিৰ খেতি কৰি খহনীয়াগ্ৰস্ত কৃষকসকলে পৰিয়াল পোহ-পাল দি ল’ৰা-ছোৱালীক পঢ়া শুনা কৰাই অহাৰ লগতে আৰ্থিক দূৰাৱস্থাৰ পৰা নিজক বচাই ৰখা কথা দোহাৰে কষ্ট সহিষ্ণু কৃষকসকলে। আনকি কৰ্মত বিমুখ নহ’লে কোনো ব্যক্তিয়ে কেতিয়াও জীৱন স্ংগ্ৰামত পৰাজয় লাভ কৰিব নহয় বুলিও তেওঁলোকে দৃহতাৰে ব্যক্ত কৰে।
বিষ্ণু ডেকা, ভূৰাগাওঁ, দৈনিক অসম।