অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নদুৱাৰৰ কেঁচা কলে দখল কৰিছে আন্ত:ৰাষ্ট্ৰীয় বজাৰ

নদুৱাৰৰ কেঁচা কলে দখল কৰিছে আন্ত:ৰাষ্ট্ৰীয় বজাৰ

 

শোণিতপুৰ জিলাৰ নদুৱাৰ ৰাজহ চক্ৰ এলেকাৰ সাপ্তাহিক বজাৰসমুহে কেঁচা কল বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিছে।পুৰ্বতে ধলাইবিল আৰু টৌভঙা বজাৰ দুখনে কেঁচা কল বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰি অহাৰ পিছত সম্প্ৰতি দিকৰাই,চতিয়া,জামুগুৰি আৰু নাগশংকৰকে ধৰি অন্যান্য সাপ্তাহিক বজাৰসমুহৰো কেঁচা কল ৰপ্তানি হৈছে ৰাজ্যখনৰ বাহিৰলৈ।প্ৰাপ্ত তথ্য অনুসৰি টৌভঙা  সাপ্তাহিক বজাৰখনত কেঁচা কল বিক্ৰী হয় প্ৰতি সপ্তাহত প্ৰায় তিনি হেজাৰ থোক।ধলাইবিল সাপ্তাহিক বজাৰত বিক্ৰী হয় দুই হেজাৰৰো অধিক থোক কেঁচা কল।চতিয়া সাপ্তাহিক বজাৰ আৰু দিকৰাই সাপ্তাহিক বজাৰ দুখনত কেঁচা কল বিক্ৰী হয় প্ৰায় তিনি হেজাৰ থোক আৰু জামুগুৰি,নাগশংকৰ সাপ্তাহিক বজাৰ দুখনত বিক্ৰী হয় প্ৰায় দুই হেজাৰ থোক কেঁচা কল।বৃহত্তৰ নদুৱাৰ অঞ্চলৰ চতিয়া,ঘাঁহিগাঁও ,নুৰপুৰ,কৰৈয়নী,শলাল গাঁও ,পাঠেককুৰি,বহুৱাকুৰি,গমিৰিপাল,গৰপাল,পানপুৰ,আমদেৰা,জমিদাৰী চুক,গোঁসাইচুক,শলগুৰি,মৰনাকুৰি,চামধৰা,২ নং বৰপথাৰ,বৰমতা,পানীগাওঁ,বগাবিল,কুসুমটোলা,বৰভগীয়া,বৰাচুক,কাঠৰবাৰী,বামুণবাৰী,ৰঙাচকুৱা,মনাই,ডিপলোঙা,বেজগাঁও,শান্তিপুৰ,ধলাইবিল,হাটিঙা জয়পুৰ,হাটিঙা,ৰামপুৰ,ৰত্নপুৰ,ধোবিখোলা,টেঙাবস্তি,হোলাকান,মাজগাঁও,চৈবাৰী,নাহৰবাৰী,মৰিসঁতি,মংগলবৰীয়া,বাটমাৰী,মুঢ়াডল,এজাৰগুৰি,খ্ৰীষ্টানবস্তি,চাৰিপুখুৰী,আগ্ৰীপাম,ন’বিল আদিকে ধৰি বিভিন্ন গাঁৱৰ পৰা শ শ থোকা কেঁচা কল আহে বজাৰসমুহলৈ ।স্থানীয় কল ব্যৱসায়ীসকলে অঞ্চলটোৰ বিভিন্ন গাঁৱৰ পৰা কেঁচা কলৰ থোকবোৰ থলীতে কৃষক ৰাইজৰ পৰা ক্ৰয় কৰি আনি বজাৰসমুহত বিক্ৰী কৰা দেখা যায়।পুৱা ৪ মান বজাৰপৰাই এই বজাৰসমুহলৈ অহা শাৰী শাৰী চাইকেলত ৬ থোকৰ পৰা ৮ থোক পৰ্যন্ত কেঁচা কল বোজাই কৰি ব্যৱসায়ীসকলে বজাৰসমুহলৈ নিয়া দেখা যায়।নদুৱাৰ প্ৰতিখন গৃহস্থৰ বাৰীতে কলৰ খেতি দেখিবলৈ পোৱা যায়।উল্লেখ্য যে নদুৱাৰ সাপ্তাহিক বজাৰসমুহৰ পৰা কেঁচা কল ক্ৰয় কৰি নিয়াৰ বাবে পুৱাৰে পৰা দুৰ দুৰণিৰ বেপাৰীসকলে গাড়ীসহ আজি ভিৰ কৰা দেখা যায়।বিশেষকৈ গুৱাহাটী,নগাঁও,জাগীৰোড,মৰিগাওঁ,মংগলদৈ,ৰঙিয়া,যোৰহাট আদি দুৰ দুৰণিৰ বিভিন্ন প্ৰান্তৰ পৰা কেঁচা কলৰ পাইকাৰী ব্যৱসায়ীসকলে বৃহৎ ট্ৰাকসহ আহি শেহ নিশাই উপস্থিত হয় নদুৱাৰ সাপ্তাহিক বজাৰসমুহত।এই বজাৰসমুহৰ পৰা প্ৰতি থোকা কেঁচা কল পাঁচশ টকাৰ পৰা এহেজাৰ টকা পৰ্যন্ত মুল্য দি ক্ৰয় কৰি নিয়ে পাইকাৰী ব্যৱসায়ীসকলে।যিসমুহ কেঁচা কল ব্যৱসায়ীসকলে নি গুৱাহাটীৰ বজাৰত বিক্ৰী কৰাৰ উপৰিও বঙাইগাওঁ,শিলিগুৰিৰ লগতে ৰাজ্যখনৰ বাহিৰৰ বজাৰসমুহলৈকো প্ৰেৰণ কৰে।পাইকাৰী ব্যৱসায়ীসকলে জনোৱা মতে উন্নত প্ৰজাতিৰ কেঁচা কলসমুহ নেপাল,দাৰ্জিলিং ,ম্যানমাৰ আদিলৈকো ৰপ্তানি কৰা হয়।নদুৱাৰ অঞ্চলত বিশেষভাৱে  উৎপাদন হোৱা কলসমুহৰ ভিতৰত চেনিচম্পা,সাগৰ চম্পা,মালভোগ,ধিমনি,কাঁচকল,জাহাজী কল,অমৃত সাগৰ,কেঁচুলপা আদি উল্লেখনীয়।ৰাজ্য চৰকাৰৰ কৃষি বিভাগটোৱে বিশেষ গুৰুত্ব দিলে তথা নদুৱাৰ অঞ্চলটোৰ কল খেতি আধুনিক বিজ্ঞানসন্মত পদ্ধতিৰে কৰিলে নিবনুৱা সংস্থাপনৰ এটা উপায় উদ্ভাৱন হ’ব আৰু ইয়াৰ জৰিয়তে অঞ্চলটোৰ অৰ্থনৈতিক ভেটিও টনকিয়াল হ’ব বুলি মন্তব্য কৰিছে সচেতন ৰাইজে।

লেখক:পংকজ নাথ (দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate