অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নলবাৰী চহৰত প্ৰতিষ্ঠা হ’ল হাঁহ পালন পাম

নলবাৰী চহৰত প্ৰতিষ্ঠা হ’ল হাঁহ পালন পাম

স্বাৱলম্বিতাৰ আদৰ্শ দেখুৱাইছে ৰিংকু মহন্তই

নলবাৰী চহৰত প্ৰতিষ্ঠা হ’ল হাঁহ পালন পাম

নলবাৰী চহৰৰ মাজমজিয়াৰ কাজিপাৰাৰ এগৰাকী উদ্যমী মহিলা ৰিংকু বৰুবা মহন্তই ‘অসমীয়া জলপান’ৰ জৰিয়তে অকল নলবাৰী জিলাতে নহয়, সমগ্ৰ ৰাজ্যখনতে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। মহন্তই গাঁৱৰ ৫০ গৰাকী দুখীয়া মহিলাক সংগঠিত কৰি ২০০৫ চনৰ পৰা কৃষিভিত্তিক বিভিন্ন খাদ্য-সামগ্ৰী প্ৰস্তুত কৰি ‘অসমীয়া জলপান’ নাম দি বজাৰত বিক্ৰী কৰি আহিছে। বিশেষকৈ গ্ৰামাঞ্চলত উপলব্ধ নাৰিকলৰ লাড়ু, চাউলৰ গুড়ি, তিলৰ লাড়ু, নাৰিকল আৰু তিলৰ পিঠা আদি মহিলাসকলৰ দ্বাৰা প্ৰস্তুত কৰাই এক লাভজনক ব্যৱসায়ত নিজকে নিয়োজিত কৰাৰ লগতে দুখীয়া মহিলাসকলক কৰ্মসংস্থাপনৰ সুবিধা কৰি দি আহিছে। তদুপৰি এই সামগ্ৰীসমূহ বজাৰত বিক্ৰী কৰাৰ বাবে তেওঁ আন ২০ জন পুৰুষ কৰ্মচাৰীক নিয়োগ কৰিছে। এইগৰাকী উদ্যমী মহিলাই এইবছৰৰ পৰা নলবাৰী চহৰৰ মাজমজিয়াত ‘সমৃদ্ধ ইন্টিগ্ৰেটেড ফাৰ্ম’ নামৰ এখন হাঁহ পালন পাম আৰম্ভ কৰিছে। নলবাৰী চহৰৰ চাৰি কঠা মাটিত এটি পুখুৰী খান্দি বিজ্ঞানসন্মতভাৱে মাছ পালনৰ লগতে উন্নত জাতৰ হাঁহ পালন কৰি মহিলাগৰাকীয়ে এক আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। মহিলাগৰাকীয়ে নিজা প্ৰচেষ্ঠা আৰু ইন্টাৰনেটৰ পৰা লাভ কৰা তথ্যৰ আধাৰত পুখুৰীত চাংঘৰ সাঁজি এই হাঁহ পামখন আৰম্ভ কৰিছে। মহন্তই হাঁহৰ পোৱালি বিচাৰি নলবাৰী জিলাৰ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ কাৰ্য্যালয়ৰ ওচৰ চাপিছিল যদিও জিলা পশু পালন বিষয়াজনে কোনো সহায় কৰিব নোৱাৰিলে। পিছত মহিলাগৰাকীয়ে ইন্টাৰনেটৰ সহায়ত অন্ধ্ৰপ্ৰদেশৰ এখন প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰি ১৫০ টা হাঁহৰ পোৱালি ক্ৰয় কৰি আনে। আনকি নলবাৰী জিলা পশু পালন বিভাগে পামখনত হাঁহৰ মৃত্যু হোৱাৰ কাৰণ উদ্ভাৱনতো ব্যৰ্থ হৈছে। এনে এক অৱস্থাত নলবাৰী জিলাৰ পশু পালকসকল যথেষ্ট বিপাঙত পৰিব বুলিও এইগৰাকী উদ্যমী মহিলাই প্ৰকাশ কৰিছে।

আনহাতে, তেওঁ নেহৰু যুৱক কেন্দ্ৰৰ সহযোগত নিজ হাঁহ পামত ২০ গৰাকী মহিলাক এক তিনিমহীয়া হাঁহ-কুকুৰা পালন সম্পৰ্কীয় প্ৰশিক্ষণ দি আছে

লিখক: ৰমেন কলিতা, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 7/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate