অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নেমু টেঙাৰ খেতিৰে আদৰ্শৰ পথ দেখুৱাইছে প্ৰবীণ ভুঞাই

নেমু টেঙাৰ খেতিৰে আদৰ্শৰ পথ দেখুৱাইছে প্ৰবীণ ভুঞাই

নেমু টেঙাৰ খেতিৰে আদৰ্শৰ পথ দেখুৱাবলৈ সক্ষম হৈছে কলিয়াবৰৰ যুৱ কৃষক প্ৰবীণ ভুঞা| ইয়াৰ বৰুৱাচুক গাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ পৰা কলং সুঁতি পাৰ হৈ মাধতাৰি সত্ৰলৈ তিনি বিঘা কৃষি ভুমিত স্থাপন কৰা নেমু টেঙাৰ বাগিচা খনত প্ৰায়ে দেখিবলৈ পোৱা যায় যুৱ কৃষক প্ৰবীণ ভুঞাৰ ব্যস্ততা| ২০০০ চনতে তেতিয়াৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী গুণীন হাজৰিকাৰ তৎপৰতাত মোমাই তামুলী বৰবৰুৱা কৃষিকৰ্ম আঁচনিৰ অধীনত উক্ত স্থানত বাগিচাখন আনুষ্ঠানিকভাৱে স্থাপন কৰা হৈছিল| এই আঁচনিৰ অধীনত উক্ত বাগিচা খনত পুৰ্বে ৰোপন কৰা হৈছিল ২০ টা নাৰিকল গছৰ পুলি| পৰৱৰ্তী সময়ত ২০ টা নাৰিকলৰ পুলিৰ মাত্ৰ তিনিতাহে বাচি থাকে| এতিয়া বাগিচাখনত নেমু টেঙা গছৰ লগতে অন্যান্য ফল-মূলৰ গছ ৰোপন কৰা হয়| প্ৰতি বছৰে নেমু টেঙা উৎপাদন কৰি প্ৰবীণ ভুঞাই কেইবাহাজাৰ টকা উপাৰ্জন কৰি আহিছে| এইখন বাগিছাৰ নেমু কলিয়াবৰৰ প্ৰতিখন বজাৰলৈ বিক্ৰীৰ বাবে নিয়া হয়| পাইকাৰী ব্যৱসায়ী সকলে বাগিচাখনৰ পৰা নেমুবোৰ ছিঙি নিয়ে| বাগিচাখনৰ কাষতে এটি ঘৰত গাহৰি পালনৰো ব্যৱস্থা কৰা হৈছে| গাহৰি উৎপাদন কৰিও প্ৰবীণ ভুঞাই যথেষ্ট ধন উপাৰ্জন কৰি আহিছে| প্ৰবীণ ভুঞা কৃষিখণ্ডত অধিক উৎকৰ্ষ সাধনৰ প্ৰতি আগ্ৰহী| কৃষিকাৰ্যৰে নতুন প্ৰজন্মক আদৰ্শৰ পথ দেখুওৱা যুৱ কৃষক জনৰ এই সপোনক বাস্তৱ ৰুপ দিবলৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী গৰাকীয়ে সহায়ৰ হাত আগবঢ়াবনে?

লেখক: তৰুণ মুক্তিয়াৰ

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate