সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বেলবাৰী কৃষিখণ্ডৰ অধীনৰ বেলবাৰী গাঁও। এই গাঁৱৰে উত্তম ডেকা, মনেশ্বৰ ডেকা, পৰমেশ ঠাকুৰীয়া, শান্ত ডেকাহঁতে বছৰৰ পিছত বছৰ ধৰি বিধে বিধে শাক পাচলিৰ খেতি কৰি অঞ্চলটোৰ ৰাইজৰ চাহিদা পূৰণ কৰাৰ উপৰি নিজৰ পৰিয়ালকো পোহপাল দি আহিছে। খিলঞ্জীয়া কৃষকে কৃষি কাৰ্য্যৰ প্ৰতি পিঠি দিয়া বুলি অভিযোগ উঠাৰ সময়তো কৃষি কাৰ্য্যত নিজকে আত্মনিয়োগ কৰা এইসকল নীৰৱ কৃষকক কিন্তু কৃষিৰ উন্নয়নৰ ঢাক-ঢোল বজোৱা কৃষি বিভাগৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই।
এই লোকসকলে জীৱন আৰু জীৱিকাৰ স্বাৰ্থত হাড় ভগা পৰিশ্ৰম কৰি একেডৰা মাটিত এটাৰ পিছত আন এটা খেতি কৰি লাভৱান হৈছে। তেওঁলোকে ঘৰৰ পৰা নাতিদূৰত এখন ওখ পথাৰত বেলেগে বেলেগে বাঁহৰ বেৰ দি সূৰ্য্য উদয়ৰ পৰা সন্ধিয়ালৈ শ্ৰম কৰি জৈৱিক সাৰ ব্যৱহাৰ কৰিয়ে উৎপাদন কৰা পাচলি স্থানীয় ৰাইজক যোগান ধৰি আহিছে।
তেওঁলোকে বেলবাৰী, বণিয়াকুছি নাইবা সৰ্থেবাৰীৰ দৈনিক বজাৰত নাইবা ঠেলা গাড়ীৰে গাঁৱে গাঁৱে উৎপাদিত পাচলি নিজে বিক্ৰী কৰি ফুৰে। উত্তম ডেকাই ৫ বিঘা মাটিত ভিন ভিন সময়ত ভিন ভিন খেতি কৰে। বৰ্তমান মাটিডৰাত সৰিয়হ, গাজৰ আৰু ফুলকবিৰ খেতি আছে। বৰপেটা ৰোডৰ পৰা ২,৪০০ টকাৰে ৩০ গ্ৰাম ফুলকবিৰ বীজ আনি দুবিঘা মাটিত ছহেজাৰৰো অধিক পুলি ৰোপণ কৰিছিল। এতিয়া ফুলকবি আঢ়ৈ কিলোগ্ৰামৰ তিনি কিলোগ্ৰাম পৰ্য্যন্ত হৈছে। ফুলকবিবোৰৰ প্ৰতি কিলোগ্ৰামত দহ টকা দৰত বিক্ৰী কৰা বুলি তেঁও জানিব দিয়ে। ফুলকবিৰ মাজে মাজে ৰঙালাউৰ পুলি ৰোপণ কৰিছে আৰু ফুলকবিৰ খেতি চপোৱাৰ পিছত এই ঠাইত ৰঙালাউ উঠিব। ইতিমধ্যে তেওঁ আগতীয়াকৈ ওলকবি আৰু বন্ধাকবি বিক্ৰী কৰি লাভৱান হৈছে। দুবিঘা মাটিৰ ওলকবি আৰু বন্ধাকবি প্ৰতি ৩০-৪০ টকাকৈ বিক্ৰী কৰি তেওঁ ১৫-১৬ হেজাৰ টকা পাইছে। সেই মাটিত এতিয়া পটল, পটল, তিতা কেৰেলা আৰু জিকাৰ খেতি আগতীয়াকৈ আৰম্ভ কৰিছে।
২০-২৫ বছৰ ধৰি তেওঁলোকে এনেদৰে খেতি কৰি বিভিন্ন পাচলি উৎপাদন কৰি আহিছে যদিও কৃষি বিভাগৰ পৰা কোনো বিশেষ সুবিধা পোৱা নাই। এইবাৰ সাহাৰ্য্যৰ নামত কৃষি বিভাগে দুই কিলোগ্ৰাম সৰিয়হৰ বীজ, এক কেজি ৰাসায়নিক সাৰ আৰু আঢ়ৈ কিলোগ্ৰাম আলু বীজ দিছে। এই সাহাৰ্য্যৰ তেওঁলোকৰ প্ৰচেষ্টাক উপলুঙা কৰা বুলিহে তেওঁ আক্ষেপ প্ৰকাশ কৰে। কষ্টোপাৰ্জিত ধনেৰে তেওঁ জলসিঞ্চনৰ বাবে অলপতে এটি পাম্পছেট বহুৱাইছে। এহাল গৰুৰে পাচলি খেতিৰ লগতে ধান, সৰিয়হৰ খেতি কৰা এই আদৰ্শ কৃষকজনক কৃষি বিভাগে পাৱাৰ টীলাৰ, জলসিঞ্চনৰ বাবে পাম্পছেট আৰু ৰাসায়নিক সাৰ উন্নত বীজ, কীটনাশক দ্ৰব্য আদি যোগান ধৰিলে তেওঁলোকে দুগুণ উৎসাহেৰে খেতি কৰি অঞ্চলটোৰ পাচলিৰ চাদিহা পূৰণ কৰিবলৈ সমৰ্থ হ’লহেতেঁন। আনহাতে, তেওঁলোকৰ আদৰ্শ গ্ৰহণ কৰি বহু শিক্ষিত নিবনুৱাই কৃষি কৰ্মত আত্মনিয়োগ কৰিবলৈ আগবাঢ়ি আহিলেহেতেঁন বুলি আশা কৰিব পাৰি।
লিখকৰ নাম: চক্ৰেশ্বৰ ডেকা, সৰ্থেবাৰী
শেহতীয়া উন্নীতকৰণ: : 3/17/2020