অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্ৰহ্মপুত্ৰ একুৰিয়াম

ব্ৰহ্মপুত্ৰ একুৰিয়াম

যুৱকজনৰ নাম সীমান্ত দত্ত। ৩৮ টা বসন্ত গৰকা উচ্চ শিক্ষিত যুৱকজনৰ যোৰহাটৰ তৰাজান এ টি পথত থকা ‘ব্ৰহ্মপুত্ৰ একুৱাৰিয়াম’ উজনি অসমৰ আলংকাৰিক মৎস্য খণ্ডৰ লগত জড়িত প্ৰায় সকলোৰে এটি চিনাকি প্ৰতিষ্ঠান। ৰং-বিৰঙৰ বিভিন্ন দেশী-বিদেশী মনোমোহা মাছ, একুৰিয়াম, চৰাই-চিৰিকটি, সুন্দৰ সুন্দৰ কুকুৰ পোৱালি, নানা তৰহৰ একুৰিয়ামৰ সৌন্দৰ্যবৰ্দ্ধকেৰে ভৰপূৰ প্ৰতিষ্ঠানটোৱে প্ৰথম দৰ্শনতে সকলোৰে দৃষ্টি কাঢ়ি নিয়ে। উল্লেখযোগ্য যে সমগ্ৰ বিশ্বৰ লগতে আমাৰ ৰাজ্যখনতো বৃদ্ধি পাইছে একুৰিয়াম আৰু আলংকাৰিক মাছৰ চাহিদা। পশ্চিমীয়া দেশবোৰত ফটোগ্ৰাফীৰ পিছতেই একুৰিয়ামত মাছ পোহাটো দ্বিতীয় জনপ্ৰিয় হবী।

 

ফলত এইবোৰ দেশত ঈৰ্ষণীয়ভাৱে বৃদ্ধি পাইছে আলংকাৰিক মৎস্য খণ্ডৰ ব্যৱসায়। বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন মৰ্মেও ঘৰত একুৰিয়াম ৰখাটো, অৰ্থাৎ জীৱন্ত মাছৰ চাল-চলন উপভোগ কৰাটো স্বাস্থ্যসন্মত। এনে এক পটভূমিত সীমান্তই আলংকাৰিক মৎস্য খণ্ডৰে জীৱন-জীৱিকা প্ৰশস্ত কৰাৰ বাবে পুহি ৰাখিছিল দুৰ্বাৰ বাসনা। সৰুৰেপৰাই অৱশ্যে মৎস্যকুল তথা মাটি আৰু পানীৰ প্ৰতি এটা সহজাত আকৰ্ষণ আছিল সীমান্তৰ। বটলত পথাৰৰপৰা সংগ্ৰহ কৰি অনা মাছ পোহাটো আছিল তেওঁৰ এক চখ বা হবী। এনেতে ২০০৭ চনত মীন বিভাগৰ তৰফৰপৰা আলংকাৰিক মৎস্য পালন আৰু একুৰিয়াম প্ৰস্তুত সম্পৰ্কীয় এটি পষেকীয়া আৱাসিক প্ৰশিক্ষণ মীন মহাবিদ্যালয়ত আয়োজন কৰাৰ বাতৰি আৰু ইচ্ছুকসকলৰপৰা আবেদন বিচাৰি প্ৰকাশিত বিজ্ঞাপন পাই সীমান্তই হাততে সৰগ ঢুকি পোৱা যেন পালে। এক মুহূৰ্তও পলম নকৰি সীমান্তই যাৱতীয় যাৱতীয় প্ৰ-পত্ৰ পূৰ কৰি আবেদন কৰিলে।

নাবাৰ্ডৰ সৌজন্যত মীন বিভাগৰ উদ্যোগত মীন মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণটোৰ পৰা তেওঁ বহু কথাই শিকিলে। লাভ কৰিলে গভীৰ আত্মবিশ্বাস। এয়াই আৰম্ভণি। তাৰ পিছত সীমান্তই ঘৰতেই আৰম্ভ কৰিলে সৰু-সুৰা ব্যৱসায়।

সীমান্তই জনোৱা মতে, তেওঁক এই সকলো দিশতে উৎসাহ উদগনি আৰু কাৰিকৰী সহযোগিতাৰে আগবঢ়াই নিছিল দুজন ব্যক্তিয়ে। তেওঁলোক হ’ল ৰহাৰ মীন মহাবিদ্যালয়ৰ অধ্যাপক ড০ বিনোদ কলিতা আৰু বিভাগৰ বিষয়া তথা আলংকাৰিক মৎস্য বিশেষজ্ঞ ড০ সঞ্জয় শৰ্মা। ২০০৯ চনত তৰাজানস্থিত এ টি ৰোডৰ সমীপত প্ৰ্তিষ্ঠা হ’ল ‘ব্ৰহ্মপুত্ৰ একুৰিয়াম’। প্ৰতিষ্ঠা হোৱাৰপৰাই সফলতাৰ মুখ। নানা তৰহৰ ৰং-বিৰঙৰ দেশী-বিদেশী মাছৰ উপৰি ভিন্ন ধৰণৰ একুৰিয়ামে যোৰহাটবাসীৰ লগতে উজনি অসমৰ ভালেসংখ্যাক ক্ৰেতাৰ মন মুহিলে। পৰৱৰ্তী সময়ত নিয়োগ সৃষ্টি অভিযান আঁচনিৰ জৰিয়তে এক লাখ টকাৰ ঋণ লাভ কৰি সীমান্তই ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰে। বিভিন্ন সময়ত তেওঁ কলকাতাৰ গ্যালিফ ষ্ট্ৰীট আলংকাৰিক মৎস্য বজাৰ, বিষ্ণুপুৰ-উদিয়ামপুৰ আলংকাৰিক মৎস্য এলেকা আদি ভ্ৰমণ কৰি আহৰণ কৰা অভিজ্ঞতা কাৰ্যক্ষেত্ৰত বাস্তবায়িত কৰিছে। উল্লেখ্য যে সীমান্তৰ প্ৰতিষ্ঠানত কেৱল গাপ্পি, মলি, এঞ্জেল, গ’লড্‌ফিছ, ফাইটাৰ ফিছ আদি বিদেশী মাছেই নহয়, আমাৰ থলুৱা খলিহনা, পুঠি, ডঁৰিকনা, চন্দা, বটিয়া, তোৰা, চেঙেলী, পানী মূতুৰা আদি থলুৱা আলংকাৰিক মাছো উপলব্ধ। আন্তঃৰাষ্ট্ৰীয় মাছ বজাৰত এইসমূহ মাছ অতিকৈ সমাদৃত। তদুপৰি কেৱল বহুৰঙী বা ৰংচঙীয়া মাছ মানেই যে আলংকাৰিক, কথাটো তেনে নহয়। বহুতো মাছৰ খাদ্য গ্ৰহণ, চাল-চলন, অভিলক্ষণ, অৱয়ব, সুকীয়াত্ব আদিও যথেষ্ট আকৰ্ষণীয় আৰু এই মাছবোৰো আলংকাৰিক।

 

সীমান্তই আন কেইবাজন লোককো কাম-কাজ শিকাই প্ৰতিষ্ঠানটোৰ জৰিয়তে স্বনিয়োজনৰ ব্যৱস্থা কৰিছে। ব্ৰ্হ্মপুত্ৰ একুৰিয়ামৰ বিশেষ বৈশিষ্ট্য হ’ল গ্ৰাহকৰ ৰুচি অনুযায়ী সেৱাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান।

একুৰিয়ামটো ৰাখিবলৈ ইচ্ছা কৰা স্থান, পৰিৱেশ আৰু গ্ৰাহকৰ ৰুচি অনুযায়ী প্ৰতিষ্ঠানটোয়ে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি নিৰ্দিষ্ট পটভূমিৰ উপযোগীকৈ একুৰিয়াম প্ৰস্তুত কৰি মাছ মেলে। যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়ৰ বহু হোটেল, ৰেস্তোৰাঁ, চাহ বাগিচাৰ কাৰ্যালয় বা কাৰ্যবাহীসকলৰ আৱাস, ৰাজহুৱা স্থান আদিত শোভাৰৰ্দ্ধন কৰিছে প্ৰতিষ্ঠানটোৰ একুৰিয়ামে। বিক্ৰীৰ পিছতো পৰিচৰ্যাত বিশেষ গুৰুত্ব দিয়ে প্ৰতিষ্ঠানটোৱে। গ্ৰাহকৰ যিকোনো সমস্যা বা অসুবিধাত তুৰন্তে হাজিৰ হয়গৈ প্ৰতিষ্ঠানটোৰ বিশেষ প্ৰশিক্ষিত কাৰিকৰী ব্যক্তি। পৰৱৰ্তী সময়ত গ্ৰাহকৰ বিপুল অনুৰোধত প্ৰতিষ্ঠানটোত সংযোজিত হয় নানা তৰহৰ চৰাই আৰু বিভিন্ন জাতৰ কুকুৰ। সীমান্তই বিপণন প্ৰতিষ্ঠানটোৰ উপৰি বিভিন্ন আলংকাৰিক মাছৰ প্ৰজননৰ কামো চলাই গৈছে সমান্তৰালভাৱে। তেওঁ সফল হৈছে এই দিশত।

সৎভাৱে সকলো খৰচ বাদ দি মাহেকত অৰ্দ্ধলক্ষ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা সীমান্ত আজি অত্যন্ত সুখী। লগতে তেওঁ কৰ্ম সংস্থাপন দিছে আন বহুজনক। সীমান্তৰ আজিৰ উত্তৰণত বিশেষ সহযোগিতা আগবঢ়োৱা পূৰ্বৰ উজনি অসম সংমণ্ডলৰ উপ-মীন সঞ্চালক তথা বৰ্তমান মীন বিভাগৰ যুটীয়া সঞ্চালক মণিৰুদ্দিন আহমেদৰ নাম তেওঁ কৃতজ্ঞতাৰে উল্লেখ কৰে। দেশৰ বিভিন্ন বাণিজ্য মেলা আৰু প্ৰদৰ্শনীতো সীমান্তই অংশ লৈ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

লিখকঃ ধ্ৰুৱজ্যোতি শৰ্মা, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 6/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate