অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰো ধান

বৰো ধান

দলগাঁৱত বিঘাই প্ৰতি ৪০ মোনকৈ উৎপাদন

দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলত এইবাৰ বৰো ধানৰ খেতি কৰি কৃষকসকলে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ৰাজহ খেতাশ্বৰ আৰিমাৰী কুঁৱৰী পুখুৰী, চমুৱাঘাট, ৰজাপুখুৰী, কামাৰপাৰা, ঘেনামাৰী, ভকতপাৰা আদি অঞ্চলৰ একাংশ কৃষকে এইবাৰ প্ৰদৰ্শনীমূলকভাৱে খেতি কৰি বিঘাই প্ৰতি ৪০ মোনলৈ উৎপাদন কৰিবলৈ সক্ষম হৈছে। ৰাজাপুখুৰীৰ ৰমজান আলী, চমুৱাঘাটৰ জামালউদ্দিন নামৰ কৃষক দুজনে প্ৰকাশ কৰা মতে, তেওঁলোকে ছাভা-১২৭ প্ৰজাতিৰ বীজেৰে খেতি কৰি প্ৰতি বিঘাত ৪০ মোনকৈ ধান উৎপাদন কৰিব পাৰিছে। তেওঁলোকে পৰম্পৰাগত পদ্ধতিত খেতি কৰিয়ে এই বৃহৎ পৰিমাণৰ ধান উৎপাদন কৰিছে। বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিলে এই বীজ ব্যৱহাৰ কৰি প্ৰতি বিঘাই প্ৰায় ৪৫ মোনকৈ ধান উৎপাদন কৰিবলৈ সক্ষম হ’লহেঁতেন বুলিও মন্তব্য কৰিছে। খেতাশ্বৰৰ আবুল কালাম, মগৰৱ আলীয়ে চলিত বৰ্ষত ছাভা-১২৭ৰে খেতি কৰি ৩৭-৪০ মোন পৰ্যন্ত ধান লাভ কৰিছে। বৰো ধানৰ প্ৰদৰ্শনীমূলক খেতি পৰিদৰ্শন কৰিবলৈ অহা দৰং জিলা কৃষি বিভাগৰ ক্ষেত্ৰ অনুসন্ধানকাৰী কৰ্মী সুশীল শইকীয়াৰ মতে ছাভা-১২৭ প্ৰকাৰৰ বীজেৰে খেতি কৰি ৩৫/৪০ মোনকৈ ধান উৎপাদন হোৱাটো কৃষকৰ বাবে আশাৰ বতৰা। মাথো ছাভা-১২৭ৰে নহয়, অন্যান্য উন্নতজাতৰ বৰ্ণসংকৰ ধানৰ বীজ ব্যৱহাৰ কৰিও দলগাঁৱত ধান উৎপাদনত কৃষক ৰাইজে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্ণ সংকৰ ধানৰ বীজেৰে খেতি কৰাৰ সময়ত বতৰ-মাটিৰ গুণাগুণৰ লগতে কীট-পতংগৰ সম্ভাৱ্য আক্ৰমণৰ প্ৰতি দৃষ্টি ৰাখি সেইমতে ব্যৱস্থা গ্ৰহণ কৰিলে কৃষক ৰাইজ অধিক উপকৃত হ’ব বুলিও তেওঁ মন্তব্য কৰিছে।

লিখক: শ্বেখ আব্দুল্লা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate