বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ কেইবাখনো গাঁৱত আনাৰস খেতি কৰি অধিক উৎপাদন লাভ কৰি সফলতা অৰ্জন কৰিছে কৃষকসকলে। অঞ্চলটোৰ পাহাৰীয়া-এঢলীয়া মাটিত এই আনাৰস খেতি যথেষ্ট পৰিমাণে হোৱা দেখা গৈছে। অঞ্চলটোৰ পাটকীজুলি, কালঝাৰ, খৰতোলা, শান্তিপুৰ আদি গাঁৱৰ পুৰূষ-মহিলা কৃষকসকলে ১-২ কঠাৰপৰা ৯-১০ বিঘা পৰ্যন্ত মাটিত পৰম্পৰাগত পদ্ধতিৰে বছৰ বছৰ ধৰি আনাৰসৰ খেতি কৰি আহিছে। সাধাৰণতে অঞ্চলটোৰ প্ৰতিটো পৰিয়ালতেই আনাৰসৰ খেতি অলপ-অচৰপ আছেই। অঞ্চলটোৰ কৃষিভূমি আনাৰস উৎপাদনৰ বাবে উৎকৃষ্ট। আনহাতে, সীমান্তৱৰ্তী অঞ্চলৰ কৃষিভূমিসমূহ বৰষুণৰ পানী জমা নোহোৱা পাহাৰীয়া এঢলীয়া হোৱাৰ বাবে আনাৰসৰ উৎপাদন যথেষ্ট পৰিমাণে হয়। ফলবোৰ অতি সুস্বাদু হয়।
বৃহত্তৰ অঞ্চলটোত প্ৰায় ৫০ বিঘাৰো অধিক কৃষিভূমিত আনাৰসৰ খেতি কৰা হৈছে। বিশেষতঃ তামোলবাৰীৰ মাজত, আন পতিত ভূমিত এই আনাৰসৰ খেতি কৰা হৈছে। সাধাৰণতে এনেবোৰ মাটিত অলপ যতন ল’লেই আনাৰসৰ খেতি হয়। চাফ-চিকুণ কৰি খেতিডৰাৰ যতন ল’লে উৎপাদন অধিক বৃদ্ধি হয়।
চাৰি-পাঁচ বছৰৰ মূৰে মূৰে আনাৰসৰ পোখাবোৰ ভাঙি নতুনকৈ ৰোপণ কৰা হয় বুলি অঞ্চলটোৰ কৃষকসকলে কয়। অঞ্চলটোৰ মালতী নাৰ্জাৰী, লুইচ মুৰ্মু, মকচালী মুছাহাৰী, মলয় বসুমতাৰী, চেবিষ্ট চোৰেণ, ৰশ্মি মুৰ্মুকে ধৰি কেইবাগৰাকীও কৃষকে জনোৱা মতে, আনাৰসৰ ফলবিলাক জুন-জুলাই মাহত চপাব পাৰি। তাৰ পিছত অক্টোবৰ মাহমানত পুনৰ এবাৰ ফলবোৰ পকিবলৈ ধৰে। কিন্তু জুন-জুলাই মাহত গৰমৰ দিনত আনাৰসৰ উৎপাদন অধিক হয়।
কোনো চৰকাৰী সাহায্য অবিহনেই অথবা কোনোধৰণৰ সাৰ-পানী যোগান নধৰাকৈয়ে কম কষ্টত আনাৰসৰ খেতি কৰি কৃষকসকল অধিক লাভান্বিত হৈ আহিছে। মহিলাসকল এই কৃষি কাৰ্যত বেছি উৎসাহী হোৱা দেখা গৈছে। আনাৰসৰ থলুৱা, ছিঙাপুৰী আৰু বিলাহী এই তিনি ধৰণৰ জাত আছে বুলি জানিবলৈ দি তেওঁলোকে বজাৰত তিনিওবিধ বজাৰত তিনিওবিধ আনাৰসৰ চাহিদা অতি উৎসাহজনক বুলি কয়।
তেওঁলোকে প্ৰকাশ কৰা মতে, জাতবোৰৰ বিপৰীতে আনাৰসৰ বজাৰ দাম নিৰ্দ্ধাৰণ কৰা হয়। লক্ষণীয়ভাৱে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলটোৰপৰা উৎপাদিত আনাৰসে স্থানীয় বজাৰসমূহৰ উপৰি ভূটানৰ বজাৰ আৰু ৰঙিয়া, গুৱাহাটী, বৰপেটা, পাঠশালা, নলবাৰীৰ বজাৰতো দখল লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি ঘৰতে ব্যৱসায়ীসকলে যোৰা হিচাপত আনাৰসৰ জাত অনুযায়ী ২০ টকাৰপৰা ৬০ টকা পৰ্যন্ত বিক্ৰী কৰে। অৱশ্যে থলুৱা জাতৰ আনাৰসৰ বজাৰ মূল্য কম বুলিও ক’ব খোজে মহিলা কৃষকসকলে। লক্ষণীয় যে আনাৰসৰ বজাৰখনত ব্যৱসায়ত নামি পৰিছে অঞ্চলটোৰ এচাম মহিলা। মঞ্জু বড়ো, মালতী নাৰ্জাৰী(৬০), সৰোজনী বসুমতাৰী থিমফি মুছাহাৰী, জংখ্ৰি বসুমতাৰী আদি মহিলাসকলৰ লগতে পুৰূষসকলেও কম-বেছি পৰিমাণে আনাৰসৰ ব্যৱসায়ত মানি পৰিছে।
তামুলপুৰ, কুমাৰীকাটা, খৈৰাণী, পাটকীজুলি দৰঙামেলা, কাউলী, গুৱাবাৰী অঞ্চলৰ বজাৰসমূহত গ্ৰাহকৰ মাজত আনাৰসৰ চাহিদা যথেষ্ট বৃদ্ধি পাই অহাত ব্যৱসায়ী আৰু কৃষকসকল উৎসাহী হৈ পৰিছে। অৱশ্যে আনাৰসৰ সংৰক্ষণ আৰু ইয়াৰপৰা শীতল পানীয়, ফলৰ ৰস উৎপাদন কৰাৰ ব্যৱস্থাৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিয়াত তেওঁলোক কিছু পৰিমাণে আশাহত হৈ পৰাও দেখা গৈছে। আনাৰসৰ কৃষকসকলক দিহা-পৰামৰ্শ দিলে আৰু চৰকাৰী সা-সুবিধা আগবঢ়ালে তেওঁলোক অধিক লাভৱান হোৱাৰ সুযোগ আছিল।
ভাৰত-ভূটান সীমান্তত কৃষি-উদ্যোগ-বাণিজ্য বিভাগে আনাৰসৰ খেতিত গুৰুত্ব দি থলুৱাভাৱে উৎপাদিত আনাৰসক লৈ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিবও পাৰে। ফ্ল-মূল সংৰক্ষণৰ ওপৰত গুৰুত্ব দি দৰঙামেলা অঞ্চলত কৃষি বিভাগে এক উদ্যোগ গঢ়ি তুলিলে থলুৱা আনাৰসৰ কৃষকসকল অধিক উপকৃত হোৱাৰ থল আছে।
লিখকঃ উৎপল ডেকা, দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 3/16/2020