অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাকৈ খেতিৰে উজলিছে হাজোৰ চৰ-চাপৰিৰ বহু কৃষক

মাকৈ খেতিৰে উজলিছে হাজোৰ চৰ-চাপৰিৰ বহু কৃষক

বহিঃৰাজ্যত উৎপাদিত যথেষ্ট পুষ্টিকৰ আৰু প্ৰ’টিনযুক্ত মাকৈৰে ৰাজ্যখনৰ বজাৰ দখল কৰাৰ সময়তে তীৰ্থনগৰী হাজোত মাকৈ খেতিৰে সূচনা কৰিছে সেউজ বিপ্লৱৰ। বিশেষতঃ চৰাঞ্চলৰ কৃষক ৰাইজে ৰাজ্যখনলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনৰ, বিশেষকৈ হাজোৰ চৰাঞ্চলৰ উৎপাদিত মাকৈ খেতিৰে কৃষকে নিজে স্বাৱলম্বী কৰি গঢ়ি তোলাৰ লগতে পৰিয়াল পোহ-পালনৰ দায়িত্ব বহন কৰাটো সহজসাধ্য কৰি তুলিছে। আনকি এই অঞ্চলত উৎপাদিত মাকৈৰ ব্যৱসায় কৰি অনেক শিক্ষিত-অৰ্ধশিক্ষিত যুৱকেও নিজকে আত্মনিয়োগ কৰাৰ পথ প্ৰশস্ত কৰি তুলিছে। এনে প্ৰশংসনীয় কৃষি-কৰ্মৰ সৈতে জড়িত হৈ পৰিছে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ১নং ভেলকৰ, তাপাবড়ি, চৰ আৰু গেন্ধেলিবাৰী চৰৰ কৃষক ৰাইজ। উক্ত চৰাঞ্চলৰ প্ৰায় ৩০ হাজাৰ বিঘা কৃষিভূমিত লগাইছে মাকৈ খেতি আৰু উৎপাদিত মাকৈৰে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ বজাৰ দখল কৰিবলৈ সমৰ্থ হৈছে। বিশেষকৈ এই চৰাঞ্চলৰ চৰকাৰী স্বীকৃতিৰ পৰা বঞ্চিত আদৰ্শ কৃষক ৰূপে পৰিচিত মহিৰুদ্দিন আলীয়ে ৩০ বিঘা, হাচমত আলীয়ে ১২ বিঘা, আলাউদ্দিন আলীয়ে ৮ বিঘা, কালাম আলীয়ে ১০ বিঘা, চৰুত আলীয়ে ১০ বিঘা, নুৰ আলীয়ে ৫ বিঘা, আশ্ৰফ আলীয়ে ১২ বিঘা মাটিত মাকৈ খেতি কৰি নিজকে আৰ্থিকভাৱে স্বচ্ছল কৰাৰ এটি মাত্ৰ সামান্য নিদৰ্শনহে। কিয়নো এই অঞ্চলৰ প্ৰতিগৰাকী কৃষকে আৰম্ভ কৰিছে মাকৈ খেতি। লক্ষণীয় কথাটো হ’ল এই অঞ্চলৰ কৃষকসকলে এডৰা ভূমিত প্ৰতিবছৰে লগাই আহিছে দুবাৰকৈ মাকৈ খেতি। প্ৰথমবাৰ লগোৱা মাকৈ কাটি বজাৰত উলিয়াই দিয়াৰ লগে লগে সেইডৰা ভূমিত পুনৰ ৰোপণ কৰিছে মাকৈ। বাৰিষাৰ প্ৰাকক্ষণত সেইবোৰো চপোৱা সম্ভৱ হৈ উঠিব। প্ৰতিবিঘা ভূমিত উৎপাদিত মাকৈ বিক্ৰী কৰি প্ৰায় পোন্ধৰ হাজাৰ টকা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। ইফালে, মাকৈ গছৰ পাতবোৰ গৰু, ম’হৰ খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ উপৰি গা-গছডাল খৰি হিচাপে ব্যৱহাৰ কৰি ৰন্ধন প্ৰক্ৰিয়াও খৰস্বান্ত নোহোৱাকৈ চম্ভালি আহিছে।

উৎসঃ নিয়মীয়া বাৰ্তা, ছাহজাহান ইছলাম, হাজো।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate