অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মালভোগ কল, মৌচুমীৰ খেতিৰে আত্মসংস্থাপন তামুলপুৰৰ পূৰ্ণ ব্ৰহ্মৰ :

মালভোগ কল, মৌচুমীৰ খেতিৰে আত্মসংস্থাপন তামুলপুৰৰ পূৰ্ণ ব্ৰহ্মৰ :

 

তামুলপুৰ মহকুমাৰ পূব প্ৰান্তৰ পূব কচুকাটা গাঁৱৰ শিঙিমাৰী চুবুৰিৰ বাসিন্দা ললিত ব্ৰহ্মৰ একমাত্ৰ পুত্ৰ পূৰ্ণ ব্ৰহ্ম। ৩৮ বছৰ বয়সীয়া পূৰ্ণই ঝাৰকোণাৰ জে এন ডি হাইস্কুলত মাত্ৰ দশম শ্ৰেণীলৈ পঢ়ি শিক্ষা জীৱনৰ অন্ত পেলাই ঘৰুৱা কাম-কাজত ব্যস্ত হৈ পৰে। পিতৃ ললিত ব্ৰহ্মৰ নিজা কৃষিভূমিত পিতৃৰ সতে কৃষি কাৰ্যত মনোনিৱেশ কৰে। এনেদৰে ঘৰতে খেতি-বাতি কৰাৰ সমান্তৰালভাৱে পূৰ্ণই তামোল, নাৰিকল, সৰিয়হৰ বেপাৰ-বণিজত লাগি যায়। ইতিমধ্যে পিতৃ ললিত ব্ৰহ্মৰ সতে পূৰ্ণ ব্ৰহ্মই নিজৰ মাটিতে ধান খেতিৰ পৰিসৰ কমাই আনি ২০০০ চনৰপৰা মালভোগ কলৰ খেতি আৰম্ভ কৰে। পিছৰ বছৰৰপৰা পূৰ্ণ ব্ৰহ্মই মালভোগ খেতিৰপৰা যথেষ্ট উন্নত ফল লাভ কৰিবলৈ সক্ষম হয়। পূৰ্ণ ব্ৰহ্মই এই প্ৰতিবেদকক জনোৱা মতে, নিজৰ মাটিত উৎপাদিত মালভোগ কল বিক্ৰী কৰি সকলো খৰচ বাদ দি তেওঁ ৭/৮ লাখ টকা পাবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত পূৰ্ণই মনত সাহস লৈ প্ৰায় বিশবিঘাৰো অধিক মাটিত মালভগ কলৰ খেতি কৰিবলৈ আৰম্ভ কৰে। বৰ্তমানলৈ পূৰ্ণ ব্ৰহ্মই মালভোগ কলৰপৰা দহ-বাৰ লাখ টকা অৰ্জন কৰিবলৈ সক্ষম হৈছে। পূৰ্ণই ২০০৮ চনৰপৰা মালভোগ কলৰ মাজে মাজে তামোলৰ পুলি ৰোপণ কৰে। এতিয়া তামোলৰপৰাও উৎপাদন আৰম্ভ হৈছে। দুই-তিনি বছৰৰ্পৰা পূৰ্ণই তামোল বিক্ৰী কৰিও লাখৰ ঘৰত ধন লাভ কৰিছে। অনাগত দিনত পোন্ধৰ বিঘা মাটিৰ তামোলৰ খেতিৰ পৰা তেওঁ অধিক উপাৰ্ৰ্নৰ আশা কৰিছে।

আনহতে, তেওঁ এখন তামোলৰ পুলিৰ নাৰ্ছাৰীও আৰম্ভ কৰিছে। তামোলৰ মাজে মাজে বৈজ্ঞানিক পদ্ধতিৰে মৌচুমী গছৰ পুলিও ৰোপণ কৰিছে। মৌচুমী গছবোৰেও দুবছৰৰপৰা ফল দিব ধৰিছে। পূৰ্ণই জনোৱা মতে, যোৱা দুবছৰত তেওঁ তিনি-চাৰি কুইন্টল মৌচুমী উৎপাদন কৰিবলৈ সক্ষম হৈছে। এই দুবছৰত উৎপাদন হোৱা মৌচুমী প্ৰতি কিলোগ্ৰামত ৩০/৩২ টকা দৰত তেওঁ বিক্ৰী কৰিছে। আনহাতে, মালভোগ কলৰ প্ৰতি আখিত ৩০/৩২ টকা দৰত ৰঙিয়া, গুৱাহাটী, বোৰ্কা, ডিমু, হাজো আদি ঠাইত বেপাৰী্যে ঘৰৰপৰাই নিজে লৈ যায় বুলি তেওঁ জানিবলৈ দিছে। এনে বৃহৎ পৰিমাণৰ খেতিৰ বাবে পূৰ্ণই কোনো দিনে চৰকাৰী সা-সুবিধা পোৱা নাই। আনকি কৃষি বিভাগৰপৰাও কোনো সুবিধা লাভ কৰা নাই বুলি তেওঁ জনায়। পূৰ্ণই কোনো চৰকাৰী চাকৰি নিবিচাৰি পিতৃৰ স’তে সৰু কালতে খেতি আৰম্ভ কৰি আজি আত্মসংস্থাপিত হোৱাৰ লগতে গাঁৱৰ কেইবাজনো লোকক নিজৰ মালভোগ কল, মৌচুমী আৰু তামোলৰ বাগিচাত শ্ৰমিক হিচাপে সংস্থাপন দিব পাৰিছে। এনেদৰে এজন সফল কৃষক হিচাপে থিয় দি পূৰ্ণ ব্ৰহ্মই ঘৰখন চম্ভালি ল’ৰা-ছোৱালীক শিক্ষাগ্ৰহণৰ সুবিধা কৰি দিয়াৰ লগতে পোহপাল দি আহিছে। আগন্তুক দিনত পূৰ্ণই আৰু বিশ বিঘা মাটিত মৌচুমী আৰু মালভোগ কলৰ খেতি কৰাৰো পৰিকল্পনা হাতত লৈছে বুলি কয়। অতি কম শিক্ষাগ্ৰহণ কৰিও যে নিজৰ মন-মগজু খটাই বুকুত সাহস বান্ধি সুন্দৰ পৰিকল্পনাৰে নিজ গাঁৱতে আত্মসংস্থাপনৰ দিহা কৰি আন দহজনকো সংস্থাপনৰ সুবিধা দিয়া পূৰ্ণ সকলোৰে বাবে আদৰ্শ হোৱা উচিত।

লেখক: উৎপল ডেকা(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate