অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মালভোগ কলৰ খেতিঃ বাগ্‌সাৰ ছয় যুবকৰ স্বাৱলম্বী হোৱাৰ সপোন-

মালভোগ কলৰ খেতিঃ বাগ্‌সাৰ ছয় যুবকৰ স্বাৱলম্বী হোৱাৰ সপোন-

 

বাগ্‌সাৰ ছয় যুৱকে চৰকাৰী চাকৰিৰ মোহ ত্যাগ কৰি নিজৰ মাটিডৰাত খেতি কৰি স্বাৱলম্বী হোৱাৰ সপোন ৰচিছে। বাগ্‌সা জিলাৰ টামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মাদালবাৰী গাঁৱৰ ছয় যুৱক সোণাৰাম বড়ো, ৰাজীৱ বড়ো, মংগল বড়ো, ৰাজু বড়ো, কবি বড়ো আৰু মংগল সিং বড়োৱে একেলগে পৃথকে পৃথকে প্ৰায় ৩০ বিঘা মাটিত মালভোগ কলৰ পুলি ৰোপণ কৰি স্বাৱলম্বী হ’বলৈ প্ৰয়াস কৰিছে। ৩০ বিঘা মাটিত কেইবা হাজাৰ পুলি ৰোপণ কৰি প্ৰতিবিঘাৰ পৰা বছৰি ২ লাখ টকা পৰ্যন্ত উপাৰ্জনৰ পথ বাছি লোৱা বুলি তেওঁলোকে জানিবলৈ দিয়ে। যোৱা দুবছৰ পূৰ্বে পৰীক্ষামূলকভাৱে মংগল বড়োৱে প্ৰথমে দুবিঘা মাটিত মালভোগ কলৰ পুলি ৰোপণ কৰি এবছৰত মালভোগ কল বিক্ৰী কৰি ২ লাখ টকা পাবলৈ সক্ষম হয়। প্ৰথম বছৰতে মংগল বড়োৱে লাভৰ মুখ দেখাৰ পাছত পৰৱৰ্তী বৰ্ষত ছয় যুৱকে একেলগ হৈ ৩০ বিঘা মাটিত মালভোগ কলৰ পুলি ৰোপণ কৰে। সম্প্ৰতি এই খেতিডৰাতে ব্যস্ত এই সুশিক্ষিত নিৱনুৱা যুৱককেইজন। ব্যৱসায় ভিত্তিত গঢ়ি তোলা মালভোগ কলৰ বাগানৰ বাবে আৰ্থিক সংকটত ভোগাৰ কথা সদৰী কৰে তেওঁলোকে। খেতি কৰিবলৈ প্ৰথমে অৰ্থৰ যথেষ্ট প্ৰয়োজন, কিন্তু তেওঁলোকৰ হাতত সেই পৰিমাণৰ ধন নথকাত হতাশ নহৈ ক্ষুদ্ৰ সঞ্চয়ৰ পৰা ঋণ লৈ মালভোগ কলৰ বাগান আৰম্ভ কৰে। নৰেন্দ্ৰ মোদী চৰকাৰে কৃষকৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰিছে যদিও বাগানৰ এই যুৱককেইজনক আজিও ঢুকি পোৱা নাই। কৃষি বিভাগৰ জৰিয়তে চৰকাৰৰ পৰা কিছু আৰ্থিক সাহায্য পালে যথেষ্ট সকাহ পাব বুলি যুৱককেইজনে জানিবলৈ দিয়ে। উল্লেখ্য যে চাকৰিৰ আশা পালি চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে দৌৰাৰ পৰিৱৰ্তে নিজৰ চিন্তা-চৰ্চাৰে আৰ্থিক সংকটৰ মাজতো নিজক স্বাৱলম্বী কৰাৰ লক্ষ্য স্থিৰ কৰি হাতে-কামে আগবঢ়াত যুৱচামৰ মাজত আদৰ্শ হৈ পৰিছে বাগ্‌সাৰ সোণাৰাম, ৰাজীৱ মংগল, ৰাজু, কবি আৰু মংগল সিং বোড়ো।

(উৎসঃ নিয়মীয়া বাৰ্তা, চাণক্য বৈশ্য, বাগানপাৰা)।

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate