অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মীন পালনেৰে ব্যৱসায়িক সফলতা নলবাৰীৰ দেৱজিতৰ

মীন পালনেৰে ব্যৱসায়িক সফলতা নলবাৰীৰ দেৱজিতৰ

 

নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ সমীপৱৰ্তী নানকাৰভয়ৰা গাঁৱৰ চফল যুৱক দেৱজিৎ বৰ্মন ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এজন প্ৰ্তিষ্ঠিত মীনপালক।১৯৯৭ চনত বৰ্মনে হাপা পদ্ধতিৰে পোনা উৎপাদন আৰম্ভ কৰে।এইক্ষেত্ৰতো পুৰামাত্ৰাই সফল দেৱজিৎ ।পোনা উৎপাদনৰ সফলতাই দেৱজিতক বাৰুকৈয়ে উৎসাহিত কৰে।দুৰ্বাৰ গতিৰে চলাই যায় মীনপালন আৰু মীন পোনা উৎপাদন।পাম সম্প্ৰসাৰণো চলি থাকিল সমান্তৰালভাৱে।বিভিন্ন অব্যৱহৃত ন ন পুখুৰী বন্দৱস্তিত লৈ অব্যাহত ৰাখে নীল বিপ্লৱৰ জয়যাত্ৰা।১৯৯৮ চনত বৰ্মনে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰে চীন দেশীয় আৰ্হিৰ মীন পোনা উৎপাদন কেন্দ্ৰ।ৰাজ্যখনত গুণগত মানৰ পোনা উপলব্ধতাৰ দিশত দেৱজিতৰ বৰঙণি অনস্বীকাৰ্য।পৰৱৰ্তী সময়ত দেৱজিতে বিভিন্ন সমন্বিত পালন যেনে-সমন্বিত গাহৰি আৰু মীনপালন,সমন্বিত ছাগলী আৰু মীন পালন,সমন্বিত হাঁহ আৰু মীনপালন আদিও সফলতাৰে ৰুপায়ণ কৰে।বিভিন্ন সুকীয়া সুকীয়া কৰ্ম গোটেৰে দেৱজিতৰ পামখন সমৃদ্ধ।

দেৱজিতৰ আজিৰ উত্তৰণত চৰকাৰ তথা বিভাগীয় সহযোগিতাও স্বীকাৰ কৰিবই লাগিব।বিভিন্ন সময়ত কাৰিকৰীভাৱে উদ্বুদ্ধ হৈছে দেৱজিতে।উল্লেখ্য যে দেৱজিতে ৰাজ্যত কেইবাটাও নতুন পালনীয় মাছ সুচনা কৰাৰ লগতে এইসমুহৰ পোনা উৎপাদন কৰি মীনপালকলৈ বিলাই দিছে।তাৰে ভিতৰত নিৰ্বাচিত প্ৰজননৰ দ্বাৰা সৃষ্ট জয়ন্তী ৰৌ আৰু হাংগেৰী মুলৰ আমুৰ কাৰ্প বিশেষ উল্লেযোগ্য।উচ্চ বাঢ়ন ক্ষমতাসম্পন্ন জয়ন্তী ৰৌ ভুৱনেশ্বৰৰ কেন্দ্ৰীয় অলৱনীয় জলস্ংবৰ্ধন প্ৰতিষ্ঠানৰ সৃষ্ট (Central institute of fresh water Aquaculture)  ।সেইদৰে অতি উচ্চ বাঢ়ন ক্ষমতাসম্পন্ন আমুৰ কাৰ্পৰ পোনা উৎপাদনো কৰা হয় দেৱজিতৰ পামত।তেওঁৰ পাম অৰ্থাৎ মীনপালন সংক্ৰান্তীয় কাম-কাজত ভালেসংখ্যক যুৱক-যুৱতীয়ে লাভ কৰিছে স্বনিয়োজন।এইসকলে আনন্দৰে কৰ্ম কৰি জীৱন জীৱিকা নিশ্চিত কৰিছে দেৱজিতৰ মীনপালনৰ জৰিয়তে।সমান্তৰালভাৱে দেৱজিতৰ পামত নিয়োজিত কৰ্মচাৰীসকলো আজি অত্যন্ত সুখী।তেওঁলোকৰ পৰিয়ালৰ সুখ-স্বাচ্ছন্দ্য আদি জড়িত হৈ আছে দেৱজিতৰ মীন পামৰ লগত।দেৱজিতৰ আজিৰ উত্তৰণত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে চৰকাৰী আৰু বিভাগীয় সহযোগিতাও নুই কৰিব নোৱাৰি।

সকলোৱে দেৱজিতৰ উত্তৰণত যৎপৰোনাস্তি সহযোগিতা কৰিছে।

ৰাজ্যৰ মীন খণ্ডক সমৃদ্ধ কৰিবলৈ দেৱজিতে পুহি ৰাখিছে অলেখ পৰিকল্পনা ।দেৱজিতৰ পৰিকল্পনালানি বাস্তৱায়িত হোৱাটো খাটাং ,তাত কাৰো সন্দেহৰ অৱকাশ নাই।দেৱজিতক সততে উৎসাহিত তথা সহযোগিতা কৰি আহিছে উচ্চ শিক্ষিত শিক্ষয়ত্ৰী পত্নী জাহ্নৱীয়ে।শিক্ষকতা আৰু ঘৰুৱা দায়িত্ব নিয়াৰিকৈ সামৰি আজৰি সময়ত জাহ্নৱী জড়িত হয় মীনপামত।

নিজ অভিজ্ঞতাৰ ভিত্তিত তেওঁ সকলোকে মীনপালনৰ জৰিয়তে আত্মসংস্থাপনৰ পথ প্ৰশস্ত কৰিবলৈ দিহা দিয়ে।কিয়নো অসমৰ মাটি,পানী,জলবায়ু,বৌগালিক অৱয়বৰ পৰিপ্ৰেক্ষিতত মীনপালন এক উত্তম পেছা ।

লেখক:ড০ ধ্ৰুৱজ্যোতি শৰ্মা (নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate