সাধাৰণতে আমাৰ সচৰাচৰ দৃষ্টিগোচৰ হোৱা মৰ্মে প্ৰাচুৰ্য আৰু আভিজাত্যৰ ৰং বিচাৰি মানুহে গাঁৱৰ পৰা নগৰ, চহৰ বা মহানগৰীলৈ ঢাপলি মেলে। আপাত দৃষ্টিত ইয়াতেই প্ৰাচুৰ্যতা আৰু জাকজমকতা লুকাই থাকে যদিও ই মনৰ প্ৰশান্তি দিব নোৱাৰে। বাস্তুবাদী জীৱনযাত্ৰাৰ বাহ্যিকতাৰ পৰা যান্ত্ৰিক আৱহাৱা বাদ দি মনৰ প্ৰশান্তি বিচাৰি সঁচা অৰ্থত এটা জীৱন উপভোগ কৰিবলৈ গ্ৰাম্য জীৱনৰ বিকল্প নাই। মীনপালন এনে এটি পেছা, যাৰ জৰিয়তে স্ব-নিয়োজন, আৰ্থিক স্বচ্ছলতা আৰু নিৰ্মল জীৱন-যাপন কেউটাই সম্ভৱ। এই সাৰাংশখিনি লেখকৰ নহয়, বিভিন্ন কথোপকথনৰ ওপৰত ভিত্তি কৰি মোখনি মৰা উচ্চ শিক্ষিত অধিবক্তা, মীনপালক গোৱালপাৰা জিলাৰ হেকৰাৰ মানৱেন্দ্ৰ দাসৰ অভিমতহে। বৃহৎ অঞ্চলটিৰ একালৰ নেতৃস্থানীয় ব্যক্তি তথা প্ৰয়াত মুক্তিযোদ্ধা কমলাকান্ত দাসৰ নাতিনীয়েক মানৱেন্দ্ৰ দাস। ককাকৰ আমোলৰ পৰাই পৰিয়ালটিৰ নাম যশ-ঐশ্বৰ্য-সম্পদ সম্পৰ্কত কাকো পৰিচয় দিয়াৰ প্ৰয়োজন নহৈছিল। অবিভক্ত দক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলাৰ স্বাধীনতা সংগ্ৰামৰ এটা পৰিচিত নাম কমলাকান্ত দাস। অগাধ পৈতৃক সম্পত্তিৰ গৰাকী মুক্তিযোদ্ধাজনৰ প্ৰতিটো কামতে আছিল নিজস্ব ষ্টাইল আৰু ৰুচিবোধ। খোৱা-বোৱা, পিন্ধা-উৰা, খোজ-কাটল সকলোতে পৰিলক্ষিত হৈছিল সম্ভ্ৰান্ত মৰ্যাদা। বিভিন্ন আকাৰ আৰু জোখৰে প্ৰায় ৪২ বিঘা জলকালি সমৃদ্ধ ৫টা পুখুৰী খন্দোৱাইছিল যদিও উদ্দেশ্য মীনপালন নহয়। উদ্দেশ্য নৌকাবিহাৰ, বৰশী বোৱা আৰু পাৰত বহি নৈসৰ্গিক আনন্দ লাভ কৰা। অতি কৌশলপূৰ্ণভাৱে ৰুচিবোধৰ চূড়ান্ত দৃষ্টিনন্দন পৰিকাঠামোৰে নিৰ্মাণ কৰোৱাইছিল পুখুৰীকেইটা। তাৰে এটা পুখুৰীৰ তোৰণৰ তলেৰে ঘাটলৈ কেৱল মহিলাসকল যাব পৰাকৈ খন্দোৱা। এইদৰেই আভিজাত্য আৰু স্বাভিমানৰ ধ্বজা বহন কৰি সময়ৰ হিচাপত বয়স গণিছিল পুখুৰীকেইটাই। উল্লেখ্য যে ককাকৰ বন্ধু অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ো ইয়াৰ নৈসৰ্গিক শোভা চাবলৈ কেইবাবাৰো আহিছিল আৰু ককাকক মাতিছিল মেনেজাৰ সম্বোধনেৰে। ককাকৰ পাছত পিতাক প্ৰাক্তন অধ্যক্ষ নিৰঞ্জন দাসৰ আমোলতো অৱস্থিতি একেই থাকিল। কালক্ৰমত পৰিয়ালটো গুৱাহাটীলৈ নিগাজিকৈ উঠি আহিল। ডাঙৰ পুতেক মানৱেন্দ্ৰ হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু সৰু পুতেক মনজিৎ হ’ল চিকিৎসক। জীয়েক দুজনীও গুৱাহাটীতে সংস্থাপিত হ’ল চিকিৎসক হিচাপে। গাঁৱৰ সম্পত্তি গাঁৱতেই পৰি থাকিল অবাবত। মানৱেন্দ্ৰও ওকালতিত ব্যস্ত হৈ পৰিল অতি সোনকালে। কামো চলিল অতি সুন্দৰভাৱে। ক্ৰমাৎ মানৱেন্দ্ৰই অনুভৱ কৰিলে ধন-সম্পত্তি, টকা-পইচা সকলোখিনি পাইছোঁ যদিও কৰবাত যেন কিবা হেৰুওৱাৰ বেদনা আছে। পত্নীৰ লগত কথা পাতি ২০০৭ চনত উভতি আহিল গ্ৰাম্যভূমিলৈ। ইতিমধ্যে বাট-পথকে আদি কৰি জীৱন ধাৰণৰ বাবে লাগতিয়াল সকলোখিনিয়েই সুচল হৈছে হেকেৰাত। পলম নকৰি ককাকৰ দিনৰ অব্যৱহৃত পুখুৰীকেইটাত আৰম্ভ কৰিলে মীনপালন। সহায় কৰিব আগবাঢ়ি আহিল বাল্যবন্ধু তথা ৰাজ্যৰ অন্যতম শীৰ্ষস্থানীয় প্ৰগতিশীল মীনপালক আৰু মীন পোনা উৎপাদক ৰাতুল কলিতা (৯৪৩৫২-৬৯৭১৪)। কলিতাৰ কাৰিকৰী দিহা-পৰামৰ্শ আৰু সহযোগিতাতে প্ৰথম বছৰতে উৎপাদন পালে প্ৰায় ১০০ কুইণ্টল মাছ। যিটো আজি মানৱেন্দ্ৰৰ বাবে তেনেই অপ্ৰত্যাশিত। প্ৰথম বছৰৰ সফলতাৰ পাছত দুগুণ উদ্যমেৰে মানৱেন্দ্ৰ জড়িত হ’ল মীনপালনত। লাভো আহিল আশাতীতভাৱে। প্ৰথমতে হাপা পদ্ধতিৰে পোনা উৎপাদন কৰি সফল হৈ যোৱা বছৰৰ পৰা আৰম্ভ কৰিছে চীনদেশীয় আৰ্হিত মীন পোনা উৎপাদন। মানৱেন্দ্ৰৰ মতে মীনপালনৰ দৰে শান্তিত কাম কৰি জীৱনৰ প্ৰশান্তিৰে উপাৰ্জন কৰিব পৰা বৃত্তি আন একো নাই। মীনপামৰ চৌদিশে নিৰ্মল বায়ু-পানীৰ আৱেশত বিচাৰি পোৱা জীৱনৰ মাদকতা তুলনাবিহীন। শেহতীয়াকৈ মানৱেন্দ্ৰই মীনভিত্তিক পৰিৱেশ অনুকূল পৰ্যটনত জড়িত হোৱাৰ কথা চিন্তা কৰিছে, য’ত থাকিব মাছৰ লগত উমলি-জামলি সময় কটোৱাৰ সুযোগ। আপুনিও মানৱেন্দ্ৰৰ (৯৯৫৭৬-৭২৮২৪) লগত বাৰ্তালাপ কৰি বা তেওঁৰ পামখন পৰিদৰ্শন কৰি লাভৱান হ’ব পাৰে। জীৱনক সঁচা অৰ্থত উপভোগ কৰিবলৈ সোঁতৰ বিপৰীতে প্ৰতিষ্ঠা লভা মানৱেন্দ্ৰ আজিৰ সমাজৰ জীয়া আদৰ্শ।
(উৎসঃ নিয়মীয়া বাৰ্তা, ড০ ধ্ৰুৱজ্যোতি শৰ্মা)।
শেহতীয়া উন্নীতকৰণ: : 2/9/2023