অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সীমান্ত সেউজ কৰা কুছি ফুলৰ খেতিত নিয়োজিত হৈ স্বাৱলম্বী হৈছে মহিলা :

সীমান্ত সেউজ কৰা কুছি ফুলৰ খেতিত নিয়োজিত হৈ স্বাৱলম্বী হৈছে মহিলা :

 

কোনো ধৰণৰ সাৰ আৰু ঔষধ প্ৰয়োগ নকৰাকৈয়ে উদ্যান শস্য এবিধৰ জৰিয়তে লাভবান হোৱাৰ আশাৰ বতৰা কঢ়িয়াই আনিছে। উদ্যান শস্যবিধ হ’ল কুছি ফুলৰ খেতি। মহিলাসকলে ঘৰ সৰা কামত ঝাড়ু হিচাপে ব্যৱহাৰ কৰা কুছি ফুলৰ খেতিত কোনোধৰণৰ সাৰ আৰু ঔষধ, পানীৰ প্ৰয়োগৰ প্ৰয়োজন নহয়। অসমৰ কামৰুপ আৰু গোৱালপাৰা জিলাৰ মেঘালয় ৰাজ্যৰ সীমান্তত এতিয়া শ শ বিঘা এই ফুলৰ খেতি। কেইবছৰমান আগতে দুই-এগৰাকী গাৰো সম্প্ৰদায়ৰ খেতিয়কে হাবি-জংঘলত গজা বনৰীয়া কুছি ফুলৰ দেখি সেইবোৰ উভালি আনি ঘৰৰ বাৰীত ৰোপণ কৰিবলৈ আৰম্ভ কৰে। সাধাৰণ যত্নতে লহপহ হোৱা দেখিবলৈ পাই পৰৱৰ্তী পৰ্যায়ত খেতিয়কসকলে সীমান্তত হাবি-জংঘল হৈ এনেয়ে পৰি থকা মাটিত উদ্যান শস্য হিচাপে এই ফুলৰ খেতি কৰিবলৈ আৰম্ভ কৰে। গাৰো সম্প্ৰদায়ৰ খেতিয়কসকলক দেখি বৰ্তমান সীমান্তৰ ৰাভা আৰু বড়ো খেতিয়কসকলেও কুছি ফুলৰ খেতি কৰিছে। এই খেতিত কোনো কষ্টই নাই, মাজে মাজে মাথোঁ গা-গছবোৰৰ মাজত গজি উঠা বন-জংঘল উভালি চাফা কৰাৰ প্ৰয়োজন। ঝাড়ু হিচাপে ব্যৱহাৰ হৈ অহা কুছি ফুল ছিঙাৰ সময় ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহ। মাৰ্চ মাহটো ফুল ছিঙাৰ ভৰ সময়। এপ্ৰিল মাহটোতো অৱশ্যে কুছি ফুল ছিঙে খেতিয়কে।

বৰ্তমানে কুছি ফুল ছিঙা আৰম্ভ হৈছে। ফুল ছিঙা কামত মহিলা মহিলা নিয়োজিত হৈ সীমান্তত সৌন্দৰ্য বৃদ্ধি কৰিছে। এই ফুল ছিঙোতে মহিলাসকলৰ শৰীৰত যাতে গছৰ পাতে কাটিব নোৱাৰে তাৰ বাবে দীঘল দীঘল চোলা পিন্ধি, মুৰত কাপোৰেৰে পাগুৰি বান্ধি লয়। ফুল ছিঙি থকা সময়ত মহিলাসক লক দুৰৈৰ পৰা পুৰুষ নে মহিলা ধৰিবই নোৱাৰি। ওখ ওখ কুছি ফুলৰ গছবোৰে গিলি পেলোৱা খেতিৰ মাজত মহিলাসকলে গান গাই গাই ফুল ছিঙি সীমান্তৰ পৰিৱেশত যেন সোণত সুৱগা চৰায়। পুৱাতে এখন মোনাত দুপৰীয়া খাবলৈ ভাত –পানী নিয়া গোৱালপাৰা জিলাৰ দুধনৈৰ জ্যোতি গাঁৱৰ মহিলা শৰ্মিলা ৰাভাক তেওঁ দিনটোত কিমান ফুল ছিঙিব পাৰে বুলি প্ৰশ্ন কৰিছিলো।  উত্তৰত মহিলাগৰাকীয়ে এটা দিনত আশী কি: গ্ৰামৰ পৰা এশ কি: গ্ৰাম ছিঙিব পাৰে বুলি জনায়। প্ৰতি কি: গ্ৰাম কুছি ফুল ছিঙাৰ বিনিময়ত মহিলাগৰাকীয়ে লাভ কৰে তিনি টকা। সেই হিচাপত তেওঁ এটা দিনত উপাৰ্জন কৰে আঢ়ৈশ টকাৰ পৰা তিনিশ টকা। সীমান্তত ফুল ছিঙি থকা কামৰুপ জিলাৰ বকোৰ চুকুনীয়া পাৰাৰ টিটুলা ৰাভাৰো একেধৰণৰ উত্তৰ। প্ংখে ৰাভা, সৰুমণি ৰাভাকে ধৰি বহু মহিলাই কুছি ফুল ছিঙাত নিয়োজিত হৈ পৰিয়াল চলাই আহিছে। খেতিয়কৰ পৰা ব্যৱসায়ীয়ে ক্ৰয় কৰা খেতিত মহিলাসকল ফুল ছিঙাৰ পৰা আৰম্ভ কৰি ৰ’দত শুকুওৱাৰ লগতে ঝাড়ু হিচাপে বন্ধা কামত নিয়োজিত হয়। বিনিময়ত মহিলাসকলে লাভ কৰে পাৰিশ্ৰমিক। একাংশ মহিলাই খেতি ক্ৰয় কৰি খেতিডৰাৰ পৰা কুছি ছিঙি ব্যৱসায়ীসকলৰ ওচৰত পাইকাৰী মুল্যত প্ৰতি কি: গ্ৰামত কেঁচাতে পোন্ধৰ টকাকৈ বিক্ৰী কৰি আহিছে। যাৰ বাবে কি:গ্ৰাম হিচাপত ফুল ছিঙি পাৰিশ্ৰামিক লাভ কৰা মহিলাসকলতকৈ ব্যৱসায় কৰা মহিলাসকল লাভবান হৈছে। সীমান্তৰ উদ্যানশস্য কুছি ফুলৰ খেতিত নিয়োজিত হৈ দেশৰ অৰ্থনীতিত মহিলাসকলে প্ৰভুত অৰিহণা যোগাইছে।

লেখক: দিগন্ত বৈশ্য (নন্দিনী)

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate